মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অসম আৰক্ষীৰ শাখাসমূহ

অপৰাধ অনুসন্ধান বিভাগ

উৎপত্তি আৰু গঠন

অপৰাধ অনুসন্ধান বিভাগ হৈছে আৰক্ষী বিভাগৰ ইণ্টেলিজেন্স ব্যুৰ’। এই ব্যুৰ’ এনে এক স্থানত অভিষিক্ত যিয়ে ৰাজনৈতিক, প্ৰশাসনীয় আৰু সাধাৰণ বিষয়সমূহ প্ৰথমে চৰকাৰক যোগান ধৰে।

প্ৰাৰম্ভিক অৱস্থাত এই বিভাগৰ দায়িত্বভাৰ এগৰাকী বিশেষ আৰক্ষী অধীক্ষকে গ্ৰহণ কৰিছিল আৰু তেতিয়া ইয়াৰ মুখ্য কাৰ্য্যালয় শ্বিলঙত আছিল। এই বিভাগ তলত দিয়া শাখাসমূহত বিভক্ত কৰা হয়:
(i) অনুসন্ধান শাখা।
(ii) ইণ্টেলিজেন্স শাখা।
(iii) বিশেষ শাখা।
(iv) ফিংগাৰপ্ৰিণ্ট ব্যুৰ’।

অপৰাধ অনুসন্ধান বিভাগৰ আৰম্ভণিৰ তাৰিখ সম্পৰ্কে সঠিককৈ জনা নাযায়। ডি অ’ কিতাপৰ প্ৰথম খণ্ডত ইয়াৰ তাৰিখ সম্পৰ্কত ১/৫/১৯২২ বুলি উল্লেখ আছে। এই ডি অ’ কিতাপত প্ৰতিটো এণ্ট্ৰিত বিশেষ আৰক্ষী অধীক্ষক বা জ্যেষ্ঠ ৰাজপত্ৰিত বিষয়াই স্বাক্ষৰ কৰে।
ই বহু গুৰুত্বপূৰ্ণ স্বাক্ষৰ সম্বলিত গ্ৰন্থ। পূৰ্বৰ স্পষ্ট স্বাক্ষৰ সমূহৰ ভিতৰত মিষ্টাৰ বেলেণ্টাইন আৰু মিষ্টাৰ জে ই ৰেইডৰ স্বাক্ষৰ অন্যতম।

পৰৱৰ্তী সময়ত অপৰাধ অনুসন্ধান বিভাগৰ পৰা বিশেষ শাখা বিভক্ত হয়। এই নিৰ্দেশৰ বিতং বিৱৰণ আৰু সঠিক তাৰিখ উপলব্ধ ৰূপত নাই। ডি অ’ পুথিৰ এণ্ট্ৰিৰ পৰা ২৯/৪/১৯৬৫ আৰু ১/৫/১৯৬৫ অনুসৰি অপৰাধ অনুসন্ধান বিভাগৰ পৰা বিশেষ শাখালৈ স্থানান্তৰিত কৰা বিষয়াসকলৰ নাম অসমৰ আইজিপি ৰ কোটিং অৰ্ডাৰ সংখ্যা পুলিচ/৬৫/৩১ তাৰিখ ৬ এপ্ৰিল ১৯৬৫ আৰু পুলিচ/৬৫/৩৬ তাৰিখ ৬ এপ্ৰিল ১৯৬৫ সহ উল্লেখ আছে। এই তালিকাৰ পৰা এয়া লক্ষ্য কৰা যায় যে ইয়াৰ খুব কমসংখ্যক বিষয়া পাকিস্তান ইনফিল্ট্ৰেশ্যন ৱিঙৰ অন্তৰ্গত।

চিআইডি শাখাৰ পৰা বিশেষ শাখা পৃথক হোৱাৰ পিছত উভয় বিভাগে শ্বিলঙত পৃথকভাৱে কাম কৰিবলৈ লয়। ১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হয় আৰু অসমৰ ৰাজধানী গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ লগে লগে অপৰাধ অনুসন্ধান বিভাগো গুৱাহাটীলৈ স্থানান্তৰিত হয় কিন্তু সেই সময়ত ইয়াৰ নিজা গৃহ নাছিল। সেই কাৰণে ভাড়া ঘৰতে এই কাৰ্য্যালয় অস্থায়ীভাৱে চলিছিল। দুই তিনিটা অট্টালিকা গৃহত ‘চিআইডি’ ৰ কাৰ্য্যালয় চলিছিল। সময়ত বিভিন্ন কাৰণবশতঃ এই কাৰ্য্যালয় এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰিবলগীয়া হয়। অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্য্যলয় থকা স্থানসমূহ তলত উল্লেখ কৰা হ’ল :
(১) গণেশগুৰি (ফেব্ৰুৱাৰী, ১৯৭৩ চন)
(২) লাচিতনগৰ (মাৰ্চ, ১৯৭৫ চন)
(৩) উলুবাৰী, বৰা চাৰ্ভিছৰ পাছফালে (ডিচেম্বৰ, ১৯৯২)
(৪) মথুৰা নগৰ (অক্টোবৰ, ১৯৯৪)
অৱশেষত ১৯৯৮ চনৰ জানুৱাৰী মাহত অপৰাধ অনুসন্ধান বিভাগ উলুবাৰীত ইয়াৰ স্থায়ী কাৰ্য্যালয়লৈ স্থানান্তৰিত হয়।

এলেকা

অসমৰ এগৰাকী অপৰাধ অনুসন্ধান বিষয়াৰ অপৰাধ বিষয়ৰ অনুসন্ধানৰ বাবে সমগ্ৰ অসমেই তেওঁৰ কৰ্মক্ষেত্ৰ (১৯১৩ চনৰ পহিলা নৱেম্বৰ তাৰিখে অসম আৰক্ষী গেজেটৰ ৮৮২ নং পেৰাগ্ৰাফত এই ক্ষমতা উল্লেখ কৰা হৈছে)

লক্ষ্যসমূহ

ইয়াৰ প্ৰাথমিক লক্ষ্য হৈছে অপৰাধসমূহ পৰীক্ষা কৰা আৰু দুৰ্ধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰা, হেৰুৱা সম্পত্তি পুনৰ উদ্ধাৰ কৰা আদি বিভিন্ন কাৰ্য্যৰ বাবে বিভিন্ন জিলাৰ আৰক্ষীৰ সৈতে সমন্বিত ৰূপত কাৰ্য্য সম্পাদন কৰা।
এই বিভাগৰ এটা প্ৰধান কাৰ্য্য হৈছে পৰিকল্পিত অপৰাধসমূহৰ বিৰুদ্ধে ফলপ্ৰসূতাৰে কাৰ্য্য সম্পাদন কৰা আৰু এই বিভাগৰ বিষয়াসকলৰ প্ৰশিক্ষণৰ ভিত্তিত তেওঁলোকে বিশেষ ধৰণৰ অপৰাধমূলক কাৰ্য্যকলাপ যেনে বিষ প্ৰয়োগ, প্ৰবঞ্চনা, ডকাইতি, অবৈধ সৰবৰাহ ইত্যাদি ধৰা পেলাবলৈ অভিযান চলায়।

ইণ্টেলিজেন্সৰ কাৰ্য্যসমূহ

ইয়াৰ বিষয়াসকলে তলত উল্লিখিত তথ্যসমূহ সংগ্ৰহৰ দায়িত্বত ব্যস্ত হৈ থাকিবলগীয়া হয়:
(১) ৰাজহুৱা শান্তি বিঘ্নিত কৰা আৰু চৰকাৰৰ প্ৰতি জনসাধাৰণৰ বিৰূপ চিন্তা-চৰ্চা সৃষ্টি কৰিব পৰা ৰাজহুৱা মন্তব্য বা এনে গুজবৰ তথ্য সংগ্ৰহ।
(২) ৰাজনৈতিক, ধৰ্মীয় আৰু অন্যান্য বিষয় গুৰুত্বপূৰ্ণ বিষয়সমূহ জনপ্ৰিয় কৰি তোলা আৰু জনসাধাৰণৰ শান্তি বিঘ্নিত কৰিব পৰা আৰু বৰ্ণ বৈষম্যমূলক চিন্তাধাৰা আৰু ঘটনাৰ উদ্ৰেক সৃষ্টিকাৰী কাৰণসমূহ প্ৰতিহত কৰা।
(৩) ৰাজনৈতিক নেতা আৰু প্ৰচাৰ আদি বিষয়ৰ তথ্য সংগ্ৰহ কৰা।
(৪) চৰকাৰী নীতি আৰু চৰকাৰী আইন আৰু পদক্ষেপসমূহৰ বিষয়ে আগবঢ়োৱা মন্তব্যৰ তথ্য আহৰণ।
(৫) ৰাজনৈতিক বিক্ষোভকাৰী ব্যক্তিৰ সেনাবাহিনী বা আৰক্ষীৰ সৈতে সংঘৰ্ষ হোৱা তথ্য।
(৬) পৰিচিত ৰাজনৈতিক আন্দোলনকাৰী সকলৰ কাৰ্য্যকলাপসমূহৰ তথ্য।
(৭) ধৰ্মীয় উত্তেজনা বা উদ্যোগিক ধৰ্মঘটৰ উদাহৰণ তথ্য।
(৮) নিয়োগকৰ্তা আৰু নিয়োজিত ব্যক্তিৰ সম্পৰ্কত ক্ৰিয়া কৰিবলৈ কোনো ব্যক্তি বা সমষ্টি শ্ৰেণীয়ে গঠন কৰা শ্ৰমিক সংঘৰ তথ্য।
(৯) সন্দেহজনক ব্যক্তিৰ চাল-চলন নিৰীক্ষণ।

কাৰ্য্যসমূহ

অপৰাধ অনুসন্ধান বিভাগ, অসমৰ কাৰ্য্যৰ প্ৰাথমিক ভূমিকা হৈছে অপৰাধমূলক অনুসন্ধানৰ পৰীক্ষণ কৰা, অনুসন্ধানকাৰী বিষয়াসকলক পথ প্ৰদৰ্শন কৰা আৰু গুৰুত্বপূৰ্ণ কেচসমূহৰ অনুসন্ধান কৰা। বহুসংখ্যক কেচ পৰীক্ষণৰ বাবে আন্তঃৰাজ্যিক গোট আছে। বৰ্তমানে অপৰাধ অনুসন্ধান কাৰ্য্য চলোৱাৰ বাবে তলত উল্লেখ কৰা কোষসমূহ আছে:

  1. ব্যক্তিৰ বিৰুদ্ধে সংঘটিত অপৰাধ।
  2. সম্পত্তিৰ বিৰুদ্ধে সংঘটিত অপৰাধ।
  3. অৰ্থ সংক্ৰান্ত অপৰাধ।
  4. অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী, বন্য জীৱন ইত্যাদিৰ অন্তৰ্গত অপৰাধ।
  5. মহিলা, ছোৱালী আৰু নাবালক সংক্ৰান্ত গোচৰসমূহ।
  6. বাহন চুৰি আৰু দুৰ্ঘটনা সংক্ৰান্তীয় গোচৰসমূহ।
  7. নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ অপৰাধ।
  8. চৰমপন্থী কাৰ্য্যকলাপ।
  9. আইন সংক্ৰান্তীয় বিষয়সমূহ।
  10. অপৰাধ পৰিসংখ্যা, ৰীটাৰ্ণছ আৰু ৰাজ্যিক অপৰাধ লেখ ব্যুৰ’।
  11. আঙুলিৰ চাপ।
  12. আলোকচিত্ৰ।
  13. কুকুৰৰ স্কুয়্যাড।
  14. ভিন্ন অনুসন্ধান।
  15. চৰকাৰী ৰেল আৰক্ষী।
  16. কম্পিউটাৰ।

বিশেষ কোষ

নিচাযুক্ত দ্ৰব্য সম্পৰ্কীয় অপৰাধ নিৰীক্ষণৰ বাবে ১৯৯২ চনত এটা বিশেষ কোষ গঠন কৰা হয়। এই কোষে আনকি সমগ্ৰ ৰাজ্যৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰীত নিচাযুক্ত দ্ৰব্য সৰবৰাহ বিৰুদ্ধে অভিযান চলায়।

মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ

১৯৯৪ চনৰ পৰাই অপৰাধ অনুসন্ধান বিভাগত অসম, গুৱাহাটীৰ জিলা অধীক্ষক ডিআইজি ৰ অধীনত এটি বিশেষ কোষে মহিলাৰ বিৰুদ্ধে সংগঠিত অপৰাধ আৰু অনৈতিক কাৰ্য্যকলাপৰ বিৰুদ্ধে গোচৰসমূহৰ অনুসন্ধান চলাই আহিছে।
 
সমগ্ৰ ৰাজ্যত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধসমূহৰ গোচৰসমূহ এই কোষে অতি গুৰুত্বসহকাৰে নিৰীক্ষণ কৰি আহিছে। মহিলাৰ বিৰুদ্ধে সংঘটিত বিভিন্ন অপৰাধ যেনে যৌতুকজনিত কাৰণত হত্যা, ধৰ্ষণ, অনৈতিক সৰবৰাহ ইত্যাদি বিষয়ৰ পুংখানুপুংখ পৰ্যবেক্ষণ, দৃঢ়তাপূৰ্ণ দৃষ্টি নিক্ষেপন কাৰ্য্যই এই কোষক কৰ্মব্যস্ত কৰি ৰাখে।

অপৰাধ অনুসন্ধান বিভাগে মহিলাক শাৰীৰিকভাৱে অপদষ্ট কৰাৰ বহু গোচৰৰ অনুসন্ধানৰ দায়িত্ব গ্ৰহণ কৰি সফলতাৰে সম্পন্ন কৰিছে। সমাজৰ প্ৰতি ইয়াৰ দায়বদ্ধতা প্ৰকাশেৰে এই কোষে সমাজৰ অপকাৰ সাধন কৰা কিছুমান কুনীতি যেনে বেশ্যাবৃত্তি, যৌতুকজনিত হত্যাকাণ্ড ইত্যাদি নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হৈছে।

এই কোষে হোটেল, ৰেষ্টুৰেণ্ট, ব্যক্তিগত গৃহ, বিউটী পাৰ্লাৰ ইত্যাদিত অতৰ্কিতে অভিযান চলাই অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। সমাজ কল্যাণ বিভাগৰ পৰামৰ্শক্ৰমে এই কোষে ১৯৯৭ চনৰ ১৫ চেপ্তেম্বৰ তাৰিখৰ পৰা অপৰাধ অনুসন্ধান বিভাগৰ মুখ্য কাৰ্য্যালয়ত এটি পৰিয়াল পৰামৰ্শ প্ৰদান কেন্দ্ৰ হিচাপেও সেৱা আগবঢ়াই আহিছে। এই কেন্দ্ৰত এজন পৰামৰ্শদাতা থাকে যিয়ে পুংখানুপুংখভাৱে কেচ অধ্যয়নৰ পিছত সম্পৰ্কত ফাট মেলা স্বামী-স্ত্ৰীক পৰামৰ্শ প্ৰদান কৰে। এই পৰামৰ্শ প্ৰদান কেন্দ্ৰৰ প্ৰধান উদ্দেশ্যই হৈছে পৰিয়ালৰ আৰু বৈবাহিক জীৱনৰ বিবাদ, মহিলাৰ প্ৰতি অত্যাচাৰ আৰু মাদক দ্ৰব্য প্ৰতি আসক্তি আদি হ্ৰাস কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা। এতিয়ালৈ এই পৰামৰ্শ প্ৰদান কেন্দ্ৰই বহু কেচ গ্ৰহণ কৰি এই কেচসমূহ সমাধান কৰিবলৈ সক্ষম হৈছে।

চিআইডি আৰক্ষী থানা

চৰকাৰৰ জাননী নং এইছএমচি ৩/৯৩/৭ তাৰিখ ২৪/১০/৯৭ অনুসৰি ১৯৯৭ চনৰ পহিলা নৱেম্বৰ তাৰিখৰ পৰা চিআইডি আৰক্ষী থানাই কৰ্তব্য সম্পাদন কৰিবলৈ আৰম্ভ কৰে। এই থানাত প্ৰাথমিক অনুসন্ধানৰ পিছত গুৰুত্বপূৰ্ণ গোচৰসমূহ পঞ্জীয়ন কৰা হয়।

ষ্টেট ফিংগাৰপ্ৰিণ্ট ব্যুৰ’

ষ্টেট ফিংগাৰপ্ৰিণ্ট ব্যুৰ’ই কেচসমূহ অনুসন্ধান কৰাত আৰু সমাধান কৰাত অপৰাধ অনুসন্ধান বিভাগক সহায় কৰে। অপৰাধীয়ে অপৰাধ সংঘটিত কৰি এৰি যোৱা সাম্ভাব্য আঙুলিৰ চাপ আদি অপৰাধী চিনাক্ত কৰি উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। এই আঙুলিৰ চাপ চিনাক্তকৰণে অপৰাধ সংঘটিত হোৱা ঠাইত অপৰাধীৰ শাৰীৰিক উপস্থিতি প্ৰমাণ কৰে। ফিংগাৰপ্ৰিণ্ট ব্যুৰ’ই অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত অকল ৰাজ্যৰ আৰক্ষীকেই নহয় বৰঞ্চ অন্যান্য সংগঠনসমূহকো সহায় কৰে। এই ব্যুৰ’ৰ নিপুণ বিষয়াই পথ নিৰ্মাণৰ বাবে প্ৰবঞ্চনাৰে বেংকৰ পৰা ধন উলিওৱা প্ৰবঞ্চকক সফলতাৰে ধৰা পেলাই ‘চিআৰপিএফ’ ক সহায় কৰে।

সেৱাৰ প্ৰশিক্ষণ

অপৰাধ অনুসন্ধানৰ মানদণ্ডৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ এই সংগঠনে ১৯৯৭ চনৰ পৰাই ইয়াৰ অনুসন্ধান বিষয়াসকলৰ বাবে সেৱাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। অপৰাধ অনুসন্ধান বিভাগে আনকি উচ্চ পৰিচালনা বিভাগৰ আৰক্ষী বিষয়াসকলৰ বাবে আৰু মধ্যম পৰিচালনা পৰ্যায়ৰ আৰক্ষী বিষয়াসকলৰ বাবে যোৱা কিছু বছৰৰ পৰা নিচাযুক্ত সামগ্ৰী সৰবৰাহ বিৰুদ্ধ আৰু ড্ৰাগ্ ল' এনফ’ৰ্চমেণ্ট প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদানৰ ব্যৱস্থা কৰিছে। এনে পাঠ্যক্ৰম প্ৰদানৰ বাবে সংগঠনে ‘এনচিবি’ ৰ পৰা বিত্তীয় সাহাৰ্য্য লাভ কৰে।