মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

মহিলাৰ অধিকাৰসমূহ আৰু হেল্পলাইন

মহিলাৰ অধিকাৰসমূহ আৰু হেল্পলাইন

  • এগৰাকী মহিলাক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কোনো ব্যক্তিয়ে যৌন সংগমৰ বাবে হেঁচা প্ৰয়োগ কৰিলে সংশ্লিষ্ট ব্যক্তিগৰাকীৰ বিৰুদ্ধে মহিলাগৰাকীৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ অধিকাৰ আছে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰা)
  • কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে অসৎ ইংগিত দিলে বা শাৰীৰিকভাৱে অপদষ্ট কৰিলে বা অসৎ আচৰণ কৰিলে, প্ৰতিগৰাকী মহিলাৰে সংশ্লিষ্ট ব্যক্তিগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আগবঢ়াৰ অধিকাৰ আছে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ধাৰা)
  • এগৰাকী মহিলাই কোনো ব্যক্তিৰ দ্বাৰা উৎপীড়ণৰ সন্মুখীন হ’লে নতুবা কোনো ব্যক্তিয়ে ৰাজহুৱা স্থানত যেনে বাছত, ৰেলত, ৰাজপথত এগৰাকী মহিলাক উদ্দেশ্যি বেয়া মন্তব্য কৰিলে মহিলাগৰাকীৰ ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ অধিকাৰ আছে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ধাৰা)
  • এগৰাকী মহিলাৰ স্বামীয়ে মহিলাগৰাকীক ধন সম্পত্তি বিচাৰি শাৰীৰিকভাৱে বা মানসিকভাৱে নিৰ্যাতন কৰিলে বা মহিলাগৰাকীয়ে তেওঁৰ স্বামীয়ে দাবী কৰা মূল্যবান সম্পদ দিবলৈ সন্মত নোহোৱাৰ ফলত মহিলাগৰাকীৰ ওপৰত তেওঁৰ স্বামীয়ে নিৰ্যাতন চলালে মহিলাগৰাকীৰ তেওঁৰ স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ অধিকাৰ আছে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮(এ) ধাৰা)
  • এগৰাকী মহিলাৰ স্বামীৰ সম্পৰ্কীয় লোক নতুবা স্বামীৰ ঘৰখনে টকা-পইচা, ধন-সম্পত্তি বা যৌতুক দাবী কৰি মহিলাগৰাকীৰ ওপৰত যদি অত্যাচাৰ চলায় তেতিয়াহ’লে মহিলাগৰাকীয়ে এই বিষয়ে আৰক্ষী থানাত অভিযোগ দাখিল কৰিব পাৰে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮(এ) ধাৰা)
  • এগৰাকী মহিলাক কোনো ব্যক্তিয়ে অপহৰণ কৰি মহিলাগৰাকীক বলপূৰ্বক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কোনো ব্যক্তিৰ সৈতে বিবাহ হ’বলৈ বা শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰালে এয়া এক গুৰুতৰ অপৰাধ হিচাপে পৰিগণিত আৰু ইয়াৰ বিৰুদ্ধে মহিলাগৰাকীয়ে আৰক্ষী থানাত অভিযোগ দাখিল কৰিব পাৰে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ ধাৰা)।
  • কোনো ব্যক্তিয়ে এগৰাকী মহিলাক তেওঁৰ কৰ্মক্ষেত্ৰত যৌন সম্পৰ্কৰ বাবে অনুৰোধ কৰিলে বা তাৰ বাবে দাবী কৰিলে, মহিলাগৰাকীৰ উদ্দেশ্যে কোনো অশ্লীল মন্তব্য আগবঢ়ালে নতুবা অশ্লীল আচৰণ প্ৰদৰ্শন কৰিলে মহিলাগৰাকীয়ে তেনে ব্যক্তিৰ বিৰুদ্ধে নিয়োগকৰ্তাৰ ওচৰত অভিযোগ দাখিল কৰিব লাগে। পৰৱৰ্তী পৰ্যায়ত উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নিৰ্দেশনা অনুযায়ী অভিযোগ দাখিল কৰা হয়। (ৰীট পিটিশ্বন নং ৬৬৬-৭০০, চন ১৯৯২ ত উচ্চতম ন্যায়ালয়ৰ বিচাৰ, বিশাখা আৰু অন্যান্য বনাম ৰাজস্থান ৰাজ্য)
  • মহিলা এগৰাকী যদি সাক্ষী হয় তেতিয়া ঘনিষ্ঠ সম্পৰ্কীয় লোকৰ উপস্থিতিত তেওঁৰ ঘৰতে পৰীক্ষা গ্ৰহণ কৰাৰ অধিকাৰ আছে। (ধাৰা ১৬০, চিআৰপিচি)
  • সকলো কাৰ্য্য সঠিক বুলি নিশ্চিত আৰু সন্তুষ্ট নোহোৱা পৰ্যন্ত মহিলাগৰাকীয়ে FIR ত চহী কৰিব নালাগে। (ৰাষ্ট্ৰীয় মহিলা আয়োগ)। ভাৰপ্ৰাপ্ত বিষয়াই FIR পঞ্জীয়ন কৰিবলৈ অমান্তি হ’লে অভিযোগ তাৎক্ষণিকভাৱে আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিব লাগে।
  • ভাৰপ্ৰাপ্ত বিষয়াই পঞ্জীয়ন কৰা অভিযোগৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিগৰাকী মহিলাৰে ন্যায়ালয়ৰ ওচৰ চপাৰ অধিকাৰ আছে।

 

মহিলাৰ হেল্পলাইন:

“মহিলাৰ হেল্পলাইন” বিষয়বস্তুৰে এই ঠিকনাত ই-মেইল প্ৰেৰণ কৰক – ssp-cid@assampolice.gov.in 
হেল্পলাইন নম্বৰ: +৯১-৯৩৪৫২১৫০২৯, +৯১-৩৬১-২৫২১২৪২