ৰাজ্য, জিলা আৰু আৰক্ষী থানা পৰ্যায়ত কমিউনিটি লিয়াইজন গ্ৰুপ (চিএলজি) গঠন কৰা হয় আৰু এই উদ্দেশ্যে আয়োজন কৰা সভালৈ আৰক্ষী বিষয়াসকলৰ লগতে সমাজৰ অৰাজনৈতিক ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হয় য'ত এই ব্যক্তিসকলে তেওঁলোকৰ অভিযোগসমূহৰ প্ৰসংগত তেওঁলোকৰ মন্তব্য আগবঢ়ায় আৰু লগতে সমাজে অধিক উন্নতমানৰ আৰক্ষী সেৱা লাভ কৰিবৰ উদ্দেশ্যে তেওঁলোকৰ বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। এই সভাত সমাজৰ বিশিষ্ট ব্যক্তিসকল যেনে বাতৰি কাকতৰ সম্পাদক, উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, সাহিত্যিক, শিক্ষাবিদ, সমাজ সেৱক আৰু মহিলা সংগঠনৰ সদস্যাসকল উপস্থিত থাকে আৰু তেওঁলোকে ইয়াত বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰে যি আৰক্ষীয়ে সমাজলৈ আগবঢ়োৱা সেৱাৰ মান উন্নত কৰাৰ বাবে বহুখিনি সহায়ক হয়। ইয়াৰ জৰিয়তে জনতাৰ বিশ্বাস আদায় কৰিবলৈ সক্ষম হ'লে তেওঁলোকে নিজেই আৰক্ষীক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিব। এই বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় যেতিয়া "বিপিআৰ এণ্ড ডি" আৰু "ইউএনডিপি" য়ে আৰক্ষীৰ জনসাধাৰণৰ প্ৰতি এটি পৰিৱৰ্তিত মনোভাৱ পোষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জনসাধাৰণৰ প্ৰতি এক বন্ধুত্বপূৰ্ণ মনোভাৱ গঢ় দি তুলিবৰ উদ্দেশ্যে "ইমপ্ৰুভমেণ্ট অৱ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট অৱ ল' এনফ'ৰ্চমেণ্ট এজেন্সিছ ইন ইণ্ডিয়া" শীৰ্ষক আঁচনি আৰম্ভ কৰে। পৰীক্ষামূলকভাৱে এই আঁচনিৰ কাম অসম ৰাজস্থান আৰু তামিলনাডু এই তিনিখন ৰাজ্যৰ নিৰ্বাচিত জিলাৰ আৰক্ষী থানাসমূহত আৰম্ভ কৰা হয়। ইয়াত তেতিয়াৰ আৰক্ষী (প্ৰশাসন) আইজিপি শ্ৰী আৰ এন মাথুৰক নডেল বিষয়া হিচাপে নিযুক্তি দিয়া হয়। অসমত গুৱাহাটী আৰু যোৰহাটত ক্ৰমে গুৱাহাটীৰ পাণবজাৰ থানা আৰু মহিলা আৰক্ষী থানা আৰু যোৰহাটৰ যোৰহাট আৰু তিতাবৰ আৰক্ষী থানাত এই আঁচনিৰ কাম পৰীক্ষামূলকভাৱে কৰা হয়। ইয়াত কনিষ্টবলৰ পৰা পৰিদৰ্শক পৰ্যায়লৈ প্ৰতিটো পৰ্যায়ৰ পৰা একোগৰাকীকৈ বিষয়া "চেঞ্জ এজেণ্ট" হিচাপে নিৰ্বাচিত কৰি লোৱা হয় আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বাবে "বিপিআৰ এণ্ড ডি" ৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই "চেঞ্জ এজেণ্ট" সকলক অন্য দেশৰ আৰক্ষী পদ্ধতিৰে সৈতে আৰু ইয়াৰ আৰক্ষীৰ জনসাধাৰণৰ সৈতে কৰা আচৰণৰ দিশৰ পৰিচয়কৰণৰ উদ্দেশ্যে ইংলেণ্ড আৰু চিংগাপুৰলৈ নিয়া হয়। ইয়াৰ পিছৰ পৰ্যায়ত এই প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক অন্য বিষয়াসকলৰ প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হয়। এই কাৰ্য্য অচিৰেই উৎসাহজনক হৈ উঠে আৰু অসমৰ সকলো জিলালৈ এই আঁচনিৰ সম্প্ৰসাৰণ ঘটোৱা হয়। ই সকলোৰে কৌতুহলৰো সৃষ্টি কৰে। ইয়াৰ ফলস্বৰূপে আৰক্ষীৰ মনোভাৱৰ পৰিৱৰ্তন অহাৰ লগতে আৰক্ষী থানাসমূহো জনসাধাৰণৰ হকে অধিক বন্ধুত্বপূৰ্ণ হৈ উঠে। আৰক্ষীয়ে তথ্য লাভ কৰা মাত্ৰেই পিআৰ ভেন প্ৰেৰণৰ জৰিয়তে অধিক খৰতকীয়া সেৱা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু লগতে জনসাধাৰণৰ সেৱাত বিশেষকৈ নিশাৰ ভাগত ৰাজপথত আৰক্ষীৰ উপস্থিতি বৃদ্ধি কৰা হয়।