অবৈধ বিদেশী নাগৰিকক আটক কৰিবলৈ আৰু বহিষ্কাৰ কৰিবলৈ আৰু ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাৰে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ অসম আৰক্ষী সীমা বিষয়াসকলক অসমৰ সকলো জিলাতে নিযুক্ত কৰা হয়।
১৯৯৯ চনৰ ১৮ মাৰ্চ তাৰিখে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত নতুন দিল্লীত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকত সীমা সুৰক্ষা বলৰ পিছত দ্বিতীয় শাৰী প্ৰতিৰক্ষা হিচাপে অনুপ্ৰৱেশকাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আৰু অবৈধ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ এটি শক্তি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্ত অনুসৰি অসমৰ তিনিখন সীমান্তবৰ্তী জিলা ধুবুৰী, কাছাৰ আৰু কৰিমগঞ্জ ত তিনিটা মুখ্য কাৰ্য্যালয় স্থাপনেৰে ২৮ টা দ্বিতীয় শাৰী প্ৰতিৰক্ষা গোট বিঅপি স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বৰ্তমানে ১২ সংখ্যক বিঅপি আৰু দুটা কাৰ্য্যকৰীক মুখ্য কাৰ্য্যালয়ে সীমিত উপলব্ধ সম্পদেৰে কাম কৰি আছে। পৰৱৰ্তী সময়ত প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সকলো সা-সুবিধা উপলব্ধ হ’লে বাকী থকা বিঅপি সমূহক কাৰ্য্যক্ষম কৰি তোলা হ’ব। এই বিষয়ত অসম চৰকাৰৰ ওচৰত মেম’ সংখ্যা ADGP(B)/III(A)construction/225/2006/5812 dtd. 05.10.2006 জৰিয়তে বিঅ’পি আৰু দুটা কাৰ্য্যকৰীক মুখ্য কাৰ্য্যালয় নিৰ্মাণৰ প্ৰস্তাৱ দাখিল কৰা হৈছে।
দ্বিতীয় শাৰী প্ৰতিৰক্ষা ব্যৱস্থা ‘বিঅ’পি’ৰ উপৰিও ১৫ সংখ্যক পিপি অৰ্থাৎ পেট্ৰল পোষ্ট আছে যি অসমৰ সীমান্তবৰ্তী জিলা ধুবুৰী আৰু কৰিমগঞ্জত অৱস্থিত। পিপি (পেট্ৰল পোষ্ট) ৰ কাম হৈছে অনুপ্ৰৱেশকাৰীৰ অনুপ্ৰৱেশ প্ৰতিৰোধ কৰা।
অসমৰ সীমান্তবৰ্তী দুখন জিলা ধুবুৰী আৰু কৰিমগঞ্জত ৰাজ্যত প্ৰৱেশ কৰা যান-বাহনৰ যাত্ৰীৰ বৈধ নথিপত্ৰ পৰীক্ষা কৰিবলৈ ছয়টা আইচিপি (ইমিগ্ৰেশ্যন চেক পোষ্ট) আছে। মেম’ সংখ্যা ADGP(B)/III(A)/65/2006/5713 dtd. 25.09.2006 জৰিয়তে চৰকাৰৰ ওচৰত পিপিচিপি সমূহৰ উন্নয়ন আৰু সবলীকৰণৰ বাবে এটি প্ৰস্তাৱ দাখিল কৰা হৈছে।
ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাত অসম আৰক্ষী সীমা সংগঠন আৰু সীমা সুৰক্ষা বলে যুটীয়াভাৱে পহৰা দি আহিছে।
অসম আৰক্ষী সীমা সংগঠনৰ বিষয়াসকলক অসমত অনুপ্ৰৱেশৰ সাম্ভাব্য ক্ষেত্ৰ থকা ২০ খন জিলাত স্থাপিত ১৫৯ টা নিৰীক্ষণ চকীত নিয়োগ কৰা হৈছে যাতে এই বিষয়াসকলে অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাই তেওঁলোকৰ বিৰুদ্ধে উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
ক্ৰমিক নং | জিলা | মুঠ নিৰীক্ষণ চকীৰ সংখ্যা | কাৰ্য্যকৰী | অকাৰ্য্যকৰী |
---|---|---|---|---|
১ | ধুবুৰী | ২৪ | ১২ | ১২ |
২ | দক্ষিণ শালমৰা | ১৩ | ৪ | ৯ |
৩ | মৰিগাওঁ | ৯ | ৯ | |
৪ | নগাওঁ | ১২ | ১২ | |
৫ | হোজাই | ১১ | ১১ | |
৬ | কোকৰাঝাৰ | ৮ | ৫ | ৩ |
৭ | কৰিমগঞ্জ | ৯ | ৯ | |
৮ | শোণিতপুৰ | ৪ | ৪ | |
৯ | বিশ্বনাথ | ১ | ১ | |
১০ | কামৰূপ | ১১ | ৭ | ৪ |
১১ | কাছাৰ | ৮ | ৭ | ১ |
১২ | উত্তৰ লখিমপুৰ | ৬ | ৬ | |
১৩ | বঙাইগাওঁ | ৭ | ৬ | ১ |
১৪ | গোৱালপাৰা | ৭ | ৭ | |
১৫ | হাইলাকান্দি | ১ | ১ | |
১৬ | ধেমাজি | ২ | ২ | |
১৭ | গুৱাহাটী মহানগৰ | ৩ | ৩ | |
১৮ | দৰং | ৩ | ৩ | |
১৯ | নলবাৰী | ৪ | ৪ | |
২০ | বৰপেটা | ৯ | ৪ | ৫ |
২১ | ওদালগুৰি | ৪ | ৪ | |
২২ | চিৰাং | ১ | ১ | |
২৩ | বাকসা | ৩ | ২ | ১ |
২৪ | মুঠ | ১০ | ১২০ | ৪০ |
আন্তঃৰাজ্যিক সীমাৰ উন্নয়ন পৰ্যবেক্ষণ কৰা আৰু চৰকাৰক অৱগত কৰা। চুবুৰীয়া ৰাজ্যৰ লোকৰ অভিগমন ৰ পৰা আন্তঃৰাজ্যিক সীমাক সুৰক্ষা প্ৰদান কৰি আন্তঃৰাজ্যিক সীমাত বসবাস কৰা অসমৰ বাসিন্দাসকলৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাই হৈছে ইয়াৰ কৰ্তব্য। মুঠ ৮১ সংখ্যক বিঅ’পি য়ে অসমৰ আন্তঃৰাজ্যিক সীমাত কাম কৰি আছে। এই বিঅ’পি সমূহত অসম আৰক্ষী আৰু নিৰপেক্ষ শক্তিৰ বিষয়া কৰ্মচাৰীয়ে কাম কৰি আছে আৰু এই সংবেদনশীল ক্ষেত্ৰসমূহত সতৰ্ক দৃষ্টি ৰাখিছে। অসমৰ বিভিন্ন জিলাত আন্তঃৰাজ্যিক সীমাৰে সৈতে নতুন বিঅ’পি স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কাৰ্য্য অনতিপলমে সংসাধন কৰা হ’ব।
ক্ৰমিক নং | চুবুৰীয়া ৰাজ্য | সীমাৰ দৈৰ্ঘ্য |
---|---|---|
১ | মেঘালয় | ৮৮৪.৯০ কিলোমিটাৰ |
২ | অৰুণাচল প্ৰদেশ | ৮০৪.১০ কিলোমিটাৰ |
৩ | নাগালেণ্ড | ৫১২.১০ কিলোমিটাৰ |
৪ | মিজোৰাম | ১৬৪.৬০ কিলোমিটাৰ |
৫ | মণিপুৰ | ২০৪.১০ কিলোমিটাৰ |
৬ | পশ্চিমবংগ | ১২৭.০০ কিলোমিটাৰ |
৭ | ত্ৰিপুৰা | ৪৬.৩০ কিলোমিটাৰ |
সৰ্বমুঠ | ২৭৪৩.১০ কিলোমিটাৰ |
ক্ৰমিক নং | জিলা | নাগালেণ্ড | অৰুণাচল | মেঘালয় | মিজোৰাম | মণিপুৰ | ত্ৰিপুৰা | পশ্চিমবংগ | সৰ্বমুঠ |
---|---|---|---|---|---|---|---|---|---|
১ | ডিব্ৰুগড় | - | ৫২ কিলোমিটাৰ | - | - | - | - | - | ৫২ কিলোমিটাৰ |
২ | লখিমপুৰ | - | ৬৭.২ কিলোমিটাৰ | - | - | - | - | - | ৬৭.২ কিলোমিটাৰ |
ধেমাজি | - | ১৭৮.১ কিলোমিটাৰ | - | - | - | - | - | ১৭৮.১ কিলোমিটাৰ | |
তিনিচুকীয়া | - | ২২৭ কিলোমিটাৰ | - | - | - | - | - | ২২৭ কিলোমিটাৰ | |
যোৰহাট | ১০১ কিলোমিটাৰ | - | - | - | - | - | - | ১০১ কিলোমিটাৰ | |
গোলাঘাট | ১৬০ কিলোমিটাৰ | - | - | - | - | - | - | ১৬০ কিলোমিটাৰ | |
শিৱসাগৰ | ৯৭ কিলোমিটাৰ | ২৯ কিলোমিটাৰ | - | - | - | - | - | ১২৬ কিলোমিটাৰ | |
কাৰ্বি আংলং | ৮০ কিলোমিটাৰ | - | - | - | - | - | - | ৮০ কিলোমিটাৰ | |
শোণিতপুৰ | - | ২১০ কিলোমিটাৰ | - | - | - | - | - | ২১০ কিলোমিটাৰ | |
ডিমা হাছাও | ২০ কিলোমিটাৰ | - | ৩০ কিলোমিটাৰ | - | ১০ কিলোমিটাৰ | - | - | ৬০ কিলোমিটাৰ | |
ওদালগুৰি | - | ২৪.৯০ কিলোমিটাৰ | - | - | - | - | - | ২৪.৯০ কিলোমিটাৰ | |
কাছাৰ | - | - | ১৬ কিলোমিটাৰ | ৩০ কিলোমিটাৰ | ৪৮.৫ কিলোমিটাৰ | - | - | ৯৪.৫ কিলোমিটাৰ | |
কৰিমগঞ্জ | - | - | - | ১৬ কিলোমিটাৰ | - | ৩৬ কিলোমিটাৰ | - | ৫২ কিলোমিটাৰ | |
হাইলাকান্দি | - | - | - | ৭৬ কিলোমিটাৰ | - | - | - | ৭৬ কিলোমিটাৰ | |
গোৱালপাৰা | - | - | ১৫০ কিলোমিটাৰ | - | - | - | - | ১৫০ কিলোমিটাৰ | |
কোকৰাঝাৰ | - | - | - | - | - | - | ৩৩.৬ কিলোমিটাৰ | ৩৩.৬ কিলোমিটাৰ | |
ধুবুৰী | - | - | ১০৮ কিলোমিটাৰ | - | - | - | ১৮ কিলোমিটাৰ | ১২৬ কিলোমিটাৰ | |
কামৰূপ | - | - | ১২৮.১ কিলোমিটাৰ | - | - | - | - | ১২৮.১ কিলোমিটাৰ | |
কামৰূপ মহানগৰ জিলা | - | - | ৩৫ কিলোমিটাৰ | - | - | - | - | ৩৫ কিলোমিটাৰ | |
মৰিগাওঁ | - | - | ৯ কিলোমিটাৰ | - | - | - | - | ৯ কিলোমিটাৰ | |
হামৰেণ | - | - | ৮৮.২ কিলোমিটাৰ | - | - | - | - | ৮৮.২ কিলোমিটাৰ | |
মুঠ | ৪৫৮ কিলোমিটাৰ | ৭৮৮.২০ কিলোমিটাৰ | ৫৬৪.৩ কিলোমিটাৰ | ১২২ কিলোমিটাৰ | ৫৮.৫ কিলোমিটাৰ | ৩৬ কিলোমিটাৰ | ৫১.৬ কিলোমিটাৰ | ২৭৪৩.১০ কিলোমিটাৰ |
নদীপথেৰে ৰাজ্যত অনুপ্ৰৱেশ ৰোধৰ বাবে নদী আৰক্ষী সংগঠনে সতৰ্ক দৃষ্টি ৰাখে। বৰ্তমানে চাৰিখন নদী আৰক্ষী থানা আৰু সাতটা নদী আৰক্ষী চকী আছে। মেম’ সংখ্যা DGP(B)/III(A)/IRBn/238/930 Dated. 03/04/2009 ৰ জৰিয়তে চৰকাৰৰ ওচৰত নদী আৰক্ষীৰ এটি নতুন শাখা ইণ্ডিয়া ৰিজাৰ্ভ (আইআৰ) বেটেলিয়ন স্থাপনৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে।