মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অসম আৰক্ষীৰ শাখাসমূহ

নদী আৰক্ষী

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাক সামৰি লৈ চাৰিখন নদী আৰক্ষী থানা আৰু ছয়টা নদী আৰক্ষী আউটপোষ্ট নিৰ্মাণৰ লক্ষ্যৰে চৰকাৰৰ জাননী নং এইছএমপি ৩০৭/৭৯/৫২ তাৰিখ ২৪/৭/৭৯ অনুসৰি নদী আৰক্ষী সংগঠন স্থাপিত হয়।


বিত্তীয় শক্তিৰ প্ৰতিনিধি মণ্ডলী

অসমৰ ৰাজ্যপালে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক (বি) ক চৰকাৰী জাননী নং এইছএমপি.৩০৭/৭৯/৭১ তাৰিখ ১৫-১১-১৯৭৯ অনুসৰি নদী আৰক্ষী সংগঠনৰ আহৰণ আৰু বিতৰণ বিষয়াৰূপে নিযুক্তি প্ৰদান কৰে। বিত্ত (বি) বিভাগৰ সৈতে ঐক্যবদ্ধভাৱে ইউঅ নং ফেব ৩৮০/৭৯ তাৰিখ ১২-১১-১৯৭৯ ত উল্লেখ থকা অনুসৰি অসম চৰকাৰৰ গৃহ (এ) বিভাগৰ পত্ৰ সংখ্যা এইছএমএ ৩৬৪/২০১২/২০ তাৰিখ ২১-২-২০১৩ অনুসৰি নদী আৰক্ষী সংগঠন, অসম, গুৱাহাটীৰ বাবে পৰিদৰ্শকৰ পদ সৃষ্টি কৰা হয়। ইউঅ নং এফইচি (২) ১৭৪৩/২০১২ তাৰিখ ২০-১২-২০১২ অনুসৰি বিত্ত (ইচি-২) বিভাগৰ সহযোগত এই সন্মতি প্ৰদান কৰা হয়।

কাৰ্য্যসমূহ

  • নদীপথ আৰু ব্ৰহ্মপুত্ৰ নদীৰ চৰ অঞ্চলত সংঘটিত অপৰাধ ধৰা পেলোৱা আৰু এনে অপৰাধমূলক ঘটনা প্ৰতিৰোধ কৰা।
  • ব্ৰহ্মপুত্ৰ নদীৰ নদীপথসমূহত আৰু চৰ অঞ্চলসমূহত আইন-শৃংখলা বজাই ৰখা।
  • ব্ৰহ্মপুত্ৰ নদীৰ নদীপথ আৰু চৰ অঞ্চলসমূহত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ, সমাজ বিৰোধী উপাদান আৰু সামগ্ৰীৰ চোৰাং সৰবৰাহ আদিত চোকা দৃষ্টি ৰখা।
  • ব্ৰহ্মপুত্ৰ নদীপথেৰে বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশ ধৰা পেলোৱা আৰু ইয়াক ৰোধ কৰা।
  • অকৰ্তৃত্বশীল নাও, যন্ত্ৰচালিত নাও আদিৰ ওপৰত দৃষ্টি ৰখা।
  • ভাৰত বাংলাদেশ সীমাত মুঠ ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নদী অঞ্চল আছে।
  • ভাৰত বাংলাদেশ সীমাত মুঠ ১৩৭.৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভূমি অঞ্চল আছে।

নদী আৰক্ষী থানাসমূহ

  1. গোৱালপাৰা জিলাত অৱস্থিত গোৱালপাৰা নদী আৰক্ষী থানা (পঞ্চৰত্ন)।
  2. শুৱালকুছি নদী আৰক্ষী থানা।
  3. শোণিতপুৰ জিলাত অৱস্থিত তেজপুৰ নদী আৰক্ষী থানা।
  4. শোণিতপুৰ জিলাত অৱস্থিত বিশ্বনাথ ঘাট নদী আৰক্ষী থানা।

নদী আৰক্ষী চকী

  1. বুঢ়াবুঢ়ী (মহামায়া) নদী আৰক্ষী চকী, ধুবুৰী জিলা।
  2. নগৰবেৰা নদী আৰক্ষী চকী, কামৰূপ জিলা।
  3. বেঁকী নদী আৰক্ষী চকী, বৰপেটা জিলা।
  4. পাণ্ডু নদী আৰক্ষী চকী (এতিয়াও মুকলি হোৱা নাই), গুৱাহাটী আৰক্ষী আয়ুক্তালয়।
  5. চন্দেৰদিঙ্গা নদী আৰক্ষী চকী, ধুবুৰী জিলা।
  6. মাজেৰাল্গা নদী আৰক্ষী চকী, বঙাইগাওঁ জিলা।
  7. আই নদী আৰক্ষী চকী, বঙাইগাওঁ জিলা।