মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

গাড়ী চুৰি তথ্য

গাড়ী চুৰি তথ্য চিআইডি, মুখ্য কাৰ্য্যালয়, গুৱাহাটী, অসমৰ গাড়ী চুৰি তথ্য কেন্দ্ৰ

অসম আৰক্ষীৰ অধীনস্থ চিআইডি মুখ্য কাৰ্য্যালয়ে চুৰি হোৱা আৰু উদ্ধাৰ কৰা মটৰগাড়ীৰ এটি তথ্য বেংক পৰিচালনা কৰি আহিছে। এই তথ্য বেংক ২০০২ চনৰ ৬ মে’ তাৰিখে গুৱাহাটীত অৱস্থিত চিআইডি মুখ্য কাৰ্য্যালয়ত মুকলি কৰা হয়। এই কাউণ্টাৰ স্থাপনৰ উদ্দেশ্য হৈছে জনসাধাৰণক হেৰুৱা আৰু চুৰি হোৱা গাড়ীৰ ষ্টেটাছ চোৱাৰ ক্ষেত্ৰত সা-সুবিধা প্ৰদান কৰা। এই কাউণ্টাৰে কোনো ব্যক্তিয়ে পুৰণি গাড়ী ক্ৰয় কৰিলে ব্যক্তিগৰাকীয়ে যাতে ভুলক্ৰমে চুৰি গাড়ী ক্ৰয় নকৰে সেয়া নিশ্চিত কৰিবলৈ আগতীয়া পৰীক্ষণৰ ব্যৱস্থা কৰে।

কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কাউণ্টাৰত অনুসন্ধান কৰিব বিচাৰিলে তেওঁ প্ৰ-পত্ৰ পূৰ কৰিব লাগে য’ত তেওঁৰ গাড়ীখনৰ সকলো বিৱৰণ গাড়ীৰ পঞ্জীয়ন নম্বৰ, চেচিছ নম্বৰ আৰু ইঞ্জিন নম্বৰ উল্লেখ কৰি ২০ টকাৰ মাচুলেৰে সৈতে এই কাৰ্য্যালয়ত আবেদন দাখিল কৰিব লাগে। এই মাচুল ৫০:৫০ অনুপাতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লাভ কৰে।

কাৰ্য্যপ্ৰণালী

নকল নামেৰে গাড়ীৰ অনুজ্ঞাপত্ৰ উলিয়াই তেওঁলোকৰ ফটো তাত ব্যৱহাৰ কৰি গাড়ীচালক হিচাপে নিয়োজিত হয়।

গাড়ীচালকৰ সহযোগত নতুবা গাড়ীচালকৰ সহযোগিতা অবিহনে অপৰাধীয়ে লক্ষ্য কৰি লোৱা মটৰগাড়ীৰ বিশদ বিৱৰণ উলিয়াই লয় আৰু ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি লয়।

কোনো কোনো অপৰাধীয়ে গাড়ী ভাড়ালৈ লৈ গাড়ীচালকক হত্যা কৰি গাড়ী লৈ উধাওঁ হয়।

অতি কম সময়ৰ ভিতৰতে গাড়ী ষ্টাৰ্ট কৰিবলৈ এই অপৰাধীসকলে বিভিন্ন ধৰণৰ সা-সৰঞ্জাম বা সঁজুলি ব্যৱহাৰ কৰে।