মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

চাইবাৰ অপৰাধ আৰু চাইবাৰ ফৰেনচিকছ

জিলা পৰ্যায়ৰ আৰক্ষীত সুনিপুণ কাৰিকৰী জ্ঞানসম্পন্ন   
জটিল চাইবাৰ অপৰাধ যিসমূহ সুনিপুণ কাৰিকৰী অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ অভাৱত জিলা পৰ্যায়ৰ আৰক্ষীয়ে সঠিকভাৱে অনুসন্ধান কৰাত ব্যৰ্থ হয় সেইসমূহ অনুসন্ধান কৰিবৰ উদ্দেশ্যে চাইবাৰ অপৰাধ কোষ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি) ৰ মুখ্য কাৰ্য্যালয়ত কৰ্মৰত। 
ইয়াত অনুসন্ধান কৰা অপৰাধসমূহ এনেধৰণৰ- 
(১) সামাজিক মাধ্যমত কৰা প্ৰবঞ্চনা। 
(২) বিত্তীয় প্ৰবঞ্চনা। 
(৩) ই-মেইল, ফেচবুক, বেংক একাউণ্ট হেকিং। 
(৪) ভুৱা একাউণ্ট খোলা কাৰ্য্য। 
(৫) ফেচবুকত অশ্লীল ফটো বা অশালীন বক্তব্য প্ৰকাশ কৰা। 

চাইবাৰ অপৰাধৰ গোচৰ কেনেকৈ পঞ্জীয়ন কৰিব (ফেচবুক) 
(১) সমূহ বিষয় উল্লেখ কৰি এখন অভিযোগ পত্ৰ লিখিব লাগে। 
(২) নিকটৱৰ্তী আৰক্ষী থানাত ‘এফআইআৰ’ দাখিল কৰিব লাগে।
(৩) অভিযোগ পত্ৰৰ সৈতে স্ক্ৰিণশ্বট ফটোও দাখিল কৰিব লাগে। 
(ক) তথ্য আৰু ফটো পোষ্ট কৰা পৃষ্ঠাৰ স্ক্ৰিণশ্বট লওক।  
(খ) অনলাইন পৃষ্ঠাটোৰ স্ক্ৰিণশ্বট ল’বলৈ কীবোৰ্ডত থকা স্ক্ৰিণশ্বট বুটাম টিপক আৰু পেইণ্ট বা ৱৰ্ড ফাইললৈ গৈ কীবোৰ্ডত থকা Ctrl+V টিপি পেষ্ট কৰক। 
(গ) এই তথ্যখিনি জেপিজি বা পিএনজি ফৰম্যাটত চেভ কৰি ইয়াৰ চপা পৃষ্ঠা উলিয়াওক। 
(ঘ) ফেচবুক পৃষ্ঠাটোৰ ইউআৰএল চেভ কৰি ইয়াৰ চপা পৃষ্ঠা উলিয়াওক। 
(৫) সদায়ে ব্ৰাউজাৰত ফেচবুক খোলক যাতে ইয়াৰ পৰা ইউআৰএল চপা পৃষ্ঠা উলিয়াব পৰা হয়। 
চাইবাৰ ফৰেনচিক গৱেষণাগাৰ 
চাইবাৰ ফৰেনচিক বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিবৰ উদ্দেশ্যে চাইবাৰ ফৰেনচিক বিষয়ৰ সকলো সা-সুবিধাৰে সমৃদ্ধ এটি প্ৰশিক্ষণ কেন্দ্ৰ ২০১০ বৰ্ষৰ শেষৰ ফালে অপৰাধ অনুসন্ধান বিভাগ (চিআইডি) ৰ মুখ্য কাৰ্য্যালয়ত স্থাপন কৰা হয়। 
এই গৱেষণাগাৰৰ এটা FRED (Forensic Recovery Evidence Device) যন্ত্ৰ আছে আৰু এটা ‘ট্ৰু ইমেজাৰ টুল’ যন্ত্ৰ আছে, এই যন্ত্ৰৰ সহায়ত হাৰ্ড ডিস্ক আৰু পেন ড্ৰাইভৰ ব্যৱহাৰেৰে ইমেজিনিং আৰু কেচসমূহৰ তথ্যসমূহ বিশ্লেষণ কৰি ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হয়। 
অনুসন্ধানকাৰী বিষয়াসকলে চাইবাৰ সম্পৰ্কীয় অপৰাধসমূহ অনুসন্ধান কৰাৰ ক্ষেত্ৰত এই যন্ত্ৰসমূহ সহায়ক হৈছে।