মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

নাগৰিকৰ অধিকাৰ

গ্ৰেপ্তাৰৰ ক্ষেত্ৰত সন্মানীয় উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰিত কৰি দিয়া নিম্নলিখিত নিৰ্দেশনাৱলীৰ সঠিক ব্যৱহাৰ হোৱা বিষয়টো অনুগ্ৰহ কৰি নিশ্চিত হওক।
(১) কোনো ব্যক্তিক গ্ৰেপ্তাৰৰ কৰ্তব্যত নিয়োজিত বিষয়াৰ হাতত গ্ৰেপ্তাৰৰ স্পষ্ট কাৰণ থাকিব লাগে আৰু বিষয়াগৰাকীৰ পৰিচয়, তেওঁৰ নাম আৰু পদ উল্লিখিত টেগ থাকিব লাগে। এই কৰ্তব্যত নিয়োজিত সকলো আৰক্ষী বিষয়াৰ লগত অভিযুক্তক গ্ৰেপ্তাৰৰ স্পষ্ট কাৰণ থকাৰ লগতে বিষয়াগৰাকীৰ পৰিচয় স্পষ্ট ৰূপত উল্লেখ থাকিব লাগে। এই দায়িত্বত নিয়োজিত প্ৰত্যেক বিষয়াৰ সন্দৰ্ভত পঞ্জীয়ন বহীত লেখ ৰাখিব লাগে। 
(২) গ্ৰেপ্তাৰৰ দায়িত্বত নিয়োজিত আৰক্ষী বিষয়াই কোনো ব্যক্তিক গ্ৰেপ্তাৰৰ পূৰ্বে গ্ৰেপ্তাৰৰ মেম’ প্ৰস্তুত কৰি ল’ব লাগে আৰু এনে মেম’ অন্ততঃ এগৰাকী সাক্ষীৰ উপস্থিতিত প্ৰত্যয়িত কৰা হ’ব লাগে। এই সাক্ষী ব্যক্তিগৰাকী তেওঁৰ পৰিয়ালৰ সদস্য হ’ব পাৰে নতুবা সংশ্লিষ্ট ব্যক্তিগৰাকী বসবাস কৰা স্থানৰ জ্যেষ্ঠ সন্মানীয় ব্যক্তি হ’ব পাৰে। এই মেম’ত আটকাধীন ব্যক্তিগৰাকীয়ে কৰা কাউণ্টাৰচাইন থাকিব আৰু তাত গ্ৰেপ্তাৰৰ সময় আৰু তাৰিখ থাকিব। 
(৩) এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ বা আটক কৰি আৰক্ষী থানাৰ জিম্মা বা অন্য বন্দীগৃহত ৰখা হ’লে ব্যক্তিগৰাকীক তেওঁৰ বন্ধু বা সম্পৰ্কীয় ব্যক্তি বা তেওঁৰ পৰিচিত অন্য ব্যক্তি যি আটকাধীন ব্যক্তিগৰাকীৰ বাবে হিত চিন্তা কৰে তেওঁক এই বিষয়ে অনতিপলমে অৱগত কৰিবলৈ অধিকাৰ প্ৰদান কৰা হয়।   
 (৪) আটকাধীন ব্যক্তিগৰাকীৰ নিকট আত্মীয় বা বন্ধু জিলা বা চহৰৰ বাহিৰত বসবাস কৰিলে আটকাধীন ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা সময়, গ্ৰেপ্তাৰৰ স্থান আৰু জিম্মাত লোৱা স্থানৰ বিষয়ে আৰক্ষী বিষয়াগৰাকীয়ে জিলাত থকা আইনী সাহাৰ্য্য সংগঠনৰ জৰিয়তে ব্যক্তিগৰাকীক গ্ৰেপ্তাৰৰ আঠৰ পৰা বাৰ ঘণ্টাৰ ভিতৰত নিকট আত্মীয় ব্যক্তিগৰাকী থকা স্থানৰ অন্তৰ্গত আৰক্ষী থানাত টেলিগ্ৰাফৰ জৰিয়তে জাননী প্ৰদান কৰিব লাগে। 
(৫) এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰৰ লগে লগে তেওঁৰ গ্ৰেপ্তাৰৰ বিষয়ে আত্মীয় ব্যক্তিক অৱগত কৰোৱাৰ তেওঁৰ অধিকাৰ সন্দৰ্ভত তেওঁক সচেতন কৰি তুলিব লাগে।
(৬) আটক কৰা স্থানত থকা ডায়েৰীত ইয়াত প্ৰৱেশৰ বিৱৰণ, এগৰাকী ব্যক্তিৰ গ্ৰেপ্তাৰৰ কাৰণ আৰু লগতে তেওঁৰ নিকটাত্মীয় বা নিকট বন্ধু যাক এই বিষয় সন্দৰ্ভত অৱগত কৰোৱা হয় তেওঁৰ সবিশেষ লিপিবদ্ধ কৰিব লাগে আৰু লগতে যিগৰাকী আৰক্ষী বিষয়াৰ জিম্মাত আটকাধীন ব্যক্তিগৰাকী আছে সেই বিষয়াগৰাকীৰ বিষয়ে সবিশেষ লিপিবদ্ধ কৰিব লাগে।      
(৭) ব্যক্তিগৰাকী গ্ৰেপ্তাৰ হ’বলগীয়া স্থানত তেওঁৰ শৰীৰ পৰীক্ষা কৰা হয় আৰু ব্যক্তিগৰাকীৰ শৰীৰত কোনো সৰু নতুবা ডাঙৰ ক্ষত স্থান প্ৰত্যক্ষ কৰিলে লগে লগে লিখি ৰাখিব লাগে। সেই মেম’খন গ্ৰেপ্তাৰ কৰা সময়ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ আৰক্ষী বিষয়া আৰু গ্ৰেপ্তাৰ বৰণ কৰা ব্যক্তিগৰাকীয়ে চহী কৰিব লাগে। ইয়াৰ এটা প্ৰতিলিপি আটকাধীন ব্যক্তিগৰাকীলৈ প্ৰদান কৰা হয়। 
(৮) গ্ৰেপ্তাৰ কৰা হোৱা ব্যক্তিগৰাকীক জিম্মাত থকা সময়ছোৱাত প্ৰতি ৪৮ ঘণ্টাৰ মূৰে মূৰে প্ৰশিক্ষিত চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। এই কৰ্তব্যত নিয়োজিত চিকিৎসকগৰাকী ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকৰ দ্বাৰা নিয়োগ কৰা হোৱা মনোনীত চিকিৎসক পেনেলৰ অন্তৰ্গত হ’ব লাগিব। ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকে প্ৰত্যেক জিলাৰ বাবে এনে চিকিৎসকৰ পেনেল প্ৰস্তুত কৰিব লাগে। 
(৯) গ্ৰেপ্তাৰৰ মেম’ আৰু লগতে সকলো নথিপত্ৰৰ প্ৰতিলিপি দণ্ডাধীশৰ ওচৰত তেওঁৰ ৰেকৰ্ডৰ বাবে প্ৰেৰণ কৰিব লাগে। 
(১০) জেৰাৰ সময়ছোৱাত আটকাধীন ব্যক্তিগৰাকীক তেওঁৰ অধিবক্তাক সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব পাৰে যদিও সমষ্ট জেৰাৰ সময়ছোৱাত ইয়াৰ বাবে অনুমতি প্ৰদান কৰা নহয়। 
(১১) আটাইবোৰ জিলা আৰু ৰাজ্য আৰক্ষী মুখ্য কাৰ্য্যালয়ত একোটাকৈ আৰক্ষী নিয়ন্ত্ৰণ কক্ষ প্ৰদান কৰিব লাগে য’ত আৰক্ষী মুখ্য কাৰ্য্যালয়ৰ বিষয়াই ব্যক্তি এগৰাকীক আৰক্ষী বিষয়াগৰাকীৰে সৈতে গ্ৰেপ্তাৰ কাৰ্য্যকৰী কৰাৰ ১২ ঘণ্টাৰ ভিতৰত এই সন্দৰ্ভত বাৰ্তালাপ কৰিব পাৰে আৰু আৰক্ষী নিয়ন্ত্ৰণ কক্ষত বিজ্ঞপ্তি ফলকত এয়া প্ৰদৰ্শন কৰিব লাগে।

জনসাধাৰণৰ অধিকাৰসমূহ

  • ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদত উল্লেখ থকা অনুসৰি আইনৰ দ্বাৰা প্ৰতিষ্ঠিত কোনো বিশেষ কাৰণৰ বাহিৰে কোনো কাৰণতে কোনো ব্যক্তিৰে ব্যক্তিগত স্বাধীনতা খৰ্ব কৰা নহয়। প্ৰতিগৰাকী ব্যক্তিৰে মানৱীয় মৰ্যাদাৰে সসন্মানে জীয়াই থকাৰ অধিকাৰ আছে আৰু ভাৰতীয় সংবিধানে জনসাধাৰণক সকলো প্ৰকাৰৰ উৎপীড়ণ আৰু আক্ৰমণৰ বিৰুদ্ধে উদ্ধাৰ কৰাৰ বাবে নিশ্চয়তা প্ৰদান কৰে।
  • ভাৰতীয় সংবিধানৰ ২০(৩) অনুচ্ছেদে এগৰাকী ব্যক্তিক আত্মবিষোদগাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে।
  • গ্ৰেপ্তাৰৰ কাৰণ সম্পৰ্কে অৱগত কৰা (চিআৰ. পি. চি আৰু উচ্চতম ন্যায়ালয়ৰ খণ্ড ৫০, ৫৫ আৰু ৭৫ ৰীট পিটিশ্বন (চিআৰএল) সংখ্যা ৫৩৯, ১৯৮৬ চন, ডি কে বসু বনাম পশ্চিমবংগ ৰাজ্য।)
  • অপ্ৰয়োজনীয় দমনমূলক নীতি বা শাসনৰ মুখামুখি নোহোৱাৰ অধিকাৰ (চিআৰপিচি ৰ খণ্ড ৪৯)।
  • অবৈধভাৱে আটক কৰি জিম্মাত ৰখা কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদৰ অধিকাৰ (চিআৰপিচি খণ্ড ৫৬, ৫৭ আৰু ৭৬)।
  • গ্ৰেপ্তাৰ হ’লে জামিনত মুক্তি লাভ কৰাৰ অধিকাৰ (চিআৰপিচি ৰ খণ্ড ৪৩৬, ৪৩, ৫০(২) আৰু ১৬৭)।
  • কোনো ব্যক্তিৰ সা-সম্পত্তি জব্দ হ’লে তেওঁৰ ৰচিদ লাভ কৰাৰ অধিকাৰ (চিআৰপিচি ৰ খণ্ড ১০০(৬) আৰু (৭))।
  • তেওঁৰ অনুৰোধত তেওঁৰ দ্বাৰা সংঘটিত অপৰাধৰ প্ৰমাণ খণ্ডন কৰিবলৈ
  • এক দ্ৰুতগামী অনুসন্ধানৰ সুবিধা লাভৰ অধিকাৰ (চিআৰপিচি খণ্ড ৩০৯)।
  • কোনো কোনো বিশেষ মোকৰ্দমাৰ ক্ষেত্ৰত ৰাজ্যই বহন কৰা খৰচেৰে আইনী সাহাৰ্য্য লাভ কৰাৰ অধিকাৰ (খণ্ড ৩০৪)।
  • গ্ৰেপ্তাৰ বা আটকাধীন হোৱা যিকোনো ব্যক্তিৰে তেওঁক গ্ৰেপ্তাৰ বা আটক কৰা হোৱা বিষয়টো তেওঁৰ বন্ধু বা আত্মীয় ব্যক্তিক অৱগত কৰোৱাৰ অধিকাৰ আছে। (উচ্চতম ন্যায়ালয়ৰ বিচাৰ, ৰীট পিটিশ্বন (চিআৰএল) নং ৫৩৯, ১৯৮৬ চন ডি কে বসু বনাম পশ্চিমবংগ ৰাজ্য)।
  • কোনো ব্যক্তিক যুক্তিসংগত কাৰণ অবিহনেই গ্ৰেপ্তাৰ বা আটক কৰা হ’লে তেওঁৰ ন্যায়ালয়ৰ আশ্ৰয় লোৱাৰ অধিকাৰ আছে। (ইউ/এছ ২২০ ভাৰতীয় দণ্ডবিধি আইন)।
  • কোনো ব্যক্তিয়ে ব্যক্তিগত সুৰক্ষাৰ স্বাৰ্থত গ্ৰহণ কৰা কোনো পদক্ষেপক অপৰাধ বুলি বিবেচনা কৰা নহয় (খণ্ড ৯৬, ভাৰতীয় দণ্ডবিধি আইন)।