মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অধিক
অসম আৰক্ষীৰ শাখাসমূহ
আৰক্ষী আয়ুক্তালয়

কৃতিত্বসমূহ

২০১৬ চনত আৰক্ষীয়ে সম্পন্ন কৰা ভাল কামসমূহৰ প্ৰধান আকৰ্ষণ তলত উল্লেখ কৰা ধৰণৰ।

  • ২০১৬ বৰ্ষৰ ৩১ মাৰ্চ তাৰিখে মহানগৰ আৰক্ষীৰ অপৰাধ শাখা আৰু গুৱাহাটী পূব আৰক্ষী জিলাৰ এটি দলে মটৰগাড়ী/বাইক আদি বাহন চুৰিৰ ঘটনা প্ৰতিৰোধৰ বাবে এক বিশেষ চৈৰ্য্য প্ৰতিৰোধী অভিযান সম্পন্ন কৰে যি অভিযানৰ ফলস্বৰূপে চাৰিখন ভেটেৰান ভিহিকল লিফটাৰ উদ্ধাৰ কৰা হয়। এই অভিযানৰ সময়ছোৱাত এই অভিযানকাৰী দলটোৱে আঠ জাই সক্ৰিয় গুলিসহ এটা ৰিভলভাৰ আৰু এখন গ্লেমাৰ মটৰ চাইকেল উদ্ধাৰ কৰে। ভঙাগড় আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ গোচৰ নং ৪৬/১৬ ইউ/এছ ৩৬৪ (এ) ত এই গোচৰ পঞ্জীয়ন হৈ আছে।
  • ২০১৬ চনৰ ১৫ মাৰ্চ তাৰিখৰ পৰা সন্ধানহীন হোৱা বুলি প্ৰতিবেদন প্ৰকাশ পোৱা এগৰাকী ২১ বছৰীয়া যুৱতীৰ ধৰ্ষণ আৰু নিৰ্মম হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন অভিযুক্তক নুনমাটি আৰক্ষীৰ সহযোগত অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে। অপৰাধীকেইজনে এই অপৰাধ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে। আৰক্ষীৰ এই কাৰ্য্যক জনসাধাৰণ আৰু মিডিয়া উভয়েই প্ৰশংসা কৰে। নুনমাটি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ গোচৰ নং ১১১.১৬ ইউ/এছ ৩০২/২০১/৩৭৬ ত এই গোচৰ ৰুজু হয়।
  • ২০১৬ চনৰ ২৫ মে’ তাৰিখে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে দুজন এনডিএফবি (সং) কেডাৰক বাগসা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ দমৰীয়া গাওঁ আৰু দিশপুৰ আৰক্ষী থানাৰ অধীনৰ শিৱনগৰ পাহাৰীয়া অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। এনডিএফবি ৰ নামত তেওঁলোকে জনসাধাৰণ ৰ পৰা ধন দাবীৰ অপৰাধৰ সৈতে জড়িত আছিল। দিশপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ গোচৰ নং ১২০৯/১৬ ইউ/এছ ১২১/১২১(এ)/৩৮৪/৩৮৭ আইপিচি আৰ/ডব্লিউ খণ্ড ১০/১৩/১৭ ইউএ (পি) এক্ট ত এই গোচৰ ৰুজু হৈ আছে।
  • ২০১৬ চনৰ ১ জুন তাৰিখে বিশেষ সূত্ৰৰ পম খেদি মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে চিৰাং জিলাৰ অন্তৰ্গত বিজনী আৰক্ষী থানাৰ অধীনৰ আমগুৰি ৰাণী জোৰা গাঁৱৰ এনডিএফবি (সং) কেডাৰক পল্টনবজাৰ অঞ্চলৰ পৰা কৰায়ত্ত কৰে। ইয়াৰ পৰৱৰ্তী সময়ত শোণিতপুৰ জিলাৰ গাজেৰজুলি বাতাছিপুৰ গাঁৱৰ আন এজন এনডিএফবি কেডাৰক ডিমাপুৰৰ মিঞা বস্তিৰ পৰা গ্ৰেপ্তাৰ কৰে। পল্টনবজাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫২/১৬ ইউ/এছ ১২১/১২১(এ) আইপিচি আৰ/ডব্লিউ দফা ১০/১৭/২০ ইউএ (পি) এক্ট নম্বৰত এই গোচৰ পঞ্জীয়ন হৈ আছে।
  • ২০১৬ চনৰ ২ জুন তাৰিখে পল্টনবজাৰ আৰক্ষীয়ে এক কোটি টকা লুট হোৱা বুলি খবৰ লাভ কৰা ৰ ২৪ ঘণ্টাৰ ভিতৰত ৮২ লক্ষ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগতে এই ডকাইতিৰ সৈতে জড়িত চাৰিজন ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই আটাইকেইজন ডকাইতেই ধুবুৰী জিলাৰ। পল্টনবজাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৩/১৬ ইউ/এছ ৩৮১ আইপিচি ত এই গোচৰ পঞ্জীয়ন হৈছে।
  • ২০১৬ চনৰ ৫ জুন তাৰিখে চিমন হাউচ কেচ হিচাপে জনাজাত এটি ঘটনাৰ গোচৰ তৰা হয়। এই ঘটনাত পল্টনবজাৰৰ চিমন হাউচত হঠাতে অগ্নিকাণ্ড সংঘটিত হৈ এজন ব্যক্তিৰ প্ৰাণহানি হোৱা বুলি গোচৰত উল্লেখ কৰা হয়। পল্টনবজাৰ আৰক্ষীৰ অপৰাধ শাখা আৰু ধেমাজি আৰক্ষীয়ে যুটীয়া অনুসন্ধান চলাই এই ঘটনাৰ সৈতে জড়িত দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে। পল্টনবজাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৯/১৬ ইউ/এছ ১২০ (বি)/৪৩৬/৩৮০/৩০২/২০১ আইপিচি নম্বৰৰ এটি গোচৰত এই গোচৰ পঞ্জীয়ন কৰা হৈছে।
  • ২০১৬ চনৰ ১৩ জুনৰ দিনা নিশা ৯:৩০ বজাত ফটাশিল আমবাৰী আৰক্ষী থনাৰ অন্তৰ্গত ভাস্কৰ নগৰৰ এগৰাকী গহনা ব্যৱসায়ীক মটৰ চাইকেলেৰে অহা দুৰ্বৃত্তৰ দলে লুট কৰাৰ লক্ষ্যৰে গুলিচালনা কৰাৰ এটা ঘটনা সংঘটিত হয়। এই ঘটনা সংঘটিত হোৱাৰ দুদিনৰ ভিতৰত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই ফটাশিল আমবাৰীৰ আৰক্ষীৰ সহযোগত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ফটাশিল আমবাৰী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ অস্ত্ৰ আইনৰ ২৮১/১৬ ইউ/এছ ৩৯৪/৩৯৭ আইপিচি আৰ/ডব্লিউ ধাৰা ২৫ (১এ)/২৭(২) নম্বৰ গোচৰত এই গোচৰ পঞ্জীয়ন হৈ আছে।
  • ২০১৬ চনৰ ২১ জুন তাৰিখে গোপন সূত্ৰৰ ভিত্তিত ডিমাপুৰৰ পৰা গুৱাহাটীলৈ নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰি থকাৰ খবৰ লাভ কৰি দিশপুৰ আৰক্ষীৰ সহযোগত অপৰাধ শাখাই ক্ষিপ্ৰ অনুসন্ধান চলায় আৰু এই অনুসন্ধানৰ সময়ছোৱাত (এনএল-০২চি-৪৯২১) নম্বৰৰ এখন মহিন্দ্ৰা বলেৰ’ গাড়ীত অভিযান চলাই নাগালেণ্ড আৰু মণিপুৰৰ দুজন ব্যক্তিৰ পৰা ৭৫০ গ্ৰাম হেৰ’ইন জব্দ কৰে। দিশপুৰ আৰক্ষী থানাত নিচাযুক্ত দ্ৰব্য আইনৰ ১৪৮৭/১৬ ইউ/এছ ২১(চি)/২৯ নম্বৰ গোচৰত এই গোচৰ পঞ্জীয়ন কৰা হয়।
  • ২০১৬ চনৰ ২৫ আগষ্ট তাৰিখে দিনৰ ২:৩০ বজাত এজনী আঠ বছৰীয়া ছোৱালীৰ অপহৰণৰ কেচ দাখিল কৰা হয়। এই অপহৰণ নতুনকৈ ঘৰৰ বনকৰা মহিলা হিচাপে নিয়োজিত মহিলাই সংঘটিত কৰে। দাখিল কৰা হোৱা এই অভিযোগত বনকৰা মহিলাগৰাকীৰ প্ৰকৃত পৰিচয় আৰু ঠিকনা নাছিল। অপৰাধ শাখা আৰু বশিষ্ঠ আৰক্ষী থানাৰ এটা দলে জোৰদাৰ অভিযান চলাই ১২ ঘণ্টাতকৈ কম সময়ৰ ভিতৰত বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰবৰী গাঁৱৰ পৰা এই অপৰাধৰ সৈতে জড়িত ছয়গৰাকী অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে আৰু নিৰাপদ অৱস্থাত ছোৱালীজনীক উদ্ধাৰ কৰে। মহানগৰ আৰক্ষীৰ এই কাৰ্য্যক অভিযোগ উত্থাপনকাৰী ব্যক্তি, মিডিয়া আৰু ৰাইজে ভূয়সী প্ৰশংসা কৰে। অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে এই কাৰ্য্যৰ বাবে বিষয়া, কৰ্মচাৰী আৰু নাগৰিক সকলক উচ্চ প্ৰশংসা কৰে। বশিষ্ঠ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৮৩৬/২০১৬ ইউ/এছ ৩৬৪ (এ) আইপিচি নম্বৰ গোচৰত এই গোচৰ পঞ্জীয়ন হয়।
  • ২০১৬ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে দুগৰাকী ব্যক্তিয়ে বেংক অৱ ইণ্ডিয়াৰ ৪১৫১০০১১১.০০/- টকা মূল্যৰ এখন চেক বেংক অৱ ইণ্ডিয়া ওদালবাক্ৰা শাখাৰ কাৰ্য্যালয়ত জমা দিয়ে। এই চেকখন মুম্বাইত থকা বেংক অৱ ইণ্ডিয়াৰ প্ৰধান শাখাৰ পৰা মহ প্ৰাথমিক শিক্ষণ পৰিষদৰ দ্বাৰা উলিওৱা হয় কিন্তু এই ব্যক্তি দুগৰাকীয়ে জালিয়াতিৰে কোনোবা এ কে দত্ত নামৰ ব্যক্তিৰ একাউণ্টত এই ধনৰাশি জমা কৰাবলৈ চেষ্টা কৰে। লগতে সেই দত্ত উপাধিৰ ব্যক্তিগৰাকীৰ স্বাক্ষৰ সম্বলিত আৰু তিনিখন বেংক অৱ ইণ্ডিয়াৰ চেক আৰটিজি কৰাৰ নিৰ্দেশেৰে গুৱাহাটীৰ বেংকৰ আৰু দুটা শাখাত জমা দিয়াৰ তথ্য ধৰা পৰে। পিছত এই কাৰ্য্য প্ৰবঞ্চনা বুলি ধৰা পৰে। দিশপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ২১৪৭/১৬ ইউ/এছ ১২০(বি)/৪৬৮/৪২০/৪০৬/৫১১ আইপিচি নম্বৰ গোচৰত এই গোচৰ পঞ্জীয়ন কৰা হয়।
  • ২০১৬ চনৰ ৬ চেপ্তেম্বৰ তাৰিখে এটি অনুৰূপ ঘটনা গোচৰ পঞ্জীয়ন কৰা হয়। মহ প্ৰাথমিক শিক্ষণ পৰিষদৰ বেংক অৱ ইণ্ডিয়াৰ মুম্বাই প্ৰধান শাখাৰ ১৯৪০৩১০০০.০০/- টকা মূল্যৰ এখন চেক কোনোবা এ কে শৰ্মাৰ একাউণ্টৰ পৰা উলিয়াবলৈ বেংক অৱ ইণ্ডিয়াৰ পাণবজাৰ মুখ্য কাৰ্য্যালয়ৰ পৰা উলিয়াবলৈ জমা দিয়া হয়। বেংকৰ তথ্যৰ আদান প্ৰদান আৰু বেংক বিষয়াৰ সহযোগিতাৰ বাবে অপৰাধ শাখাই অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। পাণবজাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ নম্বৰত ৩৮৫/১৬ ইউ/এছ ১২০ (বি)/৪২০/৪০৬/৪৬৮/৪৭১ আইপিচি নম্বৰ গোচৰত এই গোচৰ পঞ্জীয়ন কৰা হৈছে।
  • ২০১৬ চনৰ ৬ অক্টোবৰ তাৰিখে এক গোচৰৰ ভিত্তিত অপৰাধ শাখা আৰু ফটাশিল আমবাৰী আৰক্ষীয়ে এগৰাকী মহিলাক মানৱ সৰবৰাহকাৰী দলৰ পৰা উদ্ধাৰ কৰাৰ দায়িত্ব লাভ কৰে। আৰক্ষীৰ দলটোৱে ইয়াৰ বাবে পঞ্জাৱলৈ ৰাওনা হয় আৰু পঞ্জাৱ আৰক্ষীৰ সহযোগত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ভুক্তভোগী মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ফটাশিল আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৪৯/১৬ ইউ/এছ ১২০(বি)/৩৬৬ আইপিচি নম্বৰ গোচৰত এই গোচৰ পঞ্জীয়ন কৰা হয়।
  • ২০১৬ চনৰ ১১ অক্টোবৰ তাৰিখে এগৰাকী অভিযোগকাৰীয়ে এক অভিযোগ উত্থাপন কৰে আৰু এই অভিযোগত উল্লেখ কৰে যে কিছুসংখ্যক অচিনাক্ত দুৰ্বৃত্তই এঘৰত গৰাকীৰ অনুপস্থিতিত ঘৰৰ পৰা এটা অনুজ্ঞাপত্ৰ থকা ৱেবলি এণ্ড স্কট .৩২ বোৰ ৰিভলভাৰ আৰু নগদ ৫০০০০.০০/- টকা লৈ উধাওঁ হয়। এনে অস্ত্ৰ চুৰি হোৱা ঘটনাই জনসাধাৰণৰ সুৰক্ষাৰ দিশত গভীৰ নেতিবাচক প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। অপৰাধ শাখাই ভঙাগড়ৰ ওচৰৰ পৰা এই চুৰি হোৱা অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মহানগৰ আৰক্ষী আয়ুক্তই এই কাৰ্য্যৰ বাবে আৰক্ষী আৰু সহযোগকাৰী জনসাধাৰণক উচ্চ প্ৰশংসা কৰে। চানমাৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৭৪৪/২০১৬ ইউ/এছ ৪৫৭/৩৮০ আইপিচি নম্বৰ গোচৰত এই গোচৰ পঞ্জীয়ন কৰা হৈছে।
  • ২০১৬ চনৰ ১২ নৱেম্বৰ তাৰিখে এক বিশেষ সূত্ৰৰ পম খেদি পল্টনবজাৰ আৰক্ষী থানাৰ অধীনৰ মণিপুৰী বস্তিৰ অপ্সৰা চিনেমা হলৰ সমীপৰ নগা হোটেলৰ পৰা নাগালেণ্ডৰ পৰা অহা এজন পুৰুষ আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা এটা পিস্তল আৰু গুলি উদ্ধাৰ কৰে। পল্টনবজাৰ আৰক্ষী থানাত অস্ত্ৰ আইনৰ অধীনত ৯৪৮/১৬ ইউ/এছ ২৫(১)(এ) আৰ্মছ এক্ট এটি গোচৰ ৰুজু কৰা হয়।
  • ২০১৬ চনৰ ১৪ নৱেম্বৰ তাৰিখে অভিযোগকাৰী (এগৰাকী জ্যেষ্ঠ চৰকাৰী কৰ্মচাৰী) য়ে এটি খামত এখন পত্ৰ লাভ কৰে য’ত এনডিএফবি ৰ আই কে সংবিজিতৰ স্বাক্ষৰেৰে তেওঁলৈ দহ লাখ টকা দাবী কৰি প্ৰেৰণ কৰা হয়। আৰক্ষীৰ অপৰাধ শাখাই এই কাৰ্য্যৰ সৈতে জড়িত ডিব্ৰুগড় জিলাৰ চাবুৱা নিবাসী জি দাস নামৰ এগৰাকী ব্যক্তিক ২০১৬ ৰ ১২ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ জিএনআৰচি ৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁ স্বীকাৰ কৰে যে সহজলভ্য ধনৰ লোভত তেওঁ এনে কাৰ্য্য সংঘটিত কৰে। পাণবজাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১০১৫/২০১৬ ইউ/এছ ১২০(বি)/৩৮৭ আইপিচি নম্বৰ গোচৰত এই গোচৰ ৰুজু কৰা হৈছে।

২০১৬ চনত আৰক্ষীয়ে কৰা ভাল কামসমূহৰ প্ৰধান বিৱৰণি

  • ২ ডিচেম্বৰ ২০১৫: ফটাশিল আমবাৰী আৰক্ষীয়ে আঠটা চুৰি ম’বাইল হেণ্ডছেট সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ভৰলুমুখ আৰক্ষীয়ে সফলতাৰে সাতটা চুৰি ম’বাইল হেণ্ডছেট আৰু এটা লেপটপ উদ্ধাৰ কৰে আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।সোণাপুৰ আৰক্ষীয়ে এক সফল অভিযান চলায় য’ত তেওঁলোকে মেঘালয়ৰ পৰা অপহৃত গাড়ীচালকৰে সৈতে এখন চুৰি কৰা গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
  • ২৭ নৱেম্বৰ ২০১৫: গুৱাহাটী অপৰাধ শাখা আৰু দিশপুৰ আৰক্ষীয়ে ২০১৫ ৰ আঠ নৱেম্বৰত ডকাইটি আৰু হত্যাকাণ্ড সংঘটিত কৰা লুটুমা কাণ্ডৰ চাৰিজন অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে লুট কৰা সামগ্ৰীসমূহ তেওঁলোকৰ পৰা উদ্ধাৰ কৰে।
  • ১৩ নৱেম্বৰ ২০১৫: বশিষ্ঠৰ ‘এচিপি’ য়ে নেতৃত্ব প্ৰদান কৰা এক অভিযানত হাতীগাওঁ আৰক্ষীয়ে চাৰিজন অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা পাঁচটা চুৰি লেপটপ, পোন্ধৰটা ম’বাইল হেণ্ডছেট অন্যান্য বহু মূল্যবান সামগ্ৰী উদ্ধাৰ কৰে।
  • ২৮ অক্টোবৰ ২০১৫: এটি গুৰুত্বপূৰ্ণ অভিযানত বশিষ্ঠ আৰক্ষীয়ে বশিষ্ঠ অঞ্চলৰ পৰা ৪০০০ গিলেটিন ষ্টিক, ১০০০ ডিট’নেটৰ আৰু ২০৫০ ইলেকট্ৰনিক ডিটনেটৰসহ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।
  • ২১ অক্টোবৰ ২০১৫: গুৱাহাটীৰ অপৰাধ শাখাই ব্ৰিংকছ আৰ্য্যা চুৰি ঘটনা সংঘটিত হোৱাৰ ১২ ঘণ্টাৰ ভিতৰত এই অপৰাধৰ সৈতে জড়িত ছয়জন অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি হোৱা ১৬০৫০০০০.০০/- টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
  • ১৯ অক্টোবৰ ২০১৫: গুৱাহাটীৰ অপৰাধ শাখা আৰু পল্টনবজাৰ আৰক্ষীয়ে অভিযান চলাই ২০৩৫০০.০০/- টকাৰ জালনোটসহ ছজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।