মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অধিক
অসম আৰক্ষীৰ শাখাসমূহ
সীমা

কাৰ্য্যসমূহ

কাৰ্য্যসমূহ

  • অবৈধ বিদেশী নাগৰিকৰ সন্ধান উলিওৱা আৰু অসমৰ পৰা বহিষ্কাৰ কৰা আৰু অনুপ্ৰৱেশ ৰোধ কৰা।
  • আন্তঃৰাজ্যিক সীমাৰ উন্নয়নসমূহৰ পৰ্যবেক্ষণ কৰা।
  • নদীকাষৰীয়া অঞ্চলসমূহত সংঘটিত হোৱা অপৰাধমূলক কাৰ্য্য প্ৰতিহত কৰা।

অবৈধ বিদেশী ধৰা পেলোৱা আৰু বহিষ্কাৰ কৰা

২০০৫ বৰ্ষৰ ১২ জুলাই তাৰিখে ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে অবৈধ অনুপ্ৰৱেশ আইন, ১৯৮৩ ৰদ কৰাৰ পূৰ্বে অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণ কাৰ্য্য আইএম(ডি)টি আইন, বিদেশী আইন, ১৯৪৬ আৰু বিদেশী ন্যায়াধিকৰণ আদেশ, ১৯৬৪ ৰ অধীনত কৰি অহা হৈছিল। আইএম(ডি)টি আইনৰ বাতিলকৰণৰ পিছত অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণ সংক্ৰান্তীয় সকলোবোৰ কাৰ্য্য বিদেশী ৰ আইন, ১৯৪৬ আৰু বিদেশী ন্যায়াধিকৰণ আদেশ, ১৯৬৪ ৰ অধীনত সম্পাদন কৰা হয়।

বিদেশী ন্যায়াধিকৰণ

আইএম(ডি)টি আইনৰ বাতিলকৰণৰ পিছত অসম চৰকাৰে বিদেশীৰ আইনৰ অধীনত থকা গোচৰসমূহৰ সিদ্ধান্ত গ্ৰহণ আৰু ডি ভোটাৰ গোচৰসমূহৰ কাৰ্য্যসমূহ পৰিচালনা কৰিবৰ উদ্দেশ্যে আগতে থকা এঘাৰটা বিদেশী ন্যায়াধিকৰণৰ সৈতে যোগ দি অতিৰিক্তভাৱে আৰু ২৫ সংখ্যক বিদেশী ন্যায়াধিকৰণৰ সৃষ্টি কৰে। সম্প্ৰতি এই সমূহ ৩৬ টা ন্যায়াধিকৰণেই কাম কৰি আছে।

আঙুলিৰ চাপ আৰু আলোকচিত্ৰ

অসম চৰকাৰৰ জাননী নং PLB.149/2008/Pt/8 তাৰিখ ২১/১০/২০০৯ অনুসৰি এক বিজ্ঞপ্তি প্ৰকাশ কৰা হয় য’ত উল্লেখ আছে যে অবৈধ বিদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কৰণ প্ৰক্ৰিয়াত অসম চৰকাৰৰ আৰক্ষী বিষয়াসকলক কৰ্তৃত্ব প্ৰদান কৰি ৰাজ্যপালে সন্তুষ্টি প্ৰকাশ কৰিছে। বিদেশী ন্যায়াধিকৰণত পঞ্জীয়ন হোৱা গোচৰৰ সংক্ৰান্তত বা তাৰ আগতেই সন্দেহজনক বিদেশী নাগৰিকৰ আঙুলিৰ চাপ আৰু আলোকচিত্ৰ গ্ৰহণ কৰা হয়।

আটক কেন্দ্ৰ

চৰকাৰৰ জাননী পত্ৰ নং PLB.149/2008/88 তাৰিখ ১৭/৬/২০০৯ অনুসৰি অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰাৰ লগে লগে বিদেশী ব্যক্তিক আবদ্ধ কৰি থৈ পিছত তেওঁলোকক তেওঁলোকৰ স্থানত এৰি দিয়া সময়লৈকে আটক কৰি ৰাখিবৰ সুবিধাৰ্থে আটক কেন্দ্ৰ বা ডিটেনশ্যন চেণ্টাৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।