মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

চিচিটিএনএছ

চিচিটিএনএছ

অপৰাধ আৰু অপৰাধী ধৰা পেলোৱাৰ নেটৱৰ্ক আৰু পদ্ধতি

অপৰাধ আৰু অপৰাধী ধৰা পেলোৱাৰ নেটৱৰ্ক আৰু পদ্ধতি বা চিচিটিএনএছ হৈছে ‘কমন ইণ্টিগ্ৰেটেড পুলিচ এপ্লিকেশ্যন’ (CIPA) নামেৰে এটি অপৰিকল্পিত আঁচনিৰ অভিজ্ঞতাৰ আলম লৈ গ্ৰহণ কৰা হোৱা এক পৰিকল্পনা আঁচনি। ‘চিচিটিএনএছ’ হৈছে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনা (নেশ্যন্যাল ই-গভাৰ্নেন্স প্লেন) ৰ অধীনৰ এক মিশ্যন মোড প্ৰজেক্ট। ‘চিচিটিএনএছ’ ৰ লক্ষ্য হৈছে ই-প্ৰশাসনৰ নীতি গ্ৰহণ কৰি এক সুদক্ষ আৰু ফলপ্ৰসূ আৰক্ষী ব্যৱস্থা গঢ়ি তোলা আৰু লগতে অপৰাধ অনুসন্ধান আৰু অপৰাধীক কৰায়ত্ত কৰাৰ বিষয়ত সমগ্ৰ দেশযুৰি প্ৰযুক্তিগত অনুসন্ধান প্ৰক্ৰিয়া (IT-enabled-state-of-the-art tracking system) ৰ আন্তঃগাঁথনিৰ বিকাশ সাধন কৰা।
চিচিটিএনএছ (অপৰাধ আৰু অপৰাধী ধৰা পেলোৱাৰ নেটৱৰ্ক আৰু পদ্ধতি) আঁচনিৰ বাবে ২০০০ কোটি টকা ধাৰ্য কৰা হৈছে। অৰ্থনৈতিক নীতিৰ কেন্দ্ৰীয় সমিতি (Cabinet Committee on Economic Affairs) চমুকৈ CCEA ই ১৯/০৬/২০০৯ ইং তাৰিখে এই আঁচনিত অনুমোদন জনায়। ১৭/০৮/২০০৯ ইং তাৰিখলৈ ছফটৱেৰ বিকাশকসকলৰ পৰা এক্সপ্ৰেশ্যন অৱ ইণ্টাৰেষ্ট (ইঅআই) ৰ আহ্বান জনোৱা হৈছে।

 

‘চিচিটিএনএছ’ ৰ উদ্দেশ্যসমূহ

‘চিচিটিএনএছ’ ৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা ধৰণে বহলাই বাখ্যা কৰিব পাৰি 
(১) আৰক্ষী থানাসমূহৰ কাৰ্য্যসমূহত স্বয়ংক্ৰিয় ব্যৱস্থাৰ সংযোগেৰে আৰক্ষীৰ কাৰ্য্যসমূহ নাগৰিকৰ প্ৰতি বন্ধুত্বপূৰ্ণ ৰূপত গঢ়ি তোলা আৰু ইয়াক অধিক স্বচ্ছ ৰূপ প্ৰদান কৰা। 
(২) ‘আইচিটি’ ৰ ফলপ্ৰসূ ব্যৱহাৰৰ জৰিয়তে নাগৰিককেন্দ্ৰিক সেৱাসমূহ প্ৰদানৰ দিশত উন্নয়ন সাধন কৰা। 
(৩) অনুসন্ধান কৰ্মত নিয়োজিত অসামৰিক আৰক্ষী বাহিনীৰ বিষয়াসকলক অপৰাধ অনুসন্ধান কৰিবলৈ আৰু অপৰাধীক কৰায়ত্ত কৰিবলৈ সুবিধা প্ৰদান কৰিবলৈ সঁজুলি, প্ৰযুক্তি আৰু তথ্য প্ৰদান। 
(৪) অন্যান্য বিভিন্ন দিশ যেনে আইন–শৃংখলা ৰক্ষা, যান-বাহন নিয়ন্ত্ৰণ আদি দিশত আৰক্ষীৰ কাৰ্য্যসমূহৰ উন্নয়ন সাধন কৰা। 
(৫) আৰক্ষী থানাসমূহ, জিলাসমূহ, ৰাজ্যৰ মুখ্য কাৰ্য্যালয়সমূহ আৰু অন্যান্য আৰক্ষী সংস্থাসমূহৰ মাজত যোগাযোগ ব্যৱস্থা আৰু তথ্য আদান প্ৰদানৰ সুব্যৱস্থা গঢ়ি তোলা। 
(৬) আৰক্ষী বাহিনীৰ অধিক উন্নত পৰিচালনাৰ উদ্দেশ্যে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক সহায় কৰা। 
(৭) ন্যায়ালয়ত বিচাৰ হোৱা মোকৰ্দমা সমূহৰ লগতে অন্য মোকৰ্দমাসমূহৰ অগ্ৰগতিৰ খতিয়ান ৰখা। 
(৮) হাতে কৰা অতিৰিক্ত লেখ ৰখা ব্যৱস্থাৰ হ্ৰাসকৰণ। 
চিচিটিএনএছ আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ১৪০০০ আৰক্ষী থানাৰ স্বয়ংক্ৰিয়কৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় লগতে চক্ৰ, মহকুমা, জিলা, ৰেঞ্জ, আৰক্ষী মুখ্য কাৰ্য্যালয়ক সামৰি লৈ ৬০০০ উচ্চপদস্থ আৰক্ষী বিষয়া আৰু সাহাৰ্য্য আৰু অনুসন্ধানৰ বাবে তথ্যসমৃদ্ধ ডেটাবেছৰ সংযোগেৰে বৈজ্ঞানিক আৰু কাৰিকৰী প্ৰতিষ্ঠান সমূহ ফিংগাৰপ্ৰিণ্ট ব্যুৰ’ আৰু ফৰেনচিক গৱেষণাগাৰ ইত্যাদি সামৰি লোৱা হয় আৰু ২০১২ ৰ ভিতৰত এই কাৰ্য্য সম্পন্ন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

 

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ইয়াৰ ৱেবচাইটত এফআইআৰ আপলোড কৰা হৈছে আৰু প্ৰয়োজন অনুসৰি নাগৰিকে ইয়াক দৰ্শন আৰু ডাউনলোড কৰি ল’ব পাৰে