মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

শিশু অধিকাৰ আৰু হেল্পলাইন

ৰাষ্ট্ৰসংঘত শিশু অধিকাৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা অধিৱেশনে ভাৰতত ১৯৯২ চনত অনুমোদন লাভ কৰে। নিম্ন উল্লিখিত শিশু অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হয়- 

  • জীয়াই থকাৰ অধিকাৰ: অধিৱেশনত উল্লিখিত অধিকাৰ অনুসৰি ‘জীয়াই থকাৰ অধিকাৰ’ ই সুস্বাস্থ্য সহকাৰে জীয়াই থকাটো সুনিশ্চিত কৰে। ইয়াত পৰিপুষ্টি লাভ কৰাৰ লগতে সুস্বাস্থ্য সম্পৰ্কীয় সকলো সা-সুবিধা শিশুসকলে লাভ কৰি তেওঁলোকে এটি সুন্দৰ জীৱন নিৰ্বাহ কৰা বিষয়টো অন্তৰ্ভুক্ত কৰা হয়।
  • সুৰক্ষা লাভ কৰাৰ অধিকাৰ: অধিৱেশনত উল্লেখ কৰা অনুসৰি এই অধিকাৰে শিশুসকলক সকলো প্ৰকাৰৰ শোষণ, উৎপীড়ন, নিষ্পেষণ, অমানৱীয় আচৰণ আদিৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাৰ নিশ্চয়তা প্ৰদান কৰে। এই অধিকাৰে জৰুৰীকালীন অৱস্থা আৰু যুদ্ধ-বিগ্ৰহৰ সময়ছোৱাত শিশুক বিশেষ সুৰক্ষা প্ৰদান কৰাৰ বাবে সংকল্পবদ্ধ।
  • বিকাশৰ অধিকাৰ: বিকাশৰ অধিকাৰে শিক্ষা গ্ৰহণৰ অধিকাৰ সামৰি লয় আৰু লগতে ইয়াৰ বাবে প্ৰয়োজন হোৱা সকলো সা-সুবিধা প্ৰদানৰ বিষয়টো আৰু লগতে প্ৰাক শৈশৱ কালৰ যতন আৰু সামাজিক সুৰক্ষাৰ বিষয়টো অন্তৰ্ভুক্ত হয়।
  • অংশগ্ৰহণৰ অধিকাৰ: এই সভাৰ সিদ্ধান্ত অনুসৰি অংশগ্ৰহণৰ অধিকাৰে শিশুসকলক সঠিক অথ্য প্ৰদান আৰু চিন্তা আৰু মত, বিবেক আৰু ধৰ্ম প্ৰকাশৰ স্বাধীনতা প্ৰদান কৰে। শিশুৰ ধাৰণা আৰু চিন্তাধাৰা প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে শিশুসকলে স্বাধীনতা লাভ কৰি তেওঁলোকৰ ধাৰণা আৰু ইয়াত প্ৰদান কৰা মূল্যৰ ক্ষেত্ৰত কিমানখিনি অগ্ৰগতি লাভ কৰিছে সেয়া পৰ্যবেক্ষণ কৰা।

ৰাষ্ট্ৰসংঘৰ অধিৱেশনত গ্ৰহণ কৰা হোৱা শিশুৰ এই অধিকাৰ সমূহৰ উপৰিও ভাৰতীয় সংবিধানে নিৰ্ধাৰিত কৰা শিশু অধিকাৰসমূহ তলত দিয়া ধৰণৰ।  

  • ওঠৰ বছৰ বয়সৰ তলৰ কোনো লোককে খনিত কাম কৰাৰ বাবে অনুমতি প্ৰদান কৰা নহয়। (খনি (সংশোধনী) আইন, ১৯৮৩)।
  • ১৪ বছৰ বয়স সম্পূৰ্ণ নোহোৱা কোনো লোককে কোনো কাৰখানাত কাম কৰাৰ বাবে অনুমতি প্ৰদান কৰা নহয়। (কাৰখানা আইন, ১৯৪৮)

কিশোৰ ন্যায় আইন, ১৯৮৬

কিশোৰ ন্যায় আইন প্ৰণয়নৰ উদ্দেশ্য হৈছে অৱহেলিত কিশোৰ অপৰাধীসকলৰ প্ৰতি যত্ন, সুৰক্ষা, চিকিৎসা সেৱা আৰু পুনৰ সংস্থাপন সুবিধা আগবঢ়োৱা আৰু অপৰাধী কিশোৰ-কিশোৰীৰ বিচাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা।

চাইল্ডলাইন

চাইল্ডলাইন হৈছে এক ২৪ ঘণ্টাযোৰা উপলব্ধ বিনামূলীয়া সেৱা। যিসকল শিশু তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত সেই শিশুসকলক এই সেৱা উপলব্ধ কৰাবলৈ ইয়াৰ আৰম্ভণি ঘটোৱা হয়। এই সেৱা লাভ কৰিবলৈ প্ৰতিগৰাকী শিশু অথবা তেওঁলোকৰ অভিভাৱকে ১০৯৮ নম্বৰ ডায়েল কৰিব লাগে। ভাৰতৰ গুৰুত্বপূৰ্ণ চহৰ সমূহত এই সেৱা ইতিমধ্যে প্ৰদান কৰা হৈছে। গুৱাহাটীত অনতিপলমে এই সেৱাৰ শুভাৰম্ভ কৰা হ’ব।