মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অসম আৰক্ষীৰ শাখাসমূহ

স্পেশ্যাল টাস্ক ফ’ৰ্চ

অসম আৰক্ষীৰ স্পেশ্যাল টাস্ক ফ’ৰ্চ হৈছে বিশেষ অভিযান, মানদণ্ডপূৰ্ণ অনুসন্ধান আৰু জিলা আৰক্ষীৰ সামৰ্থ্যৰ বাহিৰৰ বিপদসংকুল উগ্ৰপন্থী অভিযান সম্পন্ন কৰিব পৰা আৰক্ষীৰ এক বিশেষ শাখা। ইয়াৰ উপৰিও স্পেশ্যাল টাস্ক ফ’ৰ্চ আৰক্ষী গোটে সন্ত্ৰাসবাদ সম্পৰ্কীয় জটিল কেচসমূহ অনুসন্ধান কৰে।

সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ উপৰিও স্পেশ্যাল টাস্ক ফ’ৰ্চৰ আন এক লক্ষ্য হৈছে পৰিকল্পিত অপৰাধসমূহৰ অনুসন্ধান কৰা কাৰণ সন্ত্ৰাসবাদী সংগঠনসমূহৰ পৰিকল্পিত অপৰাধৰ সৈতে সম্পৰ্ক ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

স্পেশ্যাল টাস্ক ফ’ৰ্চৰ মুৰব্বীৰ দায়িত্ব আৰক্ষী মহাপৰিদৰ্শক পৰ্যায়ৰ উচ্চপদষ্ট বিষয়াই গ্ৰহণ কৰে। তেওঁক অতিৰিক্ত আৰক্ষী অধীক্ষকে সহায় কৰে। স্পেশ্যাল টাস্ক ফ’ৰ্চ আৰক্ষী গোট কাৰ্য্যকৰী কোষ, অনুসন্ধান কোষ, প্ৰযুক্তি কোষ, তদাৰকী কোষ, লজিষ্টিক কোষ আৰু স্পেশ্যাল টাস্ক ফ’ৰ্চ আৰক্ষী থানা আদি উপাদানেৰে গঠিত।

২০০৮ চনৰ ৪ অক্টোবৰ তাৰিখে জাননী সংখ্যা HMA.1087/2007/37 ৰ জৰিয়তে স্পেশ্যাল টাস্ক ফ’ৰ্চ আৰক্ষী থানা স্থাপনৰ দিশত গুৰুত্ব প্ৰদান কৰা হয় আৰু লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ নিয়ন্ত্ৰণৰ অধীনত অসমৰ বিভিন্ন এলেকা সামৰি লৈ গুৱাহাটীৰ আইজিপি কাৰ্য্যালয়ত ইয়াৰ মুখ্য কাৰ্য্যালয় স্থাপনৰ বিষয়টো অনা হয়। এই কাৰ্য্যালয়ৰ অপৰাধ অনুসন্ধান কাৰ্য্যসমূহৰ ভিতৰত আছে:

  • সন্ত্ৰাসবাদী কাৰ্য্যকলাপসমূহৰ অনুসন্ধান য’ত দেশৰ বাহিৰৰ পৰা সন্ত্ৰাসবাদী গোটে নিয়ন্ত্ৰণ কৰা বিষয়সমূহ আৰু ৰাজ্যৰ ভিতৰত কোনো ব্যক্তিয়ে সম্পাদন কৰা ভাৰত বিৰোধী কাৰ্য্যকলাপসমূহ অনুসন্ধানৰ আওতালৈ অনা হয়।
  • গাড়ী চুৰি, হাৱালা, নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ, স্মাগলিং, জালনোট, মাফিয়া দল, অপৰাধমূলক ছিণ্ডিকেট আদি ওৰ্গেনাইজড বা পৰিকল্পিত অপৰাধৰ ক্ষেত্ৰসমূহত আৰু আভ্যন্তৰীণ সুৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে হানিকাৰক পৰিকল্পিত অপৰাধসমূহৰ অনুসন্ধান কৰে।
  • কাৰ্য্যালয় গোপনীয়তা আইন, ১৯২৩, বিস্ফোৰক পদাৰ্থ আইন, ১৯০৮ আৰু পাৰপত্ৰ আইন ১৯৬৭ ৰ সৈতে সম্বন্ধিত মামলাসমূহৰ পঞ্জীয়ন আৰু অনুসন্ধান কৰা।
  • ৰাষ্ট্ৰৰ বিৰুদ্ধে কৰা অপৰাধসমূহ যেনে যুদ্ধ ঘোষণা, ভাৰত চৰকাৰৰ বিৰুদ্ধে ৰাজদ্ৰোহ আদিৰ দৰে অপৰাধৰ অনুসন্ধান কৰা।
  • আভ্যন্তৰীণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে হানিকাৰক চাইবাৰ অপৰাধসমূহৰ অনুসন্ধান।
  • যিকোনো শ্ৰেণীৰ বিশেষ অপৰাধ যি ৰাজ্য চৰকাৰে বিশেষ ৰূপে আঙুলিয়াই দিয়ে তেনে প্ৰকাৰৰ অপৰাধসমূহৰ অনুসন্ধান কৰা।

ইয়াত থকা প্ৰযুক্তি কোষৰ তথ্য খনন সামৰ্থ্য ইয়াৰ এক বিশেষ বৈশিষ্ট্য। প্ৰযুক্তি কোষেই হৈছে এই বিভাগৰ প্ৰধান বুদ্ধিমত্তাসম্পন্ন বিশ্লেষক কোষ যি কোষে গোপনীয় প্ৰযুক্তিগত তথ্যসমূহৰ বাবে ডেউকা হিচাপে কাৰ্য্য সম্পাদন কৰে। স্পেশ্যাল টাস্ক ফ’ৰ্চৰ কাৰ্য্যৰ সুবিধাৰ অৰ্থে এক উচ্চ বিশেষীকৃত গোট আৰু লগতে এটা বিশেষ চাইবাৰ পৰীক্ষাগাৰ আৰু অতিৰিক্ত সা-সুবিধাৰো ব্যৱস্থা কৰি থকা হৈছে।

অসম আৰক্ষীৰ স্পেশ্যাল টাস্ক ফ’ৰ্চ শাখা চৰকাৰী জাননী সংখ্যা HMA 1087/2007/30 তাৰিখ ৭/৭/২০০৮ অনুসৰি ২০০৮ চনৰ জুলাই মাহৰ ৭ তাৰিখে গঠিত হয়। গুৱাহাটীৰ পাণবজাৰত ইয়াৰ কাৰ্য্যালয় অৱস্থিত।