মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অধিক
অসম আৰক্ষীৰ শাখাসমূহ
অসম আৰক্ষী অনাতাঁৰ সংগঠন

প্ৰতিষ্ঠান আৰু প্ৰকল্প

অসম আৰক্ষী অনাতাঁৰ সংগঠন প্ৰশিক্ষণ বিদ্যালয়

অসম আৰক্ষী অনাতাঁৰ সংগঠন প্ৰশিক্ষণ বিদ্যালয় ১৯৪৮ চনত শ্বিলঙত স্থাপিত হয় আৰু ১৯৭৫ চনৰ পৰা ই গুৱাহাটীৰ জালুকবাৰীৰ ৫০ একৰ ভূমিত ই স্থায়ীভাৱে স্থাপিত হয়।

এই প্ৰতিষ্ঠানে আৰক্ষী অনাতাঁৰ যোগাযোগ, বৈদ্যুতিন, টেলিকমিউনিকেশ্যন, তথ্য প্ৰযুক্তি আদি ক্ষেত্ৰৰ লগতে মৌলিক কছৰৎ, নিয়মানুৱৰ্তিতা আদি বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে।

অসমৰ প্ৰশিক্ষাৰ্থীসকলৰ উপৰিও এই বিভাগে ভাৰত চৰকাৰৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী (আইবি, অসামৰিক প্ৰতিৰক্ষা, চিআইএছএফ), ভাৰত চৰকাৰৰ উদ্যোগ (নীপকো), অন্যান্য ৰাজ্যসমূহ (বিহাৰ, চিকিম, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, হাৰিয়ানা) আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্যসমূহ (মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ) লৈ ইয়াৰ সুবিধাসমূহ বিস্তাৰ কৰে।

অসম আৰক্ষী অনাতাঁৰ সংগঠন (এপিআৰঅ) প্ৰশিক্ষণ বিদ্যালয়ৰ ৰাজহ আয়

২০০৮ চনৰ পহিলা জানুৱাৰীলৈ অন্যান্য ৰাজ্যৰ পৰা লাভ কৰা প্ৰশিক্ষণ মাচুল ৰাজ্যিক ৰাজহ ৰূপে চৰকাৰৰ ৰাজকোষত জমা হোৱা মুঠ ২৮৮২০৬৮.৬০ টকা অসম আৰক্ষী অনাতাঁৰ সংগঠন (এপিআৰঅ) ই উপাৰ্জন কৰে।

এমেটিউৰ ৰেডিঅ’ প্ৰশিক্ষণ কাৰ্য্যসূচী

এমেটিউৰ ৰেডিঅ’ অপাৰেটৰ বা এইছএএম সকলে দুৰ্যোগ ব্যৱস্থাপনাৰ দিশত দ্বিতীয় যোগাযোগ সংযোগকাৰী হিচাপে সেৱা আগবঢ়ায় যি সেৱা প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প, বানপানী আদিৰ সময়ছোৱাত অতি উপযোগী ৰূপে পৰিগণিত হয়। এই গোটৰ সহযোগত প্ৰশাসনে ক্ষিপ্ৰতাৰে আৰু সময়মতে উদ্ধাৰ অভিযান চলাবলৈ সমৰ্থ হয়।

এটি প্ৰচাৰমূলক কাৰ্য্যসূচী হিচাপে ২ আগষ্ট ২০০৪ ৰ পৰা ৩০ অক্টোবৰ ২০০৪ লৈ ‘এপিআৰঅ’ ই এমেটিউৰ ৰেডিঅ’ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আয়োজন কৰে। ইয়াত অসম আৰক্ষীৰ পাঁচগৰাকী প্ৰতিযোগীয়ে মুখ্য অভিযন্তা (ইআৰ), ৱায়াৰলেছ মনিটৰিং ওৰ্গেনাইজেশ্যন ৰিজিয়ন্যাল হেডকোৱাৰ্টাৰ (ইষ্ট), কলকাতাৰ দ্বাৰা প্ৰদান কৰা প্ৰমাণপত্ৰ লভি GD-1 আৰু GD-2 অনুজ্ঞা লাভ কৰি সফলতা লাভ কৰে।

ক্ৰমিক সংখ্যানামঠিকনাএএছঅচি গ্ৰেড
শ্ৰী তেহেৰুদ্দীন আহমেদএপিআৰঅ ট্ৰেনিং স্কুল, জালুকবাৰী, গুৱাহাটী ১৩I
শ্ৰী ভৱ কুমাৰ বৰাএপিআৰঅ ট্ৰেনিং স্কুল, জালুকবাৰী, গুৱাহাটী ১৩II
শ্ৰী বিমল চন্দ্ৰ ফুকনএপিআৰঅ ট্ৰেনিং স্কুল, জালুকবাৰী, গুৱাহাটী ১৩II
শ্ৰী প্ৰসেনজিৎ সিংহএপিআৰঅ ট্ৰেনিং স্কুল, জালুকবাৰী, গুৱাহাটী ১৩II
শ্ৰী দীপক কৈৰী১ নং এপিটিএফ বেটেলিয়ন, দকুৰ্ভিতা, গোৱালপাৰাII

এনআইএআৰ – এপিআৰঅ এমেটিউৰ ৰেডিঅ’ চেণ্টাৰ

অসম আৰক্ষীৰ দুৰ্যোগ ব্যৱস্থাপনা উদ্যোগৰ এক অংশ হিচাপে এনআইএআৰ – এপিআৰঅ এমেটিউৰ ৰেডিঅ’ চেণ্টাৰ নেচন্যাল ইনষ্টিটিউট অৱ এমেটিউৰ ৰেডিঅ’, হায়দৰাবাদ শ্ৰী পি এম দোস্তিদাৰ, আইজিপি (কমিউনিকেশ্যন) আৰু আৰক্ষী সঞ্চালক (Commn), অসম আৰু এনআইএআৰ, হায়দৰাবাদৰ অধ্যক্ষ আৰু সঞ্চালক শ্ৰী এছ সুৰিৰ উদ্যোগত স্থাপন কৰে।

অসম পলনেট

অসম আৰক্ষীৰ অধুনিকীকৰণ আঁচনিৰ অধীনত সংসাধন কৰা হোৱা ডেডিকেটেড ছেটেলাইট বেছড নেচন্যাল পুলিচ টেলিকমিউনিকেশ্যন প্ৰজেক্ট ২০০৫ চনৰ ১৮ জুলাই তাৰিখে গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান আৰু অন্য উচ্চপদস্থ বিষয়াৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰে। দেশৰ আৰক্ষী যোগাযোগ ব্যৱস্থা আধুনিকীকৰণৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ দ্বাৰা গঠিত ‘পলনেট’ হৈছে এক বিশেষ আঁচনি।

এই ‘পলনেট’ ই দেশৰ ৰাজধানীৰ পৰা ৰাজ্যৰ ৰাজধানীলৈ আৰু জিলা মুখ্য কাৰ্য্যালয়সমূহলৈ স্বৰ, তথ্য, ফেক্স আৰু কম্পিউটাৰ কমিউনিকেশ্যনৰ যোগেদি যোগাযোগৰ সংযোগ ব্যৱস্থা প্ৰদান কৰে। অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, আইজিপি আৰু ডিপি (চি) য়ে স্বাক্ষৰ কৰা এটি উদ্বোধনী ফেক্স বাৰ্তা অসম ‘পলনেট’ ৰ জৰিয়তে অসমৰ আটাইবোৰ জিলালৈ প্ৰেৰণ কৰা হয়। সঞ্চালক (চি এণ্ড এম এছ), শ্ৰী ভি ভি আৰ শাস্ত্ৰীৰ সঞ্চালনাত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত ভাৰত ইলেকট্ৰ্নিকছ লিমিটেড, বাংগালোৰ আৰু গাজিয়াবাদৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে আৰু অসমত ‘পলনেট’ ব্যৱস্থাৰ সঠিক পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো দিহা-পৰামৰ্শ আৰু সেৱা আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰে।