১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত অসমত অনাতাঁৰ সংযোগৰ গুৰুত্ব উপলব্ধি কৰা হয়। অসমত ১৯৪৬ চনৰ ১২ মাৰ্চ তাৰিখে নগাওঁ, দৰং, গোৱালপাৰা, লখিমপুৰ, শিৱসাগৰ আৰু কাছাৰ, টুৰা আৰু হাফলঙৰ মুখ্য কাৰ্য্যালয়ক তেতিয়াৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয় শ্বিলঙৰ সৈতে সংযোগ কৰি ৯ টা HF WT ষ্টেচন স্থাপিত হোৱাৰ লগে লগে আৰক্ষী অনাতাঁৰ সংযোগৰ জন্ম হয়। দেশে স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী সময়ত অনাতাঁৰ সংযোগৰ গুৰুত্বৰ বিষয়ে গভীৰভাৱে উপলব্ধি কৰা হয় আৰু যোগাযোগ ব্যৱস্থা বৰ্তমানৰ পৰ্যায়ৰ দৈৰ্ঘ্য দূৰত্বৰ আৰ/টি কমিউনিকেশ্যন অন ভিএইছএফ আৰু এইছএফ, ভিএইছএফ আৰু অপনেট সুবিধা ৰে দ্ৰুততম কম্পিউটাৰাইজড ডেটা কমিউনিকেশ্যন নেটৱৰ্ক প্ৰতিষ্ঠা হয়।
আইন শৃংখলা ৰক্ষাকাৰী সংস্থাসমূহক নিৰ্ভৰযোগ্য, সুৰক্ষিত আৰু উচ্চ গতিসম্পন্ন যোগাযোগ ব্যৱস্থা প্ৰদানেৰে ফলপ্ৰসূ ৰূপত আইন শৃংখলা পৰিচালনা কৰিবলৈ, অপৰাধ প্ৰতিৰোধ আৰু অপৰাধীক কৰায়ত্ত কৰিবলৈ সাহাৰ্য্য প্ৰদান কৰাই হৈছে ইয়াৰ প্ৰধান ভূমিকা। ইয়াৰ উপৰিও ই ৰাজহুৱা প্ৰয়োজনত আৰু ভূমিকম্প, বানপানী, ঘূৰ্ণিবতাহ আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ছোৱাত ৰাজ্যৰ যিকোনো স্থানতেই যোগাযোগ ব্যৱস্থা প্ৰদান কৰে।