১৯৫০ চনত স্বৰ্গীয় হৰি নাৰায়ণ বৰুৱাৰ উদ্যোগত অসমত আনুষ্ঠানিকভাৱে "ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন" বা গাঁও সুৰক্ষা সংগঠন গঢ়ি উঠাৰ সময়ৰেপৰা অসমত "কমিউনিটি পুলিচিং" ৰ ধাৰণাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহা হৈছে। গাঁও সুৰক্ষা আইন ১৯৬০ ৰ অধীনত পিছলৈ ইয়াক আনুষ্ঠানিকভাৱে এক প্ৰতিষ্ঠানৰ ৰূপ দিয়া হয়। ইয়াৰ প্ৰতিটো দলতে দহগৰাকীকৈ বৰ্তমানে মুঠ ১১০০০ গাঁও সুৰক্ষা সংগঠন আছে। এই দলসমূহে আৰক্ষীৰ সহযোগত আইন শৃংখলা ৰক্ষা কৰি আৰু অপৰাধমূলক কাৰ্য্য প্ৰতিহত কৰি জনসাধাৰণলৈ সেৱা আগবঢ়াই আহিছে। অৱশ্যে এটা দশকৰ ভিতৰত অসমত জনসংখ্যা বহুখিনি বৃদ্ধি পায় আৰু অপৰাধমূলক কাৰ্য্যকলাপো বহুখিনি বৃদ্ধি হয় যাৰ পৰিণতিত অসম আৰক্ষীয়ে জনসাধাৰণ আৰু আৰক্ষীৰ মাজত থকা ব্যৱধান হ্ৰাস কৰি সন্মিলিত হোৱাৰ উদ্দেশ্যে জনসাধাৰণৰ সহযোগিতা আশা কৰে। সেই অনুসৰি গুৱাহাটী মহানগৰীৰ তেতিয়াৰ আৰক্ষী অধীক্ষক শ্ৰী কে শইকীয়াৰ সহযোগত আৰু আইজিপি শ্ৰী আৰ এন মাথুৰৰ তত্বাৱধানত চহৰৰ কোনো কোনো অঞ্চলত চুবুৰী নিৰীক্ষণ সমিতি গঢ়ি উঠে।