১. যিমান দূৰ সম্ভৱ ঘৰত প্ৰৱেশৰ বাবে এখন দুৱাৰৰ ব্যৱস্থা ৰাখক আৰু একাধিক দুৱাৰ থাকিলে ভিতৰৰ পৰা বন্ধ কৰি ৰাখক। দুৱাৰৰ সুৰক্ষাৰ বাবে দুৱাৰত উচ্চ কেলিবাৰ ক্ষমতাসম্পন্ন তলা বা কাঠ অথবা ধাতুৰ ষ্ট্ৰিপ ব্যৱহাৰ কৰক।
২. ঘৰত প্ৰৱেশ কৰা দুৱাৰত চেইন লগাওক।
৩. দুৱাৰৰ পৰা কোনোবাই মাতিলেই ভিতৰৰ পৰা লগে লগে সঁহাৰি জনালে বিপদত পৰাৰ সম্ভাৱনা অধিক। কোনোবাই মাতিলে লগে লগে সঁহাৰি জনোৱাৰ পৰিৱৰ্তে কোনে মাতিছে তাৰ পৰিচয় লাভ কৰিবলৈ খিৰিকী বা দুৱাৰৰ বিন্ধাৰে নিৰীক্ষণ কৰক।
৪. দুৱাৰ মুখলৈ অহা ব্যক্তিক সঁহাৰি জনাওঁতে সেই কক্ষৰ বিজুলীবাতি নজ্বলাব। খিৰিকী বা বিন্ধাৰে জুমি চালে আপুনি পোহৰত থকাটো উচিত নহয়।
৫. এন্ধাৰ নামি অহাৰ পিছত শিশুসকলকো দুৱাৰমুখৰ পৰা অহা অচিনাকি মাতৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰা বিৰত ৰাখক।
৬. ঘৰত প্ৰৱেশৰ সকলো দুৱাৰ খিৰিকী সুৰক্ষিত হোৱাটো নিশ্চিত কৰক। সাম্ভাব্য প্ৰৱেশ খিৰিকী বন্ধ কৰি থওক।
৭. এন্ধাৰ নামি অহাৰ পিছত ঘৰৰ দুৱাৰ খিৰিকীৰ পৰ্দাসমূহ সম্পূৰ্ণকৈ বন্ধ কৰি থওঁক।
৮. বাহিৰৰ পৰা অহা মাত যদি সন্দেহ উদ্ৰেককাৰী হয় দুৱাৰ নুখুলিব। বাহিৰৰ পৰা অহা মাতৰ ব্যক্তিৰ বিষয়ে সুনিশ্চিতকৰণৰ বাবে বিভিন্ন প্ৰশ্ন সোধক আৰু সন্দেহ ঘনীভূত হ’লে ঘৰৰ অন্য ব্যক্তিক প্ৰতিবেশীক ফোনযোগে অৱগত কৰিবলৈ কওঁক নতুবা জৰুৰীকালীন নম্বৰলৈ ফোন কৰক। এনে অৱস্থাত যদি ফোন নম্বৰ সংযোগ কৰিব পৰা অৱস্থাত নাথাকে তেতিয়াহ’লে আছে যদি আপোনাৰ ম’বাইল ফোন ব্যৱহাৰ কৰক।
৯. আপোনাৰ চুবুৰীয়াৰ আৰু নিকটতম আৰক্ষী থানা, আৰক্ষী নিয়ন্ত্ৰণ কক্ষ, আৰক্ষী অধীক্ষক, অগ্নিনিৰ্বাপক বাহিনী, চিকিৎসালয় আদি জৰুৰীকালীন ফোন নম্বৰসমূহ আপোনাৰ লগত ৰাখক।