মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

মিশ্যন বিবৃতি

  • দৃঢ়ভাৱে আৰু অপক্ষপাতিত্ব ৰূপত আইন শৃংখলা ৰক্ষা কৰি ভয় বা অনুগ্ৰহ, কুসংস্কাৰ বা প্ৰতিহিংসাপৰায়ণতা ভাব নোহোৱাকৈ শান্তি-শৃংখলা ৰক্ষা কৰা আৰু অপৰাধ প্ৰতিহত কৰা।
  • আইন আৰু সংবিধানৰ নিয়ম মানি চলি নিষ্ঠাপূৰ্ণ কৰ্তব্য সম্পাদনৰ ক্ষেত্ৰত ঐক্য মনোভাৱ আৰু নিয়মানুৱৰ্তিতা মানি চলা।
  • আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহিবলৈ উৎসাহ প্ৰদানৰ অৰ্থে আৰক্ষী আৰু নাগৰিকৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰা আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত ভাতৃত্ববোধ তথা একতাৰ মনোভাৱ সুদৃঢ় কৰিবলৈ যত্নপৰ হোৱা।
  • সকলো সময়তে নম্ৰ আৰু ভদ্ৰ আচৰণ বৰ্তাই ৰখা, সংযম গুণৰ বিকাশ সাধন কৰা আৰু সত্যবাদী হোৱাৰ লগতে কাৰ্য্যক্ষেত্ৰত সৎ হোৱা। কাৰ্য্যালয় ক্ষেত্ৰ আৰু ব্যক্তিগত উভয় দিশতে শিষ্ট আচৰণ বজাই ৰখা।