মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

পাৰপত্ৰ পৰীক্ষণৰ নিৰ্দেশাৱলীসমূহ

পাৰপত্ৰৰ বাবে অনলাইন আবেদন লাভ কৰিলে পাৰপত্ৰ সেৱা কেন্দ্ৰই অনলাইনযোগে প্ৰদান কৰা বিশেষ তাৰিখত আবেদনকাৰীৰ মুখামুখি সাক্ষাৎকাৰৰে সৈতে নথিপত্ৰৰ পৰীক্ষণ কাৰ্য্য আৰম্ভ কৰে। 
পাৰপত্ৰৰ আবেদনপত্ৰৰ লগত তলত উল্লিখিত নথিপত্ৰসমূহ পাৰপত্ৰ সেৱা কেন্দ্ৰত দাখিল কৰিব লাগে। 
(১) বাস কৰা স্থানৰ প্ৰমাণপত্ৰ, আবেদনকাৰীৰ ৰেচন কাৰ্ড, টেলিফোন বিল, বিদ্যুৎ বিল ইত্যাদি। 
(২) বেংক একাউণ্ট পাচবুক। 
(৩) আবেদনকাৰী ব্যক্তিগৰাকী চৰকাৰী চাকৰিয়াল হ’লে তেওঁ সংশ্লিষ্ট বিভাগৰ পৰা অনাপত্তি প্ৰমাণপত্ৰ বা এনঅচি গাঁথি দিব লাগিব।
(৪) জন্মৰ তাৰিখৰ প্ৰমাণপত্ৰ। 
(৫) ফটোৰে সৈতে পৰিচয় প্ৰমাণপত্ৰ (পাৰপত্ৰ সেৱা কেন্দ্ৰৰ বিষয়াই অন্যান্য পৰিচয় প্ৰমাণপত্ৰ আৰু নথিপত্ৰৰে সৈতে এয়া পৰীক্ষা কৰে)
(৬) নাগৰিকত্বৰ প্ৰমাণ (পাৰপত্ৰ সেৱা কেন্দ্ৰৰ বিষয়াই অন্যান্য সহায়ক নথিপত্ৰৰে সৈতে এয়া পৰীক্ষা কৰে।) 
(৭) ৰঙীন ফটোগ্ৰাফ। 

সমূহ নথিপত্ৰৰ পৰীক্ষণৰ পিছত এই নথিপত্ৰসমূহ পাছপোৰ্ট অনলাইন পোৰ্টেলত আপলোড কৰা হয় আৰু সেই আপলোড কৰা বিষয় পোনপটীয়াকৈ এছবি মুখ্য কাৰ্য্যালয় আৰু জিলা আৰক্ষীয়ে লাভ কৰে। পিপিএফ প্ৰ-পত্ৰ লাভ কৰাৰ পিছত এছবি মুখ্য কাৰ্য্যালয় আৰু সংশ্লিষ্ট জিলাত সমসাময়িক ৰূপত একে প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। এছবি মুখ্য কাৰ্য্যালয়ত পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত এয়া অনলাইন (চিচিটিএনএছ) যোগে সংশ্লিষ্ট জিলালৈ আগবঢ়াই দিয়া হয়। জিলা আৰক্ষীয়ে সত্যাসত্য পৰীক্ষণ কাৰ্য্য সম্পন্ন কৰাৰ পিছত তেওঁলোকৰ প্ৰতিবেদনৰ সৈতে এছবি মুখ্য কাৰ্য্যালয়ৰ প্ৰতিবেদন লগ লগাই চূড়ান্ত পৰীক্ষণ প্ৰতিবেদন আপলোড কৰে। এই সত্যাসত্য পৰীক্ষণৰ সময়ছোৱাত আবেদনকাৰীয়ে উল্লেখ কৰা ম’বাইল নম্বৰৰ বাবে এটি এছএমএছ এলাৰ্ট সাজু কৰি তোলা হয়। ইয়াৰ উপৰি আবেদনকাৰীয়ে পাছপোৰ্ট সত্যাসত্য পৰীক্ষণৰ স্থিতিৰ বিষয়ে জানিবলৈ পাছপোৰ্ট অনলাইন পোৰ্টেল দৰ্শন কৰিব পাৰে। 
সঠিক ট্ৰেকিং আৰু নিৰীক্ষণৰ অৰ্থে অনলাইন পদ্ধতিৰ ব্যৱহাৰেৰে পাৰপত্ৰৰ আৰক্ষীৰ পৰীক্ষণৰ কাৰ্য্যত সহায়তাৰ উদ্দেশ্যে চিচিটিএনএছ প্ৰক্ৰিয়াৰ আৰম্ভ কৰা হয়। এই উল্লিখিত প্ৰক্ৰিয়াৰ জৰিয়তে আৰক্ষী অধীক্ষকে পাৰপত্ৰ আবেদনপত্ৰ ডাউনলোড কৰে আৰু ইয়াৰ সবিশেষ জিলাৰ বিশেষ শাখা (ডিষ্ট্ৰিক্ট স্পেশ্যাল ব্ৰান্স) ক অৱগত কৰে আৰু ‘আৰপিঅ’ ৰ পৰা সবিশেষ লাভ কৰা ব্যক্তিগৰাকীকো এয়া অৱগত কৰোৱা হয়। জিলাৰ বিশেষ শাখা (ডিএছবি) ৰ ভাৰপ্ৰাপ্ত বিষয়াই চিচিটিএনএছ পদ্ধতিৰ ব্যৱহাৰেৰে পাৰপত্ৰ পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু সংশ্লিষ্ট আৰক্ষী থানালৈ ইয়াৰ পৰীক্ষণৰ বাবে অনুৰোধ আগবঢ়ায়। সকলোবোৰ প্ৰয়োজনীয় পৰীক্ষণৰ অন্তত চূড়ান্ত অনুমোদন লাভৰ বাবে এই আবেদন জিলা আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা হয় আৰু জিলা আৰক্ষী অধীক্ষকে বৰ্তমানৰ আৰক্ষী থানা আৰু জিলা বিশেষ শাখাৰ ‘ডিএছবি’ আৰু ‘এছএইছঅ’ ৰ পৰা লাভ কৰা প্ৰতিবেদনৰ ভিত্তিত এই আবেদনত অনুমোদন জনায় নতুবা ইয়াক অগ্ৰাহ্য কৰে। প্ৰয়োজনীয় পৰীক্ষণৰ অন্তত আৰক্ষী অধীক্ষকৰ চূড়ান্ত অনুমোদন লাভৰ পিছত আৰক্ষী পৰীক্ষণ প্ৰতিবেদন (পুলিচ ভেৰিফিকেশ্যন ৰিপোৰ্ট) বা চমুকৈ পিভিআৰ পিডিএফ ফৰমেটত প্ৰস্তুত কৰি তোলা হয় আৰু ‘আৰপিঅ’ ত এয়া দাখিল কৰা হয়। 
চিচিটিএনএছ অনলাইন পদ্ধতিৰ ব্যৱহাৰেৰে পাৰপত্ৰ পৰীক্ষণ ৪ জুলাই ২০১৭ ৰ পৰা আটাইকেইখন জিলাতে আৰম্ভ হয়। এয়া আৰম্ভণি হোৱাৰ পৰা বৰ্তমানলৈকে চিচিটিএনএছ পদ্ধতিয়ে ৮৬২ টা পাৰপত্ৰ পৰীক্ষণৰ অনুৰোধ লাভ কৰিছে আৰু ইয়াৰে ৫৩ সংখ্যক অনুৰোধ সফলতাৰে মীমাংসা কৰা হৈছে।