মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

বীৰাঙ্গনা

বীৰাঙ্গনা  

২০১২ চনৰ এপ্ৰিল মাহত অসমৰ তেতিয়াৰ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী জয়ন্ত নাৰায়ণ চৌধুৰীৰ উদ্যোগত প্ৰাথমিক পৰ্যায়ত ১৬ গৰাকী মহিলা আৰক্ষীৰ এটি দলক তামিলনাডুত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই দলটোক বীৰাঙ্গনা গোট হিচাপে নামকৰণ কৰা হয়। বিভিন্ন গোটৰ মহিলা আৰক্ষী কনিষ্টবলসকলক তেতিয়াৰ আৰক্ষী মহাপৰিদৰ্শক (আইজিপি) আৰু বৰ্তমানৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ৰেলৱে) ভাৰতীয় আৰক্ষী সেৱা বিষয়া শ্ৰী বি জে মহন্তৰ তত্বাৱধানত বিটিচি ডেৰগাঁৱত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই দলে বিংশ সংখ্যক ইভেণ্টত ৪ কেজি ১২৭ গ্ৰাম ওজনবিশিষ্ট .৩০৩ নং ১ মাৰ্ক ৪ ৰাইফল প্ৰদৰ্শন কৰে। 
প্ৰশিক্ষক হিচাপে শ্ৰীমতী ববী বৈশ্য আৰু শ্ৰীমতী মন্দিৰা চেত্ৰীয়ে প্ৰশিক্ষণ প্ৰদান কৰে। এই দলৰ মহিলা আৰক্ষী কনিষ্টবলসকলক বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত আছে ছেলিয়েণ্ট ড্ৰিল, ইউএচি, কামাণ্ডো প্ৰশিক্ষণ, মটৰ চাইকেল চালনা আৰু আইন সম্পৰ্কীয় বিষয়সমূহ। 
২০১৫ চনৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে এই গোট কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ কামাণ্ডেণ্টৰ নিয়ন্ত্ৰণাধীন। এই মহিলা আৰক্ষী বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰাৰ অন্তত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধসমূহ ধৰা পেলাবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ গুৱাহাটীত অৱস্থিত আৰক্ষী আয়ুক্তালয়ত নিয়োগ কৰা হয়।