পিআইপি (প্ৰিভেনশ্বন অৱ ইনফিলট্ৰেশ্যন অৱ পাকিস্তানী) অৰ্থাৎ পাকিস্তানী লোকৰ অনুপ্ৰৱেশ ৰোধ আঁচনিৰ অধীনত ১৯৬২ চনত অসম আৰক্ষী সীমা সংগঠন আৰক্ষী উপ মহাপৰিদৰ্শকে মুৰব্বীৰ দায়িত্ব বহন কৰা অসম আৰক্ষীৰ বিশেষ শাখাৰ অধীনত স্থাপিত হয়। ১৯৭৪ চনৰ পৰা এই সংগঠনে সীমা সংগঠন হিচাপে নতুনকৈ সৃষ্ট পদ উপ আৰক্ষী মহাপৰিদৰ্শক (সীমা) ৰ অধীনত স্বাধীনভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ পৰৱৰ্তী সময়ত এই পিআইপি আঁচনিৰ নতুন নামকৰণ পিআইএফ (প্ৰিভেনশ্যন অৱ ইনফিলট্ৰেশ্যন অৱ ফৰেনাৰ্ছ) অৰ্থাৎ বিদেশী লোকৰ অনুপ্ৰৱেশ ৰোধ ৰূপে কৰা হয়। ১৯৮৫ চনত এই সংগঠনৰ মুৰব্বীৰ পদ আৰক্ষী মহাপৰিদৰ্শকৰ পদলৈ উন্নিত কৰা হয় আৰু ১৯৯৭ চনত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পদলৈ এই পদৰ উত্তৰণ ঘটে।
বৰ্তমানে সীমা সংগঠনৰ বিভিন্ন পদত ৪০৩৭ গৰাকী বিষয়া কৰ্মচাৰীয়ে কাৰ্য্যনিৰ্বাহ কৰি আছে। ইয়াৰ মুঠ শক্তিৰ ৩১৫৩ বিষয়া কৰ্মচাৰীক পিআইএফ আঁচনিৰ অধীনত ভাৰত চৰকাৰে অনুমোদন জনায় আৰু ৮৮৪ বিষয়া কৰ্মচাৰী অসম চৰকাৰৰ দ্বাৰা অনুমোদিত। এই সমস্ত শক্তি অস্ত্ৰধাৰী আৰু অস্ত্ৰবিহীন বিষয়া কৰ্মচাৰী ৰে গঠিত।