মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অধিক
অসম আৰক্ষীৰ শাখাসমূহ
সীমা

নিয়োজন

সমূহ জিলা

অবৈধ বিদেশী নাগৰিকক আটক কৰিবলৈ আৰু বহিষ্কাৰ কৰিবলৈ আৰু ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাৰে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ অসম আৰক্ষী সীমা বিষয়াসকলক অসমৰ সকলো জিলাতে নিযুক্ত কৰা হয়।

দ্বিতীয় শাৰী প্ৰতিৰক্ষা

১৯৯৯ চনৰ ১৮ মাৰ্চ তাৰিখে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত নতুন দিল্লীত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকত সীমা সুৰক্ষা বলৰ পিছত দ্বিতীয় শাৰী প্ৰতিৰক্ষা হিচাপে অনুপ্ৰৱেশকাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আৰু অবৈধ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ এটি শক্তি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্ত অনুসৰি অসমৰ তিনিখন সীমান্তবৰ্তী জিলা ধুবুৰী, কাছাৰ আৰু কৰিমগঞ্জ ত তিনিটা মুখ্য কাৰ্য্যালয় স্থাপনেৰে ২৮ টা দ্বিতীয় শাৰী প্ৰতিৰক্ষা গোট বিঅপি স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বৰ্তমানে ১২ সংখ্যক বিঅপি আৰু দুটা কাৰ্য্যকৰীক মুখ্য কাৰ্য্যালয়ে সীমিত উপলব্ধ সম্পদেৰে কাম কৰি আছে। পৰৱৰ্তী সময়ত প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সকলো সা-সুবিধা উপলব্ধ হ’লে বাকী থকা বিঅপি সমূহক কাৰ্য্যক্ষম কৰি তোলা হ’ব। এই বিষয়ত অসম চৰকাৰৰ ওচৰত মেম’ সংখ্যা ADGP(B)/III(A)construction/225/2006/5812 dtd. 05.10.2006 জৰিয়তে বিঅ’পি আৰু দুটা কাৰ্য্যকৰীক মুখ্য কাৰ্য্যালয় নিৰ্মাণৰ প্ৰস্তাৱ দাখিল কৰা হৈছে।

  • ২৮ সংখ্যক বিঅ’পি আৰু তিনিটা কাৰ্য্যকৰীক মুখ্য কাৰ্য্যালয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হয়। এই বিঅ’পি সমূহ ধুবুৰীৰ বাবে ১৪ টা, কাছাৰৰ বাবে তিনিটা আৰু কৰিমগঞ্জৰ বাবে ১১ টা।
  • ১১ সংখ্যক বিঅ’পি ৰ বাবে নিধি মোকলাই দিয়া হয়।
  • ১১ সংখ্যক বিঅ’পি ৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হয়।
  • নিয়োগ কৰা ব্যক্তিৰ সংখ্যা (ধুবুৰী :: ৪২ গৰাকী, কৰিমগঞ্জ :: ২৯ গৰাকী, কাছাৰ :: ০ মুঠ নিয়োজিত ব্যক্তিৰ সংখ্যা :: ৭১ গৰাকী)
  • জিলা অনুসৰি কাৰ্য্যক্ষম বিঅ’পি ৰ সংখ্যা – ধুবুৰী ৬ টা, কাছাৰ দুটা আৰু কৰিমগঞ্জ ৬ টা লগতে দুটা কাৰ্য্যকৰীক মুখ্য কাৰ্য্যালয়।

পিপি (পেট্ৰল পোষ্ট)

দ্বিতীয় শাৰী প্ৰতিৰক্ষা ব্যৱস্থা ‘বিঅ’পি’ৰ উপৰিও ১৫ সংখ্যক পিপি অৰ্থাৎ পেট্ৰল পোষ্ট আছে যি অসমৰ সীমান্তবৰ্তী জিলা ধুবুৰী আৰু কৰিমগঞ্জত অৱস্থিত। পিপি (পেট্ৰল পোষ্ট) ৰ কাম হৈছে অনুপ্ৰৱেশকাৰীৰ অনুপ্ৰৱেশ প্ৰতিৰোধ কৰা।

আইচিপি (ইমিগ্ৰেশ্যন চেক পোষ্ট)

অসমৰ সীমান্তবৰ্তী দুখন জিলা ধুবুৰী আৰু কৰিমগঞ্জত ৰাজ্যত প্ৰৱেশ কৰা যান-বাহনৰ যাত্ৰীৰ বৈধ নথিপত্ৰ পৰীক্ষা কৰিবলৈ ছয়টা আইচিপি (ইমিগ্ৰেশ্যন চেক পোষ্ট) আছে। মেম’ সংখ্যা ADGP(B)/III(A)/65/2006/5713 dtd. 25.09.2006 জৰিয়তে চৰকাৰৰ ওচৰত পিপিচিপি সমূহৰ উন্নয়ন আৰু সবলীকৰণৰ বাবে এটি প্ৰস্তাৱ দাখিল কৰা হৈছে।

যুটীয়া পহৰা ব্যৱস্থা

ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাত অসম আৰক্ষী সীমা সংগঠন আৰু সীমা সুৰক্ষা বলে যুটীয়াভাৱে পহৰা দি আহিছে।

নিৰীক্ষণ চকী

অসম আৰক্ষী সীমা সংগঠনৰ বিষয়াসকলক অসমত অনুপ্ৰৱেশৰ সাম্ভাব্য ক্ষেত্ৰ থকা ২০ খন জিলাত স্থাপিত ১৫৯ টা নিৰীক্ষণ চকীত নিয়োগ কৰা হৈছে যাতে এই বিষয়াসকলে অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাই তেওঁলোকৰ বিৰুদ্ধে উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

জিলা অনুসৰি নিৰীক্ষণ চকীৰ সংখ্যা

ক্ৰমিক নংজিলামুঠ নিৰীক্ষণ চকীৰ সংখ্যাকাৰ্য্যকৰীঅকাৰ্য্যকৰী
ধুবুৰী২৪১২১২
দক্ষিণ শালমৰা১৩
মৰিগাওঁ 
নগাওঁ১২১২ 
হোজাই১১১১ 
কোকৰাঝাৰ
কৰিমগঞ্জ 
শোণিতপুৰ 
বিশ্বনাথ 
১০কামৰূপ১১
১১কাছাৰ
১২উত্তৰ লখিমপুৰ 
১৩বঙাইগাওঁ
১৪গোৱালপাৰা 
১৫হাইলাকান্দি 
১৬ধেমাজি 
১৭গুৱাহাটী মহানগৰ 
১৮দৰং 
১৯নলবাৰী 
২০বৰপেটা
২১ওদালগুৰি 
২২চিৰাং 
২৩বাকসা
২৪মুঠ১০১২০৪০

আন্তঃৰাজ্যিক সীমা

আন্তঃৰাজ্যিক সীমাৰ উন্নয়ন পৰ্যবেক্ষণ কৰা আৰু চৰকাৰক অৱগত কৰা। চুবুৰীয়া ৰাজ্যৰ লোকৰ অভিগমন ৰ পৰা আন্তঃৰাজ্যিক সীমাক সুৰক্ষা প্ৰদান কৰি আন্তঃৰাজ্যিক সীমাত বসবাস কৰা অসমৰ বাসিন্দাসকলৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাই হৈছে ইয়াৰ কৰ্তব্য। মুঠ ৮১ সংখ্যক বিঅ’পি য়ে অসমৰ আন্তঃৰাজ্যিক সীমাত কাম কৰি আছে। এই বিঅ’পি সমূহত অসম আৰক্ষী আৰু নিৰপেক্ষ শক্তিৰ বিষয়া কৰ্মচাৰীয়ে কাম কৰি আছে আৰু এই সংবেদনশীল ক্ষেত্ৰসমূহত সতৰ্ক দৃষ্টি ৰাখিছে। অসমৰ বিভিন্ন জিলাত আন্তঃৰাজ্যিক সীমাৰে সৈতে নতুন বিঅ’পি স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কাৰ্য্য অনতিপলমে সংসাধন কৰা হ’ব।

সাতখন ৰাজ্যৰ সৈতে অসমৰ আন্তঃৰাজ্যিক সীমাৰ দৈৰ্ঘ্য

ক্ৰমিক নংচুবুৰীয়া ৰাজ্যসীমাৰ দৈৰ্ঘ্য
মেঘালয়৮৮৪.৯০ কিলোমিটাৰ
অৰুণাচল প্ৰদেশ৮০৪.১০ কিলোমিটাৰ
নাগালেণ্ড৫১২.১০ কিলোমিটাৰ
মিজোৰাম১৬৪.৬০ কিলোমিটাৰ
মণিপুৰ২০৪.১০ কিলোমিটাৰ
পশ্চিমবংগ১২৭.০০ কিলোমিটাৰ
ত্ৰিপুৰা৪৬.৩০ কিলোমিটাৰ
 সৰ্বমুঠ

২৭৪৩.১০ কিলোমিটাৰ

জিলা অনুসৰি আন্তঃৰাজ্যিক সীমাৰ দৈৰ্ঘ্য

ক্ৰমিক নংজিলানাগালেণ্ডঅৰুণাচলমেঘালয়মিজোৰামমণিপুৰত্ৰিপুৰাপশ্চিমবংগসৰ্বমুঠ
ডিব্ৰুগড়-৫২ কিলোমিটাৰ -- - - -৫২ কিলোমিটাৰ
লখিমপুৰ-৬৭.২ কিলোমিটাৰ - - - - -৬৭.২ কিলোমিটাৰ
 ধেমাজি-১৭৮.১ কিলোমিটাৰ - - -- -১৭৮.১ কিলোমিটাৰ
 তিনিচুকীয়া -২২৭ কিলোমিটাৰ - - - - -২২৭ কিলোমিটাৰ
 যোৰহাট১০১ কিলোমিটাৰ - - - - - -১০১ কিলোমিটাৰ
 গোলাঘাট১৬০ কিলোমিটাৰ - - - - - -১৬০ কিলোমিটাৰ
 শিৱসাগৰ৯৭ কিলোমিটাৰ২৯ কিলোমিটাৰ - - - - -১২৬ কিলোমিটাৰ
 কাৰ্বি আংলং৮০ কিলোমিটাৰ -- - - - -৮০ কিলোমিটাৰ
 শোণিতপুৰ -২১০ কিলোমিটাৰ - - - - -২১০ কিলোমিটাৰ
 ডিমা হাছাও২০ কিলোমিটাৰ -৩০ কিলোমিটাৰ -১০ কিলোমিটাৰ - -৬০ কিলোমিটাৰ
 ওদালগুৰি -২৪.৯০ কিলোমিটাৰ- - - - -২৪.৯০ কিলোমিটাৰ
 কাছাৰ - -১৬ কিলোমিটাৰ৩০ কিলোমিটাৰ৪৮.৫ কিলোমিটাৰ - -৯৪.৫ কিলোমিটাৰ
 কৰিমগঞ্জ - - -১৬ কিলোমিটাৰ -৩৬ কিলোমিটাৰ -৫২ কিলোমিটাৰ
 হাইলাকান্দি - - -৭৬ কিলোমিটাৰ - - -৭৬ কিলোমিটাৰ
 গোৱালপাৰা - -১৫০ কিলোমিটাৰ- - - -১৫০ কিলোমিটাৰ
 কোকৰাঝাৰ - - - - - -৩৩.৬ কিলোমিটাৰ৩৩.৬ কিলোমিটাৰ
 ধুবুৰী - -১০৮ কিলোমিটাৰ - - -১৮ কিলোমিটাৰ১২৬ কিলোমিটাৰ
 কামৰূপ - -১২৮.১ কিলোমিটাৰ - - - -১২৮.১ কিলোমিটাৰ
 কামৰূপ মহানগৰ জিলা - -৩৫ কিলোমিটাৰ - -- -৩৫ কিলোমিটাৰ
 মৰিগাওঁ - -৯ কিলোমিটাৰ - - - -৯ কিলোমিটাৰ
 হামৰেণ - -৮৮.২ কিলোমিটাৰ - - - -৮৮.২ কিলোমিটাৰ
 মুঠ৪৫৮ কিলোমিটাৰ৭৮৮.২০ কিলোমিটাৰ৫৬৪.৩ কিলোমিটাৰ১২২ কিলোমিটাৰ৫৮.৫ কিলোমিটাৰ৩৬ কিলোমিটাৰ৫১.৬ কিলোমিটাৰ২৭৪৩.১০ কিলোমিটাৰ

নদী আৰক্ষী

নদীপথেৰে ৰাজ্যত অনুপ্ৰৱেশ ৰোধৰ বাবে নদী আৰক্ষী সংগঠনে সতৰ্ক দৃষ্টি ৰাখে। বৰ্তমানে চাৰিখন নদী আৰক্ষী থানা আৰু সাতটা নদী আৰক্ষী চকী আছে। মেম’ সংখ্যা DGP(B)/III(A)/IRBn/238/930 Dated. 03/04/2009 ৰ জৰিয়তে চৰকাৰৰ ওচৰত নদী আৰক্ষীৰ এটি নতুন শাখা ইণ্ডিয়া ৰিজাৰ্ভ (আইআৰ) বেটেলিয়ন স্থাপনৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে।