মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

দুৰ্ঘটনা আৰু পথ সুৰক্ষা

সুৰক্ষা কৌশল

পথচাৰীসকলৰ বাবে সুৰক্ষাৰ কৌশল

  • সদায় ফুটপাথ বা পদপথত খোজ কাঢ়ক। ফুটপাথ নথকা স্থানেৰে গ'লে ৰস্তাৰ সোঁফালেৰে আগবাঢ়ক যাতে আপুনি সমুখেৰে আহি থকা যান-বাহনসমূহ স্পষ্টকৈ দেখা পায়।
  • ৰাস্তাত পথচাৰী পাৰ হোৱা স্থানত ৰাস্তা পাৰ হওক। যদি আপুনি কোনো পথচাৰী পাৰ হোৱা দেখা নাপায় তেতিয়াহ'লে প্ৰথমতে সোঁফালে চাওক আৰু ইয়াৰ পিছত বাওঁফালে চাওক আকৌ সোঁফাললৈ চাই নিৰাপদে ৰাস্তা পাৰ হওক।
  • সৰু ল'ৰা-ছোৱালীক অকলে ৰাস্তাত বা ৰাস্তাৰ দাঁতিত খোজ কাঢ়িবলৈ, খেলিবলৈ বা দৌৰাদৌৰি কৰিবলৈ দিব নালাগে। আপোনাৰ শিশু সন্তানৰ সৈতে পথত খোজ কাঢ়িলে সদায় শিশুটিৰ হাতত ধৰি খোজ কাঢ়িব।
  • নিশাৰ ভাগত পথচাৰীসকলে উজ্জ্বল কাপোৰ পৰিধান কৰিব লাগে যাতে যাতে উভয় দিশৰ পৰা অহা গাড়ীৰ চালকে আনকি নিম্ন মানদণ্ডৰ পোহৰতো স্পষ্টকৈ দেখা পায়।
  • এলকহল বা ড্ৰাগ্‌চ সেৱন কৰি ৰাস্তাত খোজ নাকাঢ়িব।
  • বহু পথ সংযোগী ৰাস্তা পাৰ হওঁতে অতিৰিক্ত সাৱধনতা অৱলম্বন কৰিব লাগে।
  • পথ প্ৰতিচ্ছেদনসমূহত অতিৰিক্ত সাৱধান হ'ব লাগে।
  • বৰষুণৰ বতৰত খোজকাঢ়িলে আপোনাৰ ছাটিটোৱে যাতে সমুখৰ পৰা আহি থকা গাড়ী দেখা পোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

বাছ যাত্ৰীসকলৰ বাবে সুৰক্ষা কৌশল

  • বাছৰ বাবে অপেক্ষাৰত অৱস্থাত থাকিলে সদায় এটি শাৰীত থিয় হওঁক। ৰাস্তাৰ মাজলৈ শাৰী নাপাতিব।
  • বাছত উঠোতে দৌৰিবলৈ বা দৌৰি দৌৰি উঠিবলৈ চেষ্টা নকৰিব। বাছত উঠাৰ পিছত আসনত বহি লওঁক বা থিয়হৈ থাকিলে ধৰা স্থানত দৃঢ়ভাৱে ধৰি লওক।
  • অধিক যাত্ৰীৰে ঠাহ খাই থকা বাছত উঠিবলৈ কেতিয়াও চেষ্টা নকৰিব।
  • বাছৰ দুৱাৰমুখত থিয় হৈ কেতিয়াও যাত্ৰা নকৰিব। এয়া বিপদজনক।
  • বাছৰ ভিতৰত কেতিয়াও কোৰ্হাল বা চিঞৰ-বাখৰ নকৰিব। এনে কাৰ্যই বাছচালকৰ মনোযোগ বিঘ্নিত কৰি ভয়ংকৰ পথ দুৰ্ঘটনাৰ সূত্ৰপাত ঘটাব পাৰে।