মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অসম আৰক্ষীৰ শাখাসমূহ

ৰেল আৰক্ষী

উৎপত্তি

হাফলঙত থকা ইয়াৰ মুখ্য কাৰ্য্যালয়ৰে সৈতে অসম ৰেল আৰক্ষীয়ে ১৯০৫ চনৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰে। মিষ্টাৰ ই চি ৰাইলেণ্ড (১৬/০১/১৯০৫) জিআৰপি অসম ৰেল আৰক্ষীৰ প্ৰথম পৰিদৰ্শক আছিল। পৰৱৰ্তী পৰ্যায়ত ১৯৮০ চনৰ ১০ জুন তাৰিখে ৰেল আৰক্ষীৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ মুখ্য কাৰ্য্যালয়ৰ স্থান হয় অল্ড ৰেলৱে ইনষ্টিটিউট, পাণ্ডু।

অনুমোদিত শক্তি

শ্ৰেণীঅনুমোদিত সংখ্যাপ্ৰকৃত সংখ্যাখালী
এছআৰপি-
উপ এছআৰপি
আইআৰপি 
আইএনএছপি (উন্নত) 
এছআই (ইউবি+এবি)৩৬+২২৮+২
এএছআই৮৫৭৩১২
অন্যান্য (ইউবি)৫৫৮৪৩৩১২৫
(এবি)১৫৯১২৬৩৩

লক্ষ্য আৰু কৰ্তব্য

আৰক্ষী থানাৰ যিকোনো ভাৰপ্ৰাপ্ত বিষয়াৰ দৰে ৰেল আৰক্ষী বিভাগত জিআৰপি ৰ দায়িত্বত থকা সকলো বিষয়াৰ একেধৰণৰ ক্ষমতা আৰু দায়িত্ব থাকে। এপিএম ৰ চতুৰ্থ খণ্ডত উল্লেখ থকা অনুসৰি ৰেল আৰক্ষীৰ দৈনন্দিন কাৰ্য্যসমূহ তলত দিয়া ধৰণৰ:

  • ৰেল আৰক্ষীৰ বিচাৰ্যৰ সীমাবদ্ধতাৰ ভিতৰত থকা কেচসমূহৰ অনুসন্ধান কৰা আৰু এনে গোচৰত অভিযুক্ত লোকক গ্ৰেপ্তাৰ কৰা।
  • ৰেলৱে (সংশোধনী) আইন, ২০০৩ ক সামৰি লৈ ৰেল আৰক্ষীৰ দায়িত্বৰ অধীনত পৰা অপৰাধ সমূহৰ অনুসন্ধান কৰা।
  • অপৰাধ সংঘটিত কৰা যিকোনো অপৰাধীক কৰায়ত্ত কৰা।
  • ৰেলৱে পৰিসৰৰ ভিতৰত শান্তি আৰু আইন শৃংখলাৰ পৰিৱেশ বৰ্তাই ৰখা।
  • প্ৰাসংগিক নীতি-নিয়ম আৰু আইন ব্যৱস্থা সুসংগত ৰূপত বৰ্তাই ৰাখিবলৈ যাত্ৰী আৰু ৰেলগাড়ীৰ পুংখানুপুংখ পৰীক্ষণ।
  • উপ-নিয়মৰ নিৰ্দেশনা অনুসৰি ইয়াৰ সকলো ঘটনাৰ বিষয়ে নিৰ্দিষ্ট কৰ্তৃপক্ষৰ ওচৰত অৱগত কৰা।
  • ৰেলৱে আইনৰ অধীনত অপৰাধ সংঘটিত কৰা অপৰাধীক কৰায়ত্ত কৰা।
  • যাত্ৰী, ৰেল কৰ্মচাৰী আৰু আৰপিএফ (ৰেল সুৰক্ষা বল) ক সহায় কৰা।
  • জিলা প্ৰশাসন আৰু স্থানীয় পেৰা মিলটেৰী ফ’ৰ্চৰ সৈতে সমন্বয় ৰক্ষা কৰা।
  • গাওঁ সুৰক্ষা দল (ভিডিপি) আৰু স্থানীয় আৰক্ষীৰ সহযোগত ৰেল লাইন আৰু ৰেলৱে পৰিসৰত পহৰা দিয়াৰ ব্যৱস্থা কৰা।

সংগঠনৰ গাঁথনি

(১) জিপিআৰ মুখ্য কাৰ্য্যালয় :

i) ৰেল আৰক্ষী পৰিদৰ্শক।
ii) কাৰ্য্যালয় আৰু সংৰক্ষিত উভয় ক্ষেত্ৰতে ৰেল আৰক্ষী উপ-পৰিদৰ্শক।

(২) ৰাজহুৱা উপমণ্ডল

i) উপ এছআৰপি, লামডিং
ii) উপ এছআৰপি, বদৰপুৰ
iii) উপ এছআৰপি, ৰঙিয়া
iv) উপ এছআৰপি, নিউ বঙাইগাওঁ

(৩) আৰক্ষী বৃত্ত

i) ৰেল আৰক্ষী পৰিদৰ্শক, চাপৰমুখ
ii) ৰেল আৰক্ষী পৰিদৰ্শক, বোকাজান
iii) ৰেল আৰক্ষী পৰিদৰ্শক, মৰিয়নী
iv) ৰেল আৰক্ষী পৰিদৰ্শক, ৰঙাপাৰা
v) ৰেল আৰক্ষী পৰিদৰ্শক, ফকিৰাগ্ৰাম

(৪) জিআৰপিএছ/জিআৰপি অপি/আইচি/পিপি

i)  চৰকাৰী ৰেল আৰক্ষী থানা: ১২
ii) জিআৰপি চকী: ১৮
iii) জিআৰপি অনুসন্ধান কেন্দ্ৰ: ৩
iv) জিআৰপি পহৰা চকী: ১০

এলেকা (এনএফএ অসমৰ ভিতৰৰ ৰেলৱে মণ্ডল)

আলিপুৰদোৱাৰ সংমণ্ডলৰ অংশ, ৰঙিয়া সংমণ্ডল, তিনিচুকীয়া সংমণ্ডল আৰু লামডিং সংমণ্ডলৰ অংশ।

অসমৰ মাজেৰে যোৱা ৰেলপথৰ মুঠ দৈৰ্ঘ্য – ২৪২৪ কিলোমিটাৰ।

অসমত থকা মুঠ ৰেল ষ্টেচনৰ সংখ্যা – ৩২১

অসমৰ প্ৰতি কিলোমিটাৰ ৰেলপথত দায়িত্বত নিয়োজিত জিআৰপি কৰ্মচাৰী – ২.৮

কৃতিত্বসমূহ

২০১২ চনৰ পৰা আজিলৈ জব্দ কৰা আপত্তিজনক সামগ্ৰীৰ তালিকা

গাঞ্জা১৪৫০ কিলোগ্ৰাম
আফিং২৫ কিলোগ্ৰাম ৭০০ গ্ৰাম।
মৰফিন৫ কিলোগ্ৰাম ৪০০ গ্ৰাম।
ছাইক’ট্ৰফিক টেবলেট১৫০৬ কিলোগ্ৰাম ৫০০ গ্ৰাম।
ফেন্সিডাইল বটল৩৭৫০ টা।
প্ৰক্সিভান টেবলেট৩৬০০০ টা।
সোণ১৩ কিলোগ্ৰাম ৩৩৫ গ্ৰাম।
হাতীৰ দাঁত১২ টা।
কেকোঁসাপ১৮ টা।
Anti Human Trafficking 
নগদ ধন১১৯০০০০০.০০/- টকা
লেপটপদুটা।
কেমেৰাদুটা।

গুলীবাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ

.৩০৩ বিডিআৰ৬০
.৩২ এমএম পিষ্টল৭৮
.৩৮ এমএম২৮
৯ এমএম৩৯১
একে৪৭৯৭০
.২২ বোৰ৯৯
৭.৬২ এমএম১২৬
৭.৬৫ পিষ্টল১২০
৩১৫ স্পাৰ্কিং ৰাইফল১০
ইনছাছ৪২

অস্ত্ৰ-শস্ত্ৰ

এয়াৰ পিষ্টল
অষ্ট্ৰেলিয়াত নিৰ্মিত ৯ এমএম পিষ্টল
চেক গণৰাজ্যত নিৰ্মিত ৯ এমএম পিষ্টল
দেশত নিৰ্মিত .২২ পিষ্টল
ইটালীত নিৰ্মিত ৭.৬৫ পিষ্টল
৯ এমএম পিষ্টল
.৩২ ৰিভলভাৰ
৩১৫ স্পৰ্কিং ৰাইফল
২’’ মৰ্টাৰ ফায়াৰিং পিন
হস্তনিৰ্মিত পিষ্টল
.২২ চীনা পিষ্টল

বিস্ফোৰক সামগ্ৰী

গিলেটিন ষ্টিক১৮৪৭ ডাল।
ডিটনেটৰ১৪১২ টা।
ফিউজ ৱায়াৰ১২ বাণ্ডল আৰু ৯০ মিটাৰ।
আইইডিদুটা।
গ্ৰেণেডএটা।

হেল্পলাইনৰ নিৰ্দেশনাৱলী

কোনো অপৰাধ সংক্ৰান্তীয় ঘটনাৰ বাবে যাত্ৰীসকলক হেল্পলাইন নম্বৰ ‘১৫১২’ ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

  • এই নম্বৰত কোনো যাত্ৰীৰ পৰা ফোন লাভ কৰাৰ লগে লগে ভুক্তভোগী ব্যক্তিগৰাকীলৈ সকলো প্ৰকাৰৰ আৰক্ষীৰ সাহাৰ্য্য আগবঢ়াবলৈ নিয়ন্ত্ৰণ কক্ষৰ বিষয়াই অভিযোগকাৰী ব্যক্তিগৰাকীয়ে যাত্ৰা কৰা ৰেলগাড়ীৰ নম্বৰ, টিকট নম্বৰ আৰু তেওঁৰ আসন নম্বৰ লিখি ৰাখিব।
  • নিয়ন্ত্ৰণ কক্ষৰ বিষয়াই তেতিয়া সেই বিশেষ ৰেলগাড়ীখনৰ অনুৰক্ষক দলৰ ভাৰপ্ৰাপ্ত বিষয়া বা অন্য অনুৰক্ষণ সদস্যৰ সৈতে যোগাযোগ কৰি তেওঁলোকক সেই বিশেষ আসন সংখ্যাৰ অভিযোগৰ ৰিপোৰ্ট কৰিবলৈ নিৰ্দেশ দিয়া হয়। পৰৱৰ্তী ৰেল ষ্টেচনৰ ‘জিআৰপি’ কো এই বিষয়ে অৱগত কৰোৱা হয়।
  • অনুৰক্ষক দলে এই বিশেষ অভিযোগ তাৎক্ষণিকভাৱে ৰিপোৰ্ট কৰি এই কেচৰ বাবে প্ৰয়োজন অনুসৰি সহায় আগবঢ়ায়।
  • জিআৰপিএছ বিষয়াই পৰৱৰ্তী ৰেল ষ্টেচনত কাৰ্য্যালয়ৰ পৰা উলিয়াই দিয়া এখন প্ৰফৰ্মা লৈ আহে আৰু সেই বিশেষ অভিযোগকাৰী ব্যক্তিগৰাকীৰ অভিযোগৰ বুজ লয় আৰু ৰেলগাড়ীত সংঘটিত ঘটনাৰ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰে। অভিযোগকাৰী ভুক্তভোগী ব্যক্তিগৰাকীক ৰেলগাড়ীত সাহাৰ্য্যৰ বাবে ইতিমধ্যে উপস্থিত থকা অনুৰক্ষণ দলে সমস্যা সৃষ্টিকাৰী ব্যক্তিক তেওঁলোকৰ জিম্মাত লৈ সাহাৰ্য্য আগবঢ়াব আৰু লগতে প্ৰফৰ্মা পূৰণ কৰি ইয়াৰ এটা প্ৰতিলিপি অভিযোগকাৰী ভুক্তভোগী ব্যক্তিগৰাকীলৈ আগবঢ়াব।
  • জিআৰপিএছ ৰ বিষয়াই সংশ্লিষ্ট মামলাৰ বিষয়ে জানিবলৈ দি অভিযোগকাৰী ব্যক্তিগৰাকীলৈ এছএমএছ বা বাৰ্তা প্ৰেৰণ কৰিব।

মানৱ সৰবৰাহ বিৰোধী গোট

জিআৰপি জিলাৰ মানৱ সৰবৰাহ বিৰোধী গোট মানৱ সৰবৰাহ প্ৰতিহত কৰিবলৈ আৰু এই সমস্যাৰ বিৰুদ্ধে যুঁজ দিবলৈ উপ এছআৰপি ক ন’ডেল বিষয়া হিচাপে লৈ নতুনকৈ গঠিত কৰা হয়। বেচৰকাৰী সংস্থা ‘ইমপালছ’ ৰ অধীনত তিনিগৰাকী বিষয়াক মানৱ সৰবৰাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

হোৱাটছএপ গ্ৰুপ

জিআৰপি হোৱাটছএপ গ্ৰুপে কাৰ্য্যসমূহ নিয়ন্ত্ৰণ আৰু সকলো শ্ৰেণীৰ বিষয়াসকলক কাৰ্য্য আৰু পদক্ষেপসমূহ পৰ্যবেক্ষণ কৰাত সহায় কৰে। দেশৰ সকলোবোৰ জিআৰপি মুৰব্বীসকলক লৈ গঠিত হোৱাটছএপ গ্ৰুপ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অন্যান্য ৰাজ্যসমূহত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায়ক হৈছে।

বিশেষ প্ৰশিক্ষণ

বিশেষ প্ৰশিক্ষণ প্ৰদান আৰু সাধাৰণ আৰু বিশেষ কৰ্তব্য সম্পাদনৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদানত ‘ৰীফৰ্ম প্ৰয়াস’ নামৰ এটি সংগঠন জড়িত হৈ আছে। ৰেলৱে সুৰক্ষা বল (আৰপিএফ) ক সামৰি লৈ সমূহ বিষয়া কৰ্মচাৰীক বঙাইগাওঁ, লামডিং, গুৱাহাটী, ডিব্ৰুগড় আৰু ৰঙাপাৰাত অনুষ্ঠিত দহখন কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰা হয়।