মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অসম আৰক্ষীৰ শাখাসমূহ

গাওঁ সুৰক্ষা সংগঠন

একমাত্ৰ অসমৰ বাবে থলুৱা ধাৰণাৰে গঢ়ি উঠা এটা সংগঠন হৈছে গাওঁ সুৰক্ষা সংগঠন। ১৯৪৯ চনত এই সংগঠনৰ জন্ম হয় যেতিয়া প্ৰথমবাৰ এই সংগঠনৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাই একো একোখন গাওঁ সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে গাঁৱৰ ডেকাসকলক লৈ একো একোটা দল গঠন কৰে। এই নিজৰ গাওঁ সুৰক্ষিত কৰি ৰখাৰ ধাৰণা অৱশেষত চুবুৰীয়া জিলালৈ সম্প্ৰসাৰিত হয় আৰু শীঘ্ৰেই গাওঁ সুৰক্ষা সংগঠন নামেৰে এটি সংগঠনৰ জন্ম হয়। ইয়াৰ প্ৰতিষ্ঠাপক আৰু কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মনিষ্ঠাৰ জৰিয়তে ই পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে চৰকাৰৰ অনুমতি লাভ কৰে। ১৯৬৬ চনত গাওঁ সুৰক্ষা সংগঠন আইন নামেৰে এক আইন প্ৰণয়ন কৰা হয়। পৰৱৰ্তী সময়ত ১৯৮৬ চনত অসম ভিলেজ ডিফেন্স ৰুলছ নামেৰে নিয়ম প্ৰণয়ন কৰা হয়। উভয়েই গাওঁ সুৰক্ষা সংগঠনৰ কাৰ্য্যসমূহ পৰিচালনা কৰে।

লক্ষ্য

গাওঁ সুৰক্ষা সংগঠনৰ প্ৰধান লক্ষ্য হৈছে ৰাজ্যত আইন শৃংখলা, শান্তি বজাই ৰাখিবলৈ আৰক্ষীক সহায় কৰা।

সাংগঠনিক গঠন বিন্যাস

  • আৰক্ষী সঞ্চালক প্ৰধান হৈছে এই সংগঠনৰ মুৰব্বী।
  • প্ৰশাসনীয় শাখাৰ উপ আইজিপি বিষয়া এই সংগঠনৰ প্ৰধান নিয়ন্ত্ৰক আৰু তেওঁ এই সংগঠনৰ প্ৰশাসনীয় মুৰব্বী হিচাপে কাৰ্য্যনিৰ্বাহ কৰে আৰু তেওঁৰ কাৰ্য্যত অতিৰিক্ত আৰক্ষী অধীক্ষকে সহায় কৰে।
  • উপ আইজিপি (ৰেঞ্জ) হৈছে এই সংগঠনৰ উপ মুখ্য নিয়ন্ত্ৰক।
  • জিলাৰ আৰক্ষী অধীক্ষক হৈছে জিলা গাওঁ সুৰক্ষা বিষয়া।
  • এছডিপিঅ/ডিৱাই এছপি হৈছে উপ মাণ্ডলিক গাওঁ সুৰক্ষা বিষয়া।
  • থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক গাওঁ সুৰক্ষা বিষয়া নিযুক্তি দিয়া হয়।
  • নায়ক হৈছে গাওঁ প্ৰতিৰক্ষা দলৰ মুৰব্বী। এই গাওঁ প্ৰতিৰক্ষা দল হৈছে এই সংগঠনৰ প্ৰাথমিক গোট।
  • চাৰ্কোল অৰ্গেনাইজাৰ, ভি ডি অ (চি অ’, ভি ডি অ) সকল হৈছে এই সংগঠনৰ কৰ্মচাৰী যিয়ে প্ৰতিখন থানা ক্ষেত্ৰৰ ভিডিপি সমূহ গঠন আৰু পৰিদৰ্শন কৰে। ইয়াত ‘চি অ’, ভি ডি অ’ ৰ ২০২ সংখ্যক অনুমতিপ্ৰাপ্ত পদ আছে।

ওপৰত উল্লিখিত বিষয়ৰ উপৰি তলত উল্লিখিত অবৈতনিক গোটসমূহ আছে যিয়ে এই সংগঠনৰ জনপ্ৰিয়তা বৃদ্ধি কৰি ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে জনসাধাৰণক অৱগত কৰে:

  • মাননীয় মুখ্য উপদেষ্টা, ভি ডি অ-১
  • মাননীয় উপদেষ্টা, ভি ডি অ-১
  • মাননীয় উপ উপদেষ্টা, ৪৮ টা উপ মণ্ডলত থকা ভি ডি অ

জিলাত এই সংগঠনসমূহৰ বিভিন্ন পৰ্যায়ত বহুটো উপদেষ্টা সমিতিয়ে কাম কৰি আছে। এই উপদেষ্টা সমিতি সমূহ তলত দিয়া ধৰণৰ

  • জিলা উপদেষ্টা সমিতি।
  • উপ মণ্ডলীয় উপদেষ্টা সমিতি
  • থানা উপদেষ্টা সমিতি।
  • প্ৰাথমিক সমিতি।

কাৰ্য্য আৰু কৰ্তব্য

ভি ডি পি অৰ্থাৎ এটা গাওঁ সুৰক্ষা দল এখন গাঁৱৰ ২০ ৰ পৰা ২৫ জন স্বেচ্ছাসেৱীৰে গঠিত। এই দল গাওঁ খনৰ সুৰক্ষা প্ৰদানৰ বাবে দায়িত্বশীল। অসমত ১৯৮৮১ টা পঞ্জীয়ন কৰা হোৱা আৰু ৪০৫৮ টা পঞ্জীয়ন কৰা নোহোৱা ভি ডি পি বা গাওঁ সুৰক্ষা দল আছে। এই গাওঁ সুৰক্ষা দলসমূহে বিস্তৃত ৰূপত কৰ্তব্য সম্পাদন কৰে:

  • তেওঁলোকে স্থানীয় আৰক্ষীৰ সৈতে বা আৰক্ষীৰ অবিহনেও দৈনন্দিন পহৰা দিয়া কৰ্তব্য সম্পাদন কৰে।
  • তেলৰ পাইপলাইন নতুবা ৰেলপথত সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে তেওঁলোকে কৰ্তব্য সম্পাদন কৰে।
  • অপৰাধ প্ৰতিৰোধ আৰু অপৰাধীক কৰায়ত্ত কৰাত এই বিভাগে আৰক্ষীক সহায় কৰে।
  • নিৰ্বাচনৰ সময়ছোৱাত ৰাজ্যিক প্ৰক্ৰিয়াত ই সাহাৰ্য্য আগবঢ়ায়। বিশেষকৈ পলিং বুটসমূহ অনাত এই সংগঠনে সহায় আগবঢ়ায়।
  • বিভিন্ন কল্যাণকামী কাৰ্য্য যেনে পথ, দলং, বিদ্যালয় মেৰামতি/নিৰ্মাণ আদি কাৰ্য্য আৰু লগতে বৃক্ষৰোপণৰ দৰে কাৰ্য্য হাতত লয়।
  • সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত তেওঁলোকে শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে সভা আহ্বান কৰে আৰু প্ৰাসংগিক সামাজিক বিষয়সমূহৰ বাবে সজাগতা শিবিৰৰ আয়োজন কৰে।

সবাটোকৈ গুৰুত্বপূৰ্ণ কথা এই যে ভি ডি পি বা গাওঁ সুৰক্ষা দলসমূহ সমাজৰ তৃণমূল পৰ্যায়ৰ অৰ্থাৎ সমাজৰ প্ৰাথমিক গোট হোৱা হেতুকে ইয়াত সংঘটিত হোৱা যিকোনো ঘটনা যেনে সংঘৰ্ষ, দুৰ্ঘটনা আৰু প্ৰাকৃতিকভাৱে সংঘটিত হোৱা দুৰ্যোগ যেনে ভূমিকম্প, বানপানী আদিৰ সময়ত তেওঁলোকে প্ৰথম সহায়কাৰীৰ ভূমিকাত অৱতীৰ্ণ হয়। এনে সময়ত যেতিয়া দুৰ্যোগ সংঘটিত হোৱা স্থানত অন্য কোনো চৰকাৰী উদ্ধাৰকাৰী গোট উপস্থিত হ’ব নোৱাৰে তেনে সময়ত ভি ডি পি সমূহ তেনে স্থানত উপস্থিত হৈ প্ৰাথমিক সেৱা প্ৰদান কৰে, দুৰ্গত জনৰ জীৱন ৰক্ষা কৰে আৰু পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনে।

দৰমহা

পঞ্জীকৃত ভি ডি পি সকলক উৎসাহ আৰু সাহাৰ্য্য প্ৰদান কৰিবৰ উদ্দেশ্যে চৰকাৰে তেওঁলোকলৈ জেপ খৰচ প্ৰদান কৰে। সেই অনুসৰি ১৯৬৪৪ গৰাকী ভি ডি পি য়ে ৫০০/- টকাকৈ পকেট খৰচ লাভ কৰে আৰু ২৩৭ গৰাকী ভি ডি পি যিয়ে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটীলৈ ৰেলপথত কৰ্তব্য সম্পাদন কৰে তেওঁলোকে প্ৰতিমাহে ১৫০০/- টকাকৈ লাভ কৰে।

ভি ডি পি সকলে তলত উল্লিখিত সা-সৰঞ্জামসমূহ লাভ কৰে:

  • যাঠি।
  • ভিডিপি বেজ।
  • কোট/কম্বল।
  • কোৰ্ড থকা হুইছেল।
  • ৰেইনকোট/ছাটি।
  • লেম্প/টৰ্চলাইট।
  • ৰঙা টঙালি।
  • নায়ক বেজ।

অসমৰ মুখ্যমন্ত্ৰীয়ে কৰ্তব্য সম্পাদন কৰি থাকোঁতে মৃত্যু হোৱা ভিডিপি স্বেচ্ছাসেৱীসকলৰ নিকট আত্মীয়লৈ এক লাখ টকা প্ৰদান কৰে। প্ৰতিবছৰে ২৯ জানুৱাৰী তাৰিখে নিৰ্ধাৰিত স্থানত কেন্দ্ৰীয়ভাৱে এই সংগঠনৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই প্ৰতিষ্ঠা দিৱস পালনৰ সময়ত ইয়াত কৰ্মৰত স্বেচ্ছাসেৱীসকলে তেওঁলোকৰ দৈনন্দিন কাম-কাজ আৰু অন্যান্য বিষয়সমূহৰ সন্দৰ্ভত সংগঠনৰ মুখ্য নিয়ন্ত্ৰক আৰু অন্যান্য বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে। তদুপৰি এই অনুষ্ঠানতেই সৰ্বোৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা চিঅ’, ভি ডি অ’ আৰু ভি ডি পি সকললৈ তেওঁলোকৰ কৰ্মৰ স্বীকৃতিস্বৰূপে বঁটা প্ৰদান কৰা হয়।

উন্নিতকৰণ আৰু আধুনিকীকৰণ

গাওঁ সুৰক্ষা সংগঠনৰ উন্নিতকৰণ আৰু আধুনিকীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ২০১৪-২০১৫ বিত্তীয় বৰ্ষত ভি ডি পি সকলক প্ৰদান কৰা হোৱা উল্লিখিত সঁজুলিসমূহৰ উপৰি চৰকাৰে ভি ডি পি সকলক মেলেৰিয়া ঔষধ প্ৰয়োগ কৰা আঁঠুৱা আৰু ছীমকাৰ্ডেৰে সৈতে ম’বাইল হেণ্ডছেট প্ৰদান কৰে। চৰকাৰে এয়া ঘোষণা কৰে যে গাওঁ সুৰক্ষা দলৰ সদস্যসকলক গৃহৰক্ষী বাহিনীত ভৰ্তিৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও ২৫ খন জিলাৰ আৰক্ষী থানাত ভি ডি পি সকলৰ বাবে ২৫ টা সভাঘৰ নিৰ্মাণ কৰি থকা হৈছে আৰু ইয়াৰে এটা আৰক্ষী মুখ্য কাৰ্য্যালয়ত যোৱাটো বিত্তীয় বৰ্ষত নিৰ্মাণ কৰি উলিওৱা হয়।

গাওঁ সুৰক্ষা সংগঠনৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে এনে বহু আঁচনি আৰু প্ৰস্তাৱত চৰকাৰে সন্মতি প্ৰদান কৰিছে। ইয়াৰে কিছুসংখ্যকৰ বিষয়ে তলত উল্লেখ কৰা হ’ল:

  • অসমৰ ১১৩ খন আৰক্ষী থানাৰ বাবে ১১৩ টা চি অ, ভি ডি অ পদ সৃষ্টি কৰা। এই আৰক্ষী থানাসমূহে চি অ, ভি ডি অ অবিহনেই এই থানাসমূহৰ অধীনত কাম কৰি থকা ভিডিপি সমূহৰ কাম-কাজসমূহ পৰিদৰ্শন কৰি আছে।
  • ১৯৮৮১ গৰাকী পঞ্জীকৃত ভিডিপি ৰ মাজত প্ৰদান কৰা হোৱা সঁজুলিসমূহৰ মানদণ্ড আৰু ইয়াৰ সংখ্যাৰ উত্তৰণ ঘটোৱা। পঞ্জীকৃত আৰু অপঞ্জীকৃত বিডিপি সকলৰ মাজত চাইকেল বিতৰণ কৰা বিষয়টো বিবেচনা কৰা হৈছে। এই ব্যৱস্থাই ঘূৰি ফুৰি পহৰা দিয়া ব্যৱস্থাত ইয়াৰ সদস্যসকলৰ বাবে কৰ্তব্য সম্পাদনত সহায়ক হ’ব। লগতে এই ব্যৱস্থাৰ জৰিয়তে জৰুৰীকালীন সময়ত তেওঁলোকে আৰক্ষীৰ সৈতে সমন্বয় ৰক্ষা কৰি কৰ্তব্য সম্পাদন কৰিবলৈ সক্ষম হ’ব।
  • সাধাৰণ কৰ্তব্য সম্পাদন কৰা ১৯৬৪৪ ভিডিপি ৰ বেতন ৫০০ টকাৰ পৰা ১৫০০ টকালৈ বৃদ্ধি কৰা হয়। আনহাতে ২৩৭ গৰাকী পঞ্জীভুক্ত ভিডিপি যিয়ে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটীলৈ ৰেলপথত পহৰা দিয়া কৰ্তব্য সম্পাদন কৰে তেওঁলোকৰ বেতন ১৫০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰা হয়।
  • জিলাত কাৰ্য্য সম্পাদন কৰি থকা ৪০৫৮ অ-পঞ্জীকৃত ভিডিপি ক পঞ্জীয়ন কৰা যাতে এই ভিডিপি সমূহেও পঞ্জীকৃত ভিডিপি সমূহৰ দৰে সা-সুবিধাসমূহ লাভ কৰিব পাৰে।
  • প্ৰতিখন জিলাৰ পৰা দুগৰাকীকৈ ভিডিপি স্বেচ্ছাসেৱকক প্ৰশিক্ষক হিচাপে গঢ়ি তুলিবলৈ প্ৰশিক্ষণ প্ৰদান কৰা।
  • সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত মৃত্যুবৰণ কৰা ভিডিপি স্বেচ্ছাসেৱীৰ নিকট আত্মীয়লৈ তিনি লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হয় আৰু কৰ্তব্য সম্পাদন কৰি থাকোঁতে অন্য কাৰণত মৃত্যু হোৱা ভিডিপি স্বেচ্ছাসেৱীৰ নিকট আত্মীয়লৈ দুই লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হয়।
  • মাহিলী দৰমহা বৃদ্ধি। মুখ্য উপদেষ্টাৰ দৰমহা :: ২০০০ টকাৰ পৰা ৩০০০০ টকা, উপদেষ্টাৰ দৰমহা :: ১৫০০ টকাৰ পৰা ২৫০০০ টকা (ফিক্সড ভ্ৰমণ বানচ অন্তৰ্ভুক্তিৰে), উপ-উপদেষ্টাৰ দৰমহা :: ৮০০ টকাৰ পৰা ২০০০০ টকা (ফিক্সড ভ্ৰমণ বানচ অন্তৰ্ভুক্তিৰে)।
  • ভি ডি অ মুখ্য কাৰ্য্যালয়ৰ পৰা পৰিচালনা কৰিব পৰা ডেটাবেছ সৃষ্টিৰ প্ৰক্ৰিয়া কাৰ্য্য ইতিমধ্যে আৰম্ভ কৰা হৈছে।
  • স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাৰ স্মৃতিত যোৰহাটত তেখেতৰ আৱক্ষ মুৰ্তি আৰু স্মাৰক কক্ষ স্থাপন।
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ” শীৰ্ষক গীতটি ভি ডি অ’, অসমৰ বিষয় গীত হিচাপে লোৱা হয়।
  • গণতন্ত্ৰ দিৱসৰ পেৰেডত ‘ভিডিপি’ ৰ প্ৰদৰ্শন।

VDO act, 1966

VDO Report, 2013-15

VDO volunteers who died on duty

registered VDPs in Districts