মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

ঘৰুৱা সহায়তা আৰু নিযুক্ত লোকৰ পৰীক্ষণ

চিহ্নাংকসূচী:

  • নাগৰিকসকলে চিচিটিএনএছ ৱেবচাইটত লগইন কৰি ঘৰুৱা সহায়তাৰ বাবে নিযুক্ত লোকৰ পৰীক্ষণৰ বাবে অনলাইনযোগে অনুৰোধ জনাব পাৰে।
  • নাগৰিক সেৱা (চিটিজেন চাৰ্ভিচেছ) লৈ গৈ ‘ডমেষ্টিক হেল্প ভেৰীফিকেশ্যন’ বা ‘এমপ্লয়ী ৰিকুয়েষ্ট’ বাছনি কৰি লৈ তাত দিয়া হোৱা প্ৰয়োজনীয় অংশ পূৰ কৰিব লাগে।
  • আবেদনকাৰীয়ে লিখিতভাৱেও ইয়াৰ আবেদনৰ প্ৰ-পত্ৰ পূৰ কৰি স্থানীয় আৰক্ষী থানাত দাখিল কৰিব পাৰে।

অৱলোকন:

ঘৰুৱা সহায়তাৰ বাবে নিযুক্ত লোকৰ পৰীক্ষণ কাৰ্যই নাগৰিকক এয়া নিশ্চিত হোৱাত সহায় কৰে যে তেওঁলোকে বনকৰা হিচাপে নিযুক্ত কৰা ব্যক্তি কোনো অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত নহয়। অনলাইনযোগে অথবা লিখিতভাৱেও ইয়াৰ বাবে আবেদন কৰিব পাৰি।

যোগ্যতাৰ মাপকাঠি:

  • ঘৰুৱা সহায়তাৰ বাবে ব্যক্তি নিযুক্ত কৰিব বিচৰা যিকোনো পৰিয়ালেই এই সেৱা লাভ কৰিব পাৰে।

প্ৰয়োজনীয় নথি

  • লিখিতভাৱে কৰিলে Application Form পূৰ কৰক
  • বনকৰা ব্যক্তিৰ আলোকচিত্ৰ
  • পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড
  • আঙুলিৰ চাপ

পৰীক্ষণৰ বাবে কেনেকৈ আবেদন কৰিব:

ব্যৱহাৰকাৰীয়ে লগইন কৰিব লাগেCCTNS website (Citizens Portal)

সেৱাৰ প্ৰকাৰ:

এই সেৱাৰ প্ৰকাৰ অনলাইন।

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ:

ইয়াৰ বাবে প্ৰয়োজনীয় বিৱৰণ অনলাইনযোগে পূৰ কৰিব পাৰি। ইয়াৰ বাবে ‘চিটিজেন প’ৰ্টেল’ ত লগইন কৰি ‘ডমেষ্টিক হেল্প ভেৰীফিকেশ্যন’ নতুবা ‘এমপ্লয়ী ভেৰীফিকেশ্যন’ অপশ্যন বাছি লৈ বিৱৰণসমূহ তাত ভৰাব লাগে। ইয়াত ক্লিক কৰক

কাৰ সৈতে যোগাযোগ কৰিব:

Visit চিচিটিএনএছ (চিটিজেন প’ৰ্টেল) ৱেবচাইট দৰ্শন কৰক