মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

প্ৰথম তথ্য প্ৰতিবেদন দাখিল

চিহ্নাংকসূচী:

  • এফআইআৰ হৈছে কগনিজ্যাবল অফেন্স বা জ্ঞাতসাৰে সংঘটিত কৰা অপৰাধৰ বিৰুদ্ধে দাখিল কৰা হোৱা এক প্ৰতিবেদন।
  • জ্ঞাতব্য অপৰাধৰ অৰ্থ হৈছে এনে অপৰাধ য’ত আৰক্ষী বিষয়াই Cr.P.C. 1973 ৰ ১ ম সূচী অনুসৰি নতুবা বাহাল থকা যিকোনো আইনৰ অধীনত গ্ৰেপ্তাৰী পৰোৱানা অবিহনেই দোষীক গ্ৰেপ্তাৰ কৰিব পাৰে।
  • অভিযোগ উত্থাপনকাৰীয়ে তেওঁৰ অঞ্চলৰ অন্তৰ্গত আৰক্ষী থানালৈ যাব লাগে আৰু এনে অপৰাধ সংঘটিত কৰাৰ বিষয়ত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া/ষ্টেচন হাউচ বিষয়াক এই বিষয়ত অভিযোগ দাখিল কৰিব লাগে।
  • এই অভিযোগৰ প্ৰতিবেদন মুখামুখিকৈ দাখিল কৰিব লাগে। তথ্য প্ৰদানকাৰীয়ে যুক্তি সহকাৰে তেওঁৰ লগত উপলব্ধ তথ্যৰ বিৱৰণ দাঙি ধৰিব লাগে আৰু আৰক্ষী বিষয়াই সোধা প্ৰশ্নসমূহৰ সত্য উত্তৰ প্ৰদান কৰিব লাগে।
  • এফআইআৰ হৈছে তথ্য গ্ৰহণৰ সময়ছোৱাত আৰক্ষী বিষয়াই প্ৰস্তুত কৰা এক লিখিত নথি। ইয়াত তথ্য প্ৰদানকাৰীয়ে স্বাক্ষৰ প্ৰদান কৰিব লাগে।
  • তথ্য প্ৰদানকাৰী ব্যক্তিগৰাকীয়ে পঢ়িব নাজানিলে তেওঁ মৌখিকভাৱে প্ৰদান কৰা তথ্যসমূহ পঢ়ি শুনাবলৈ আৰক্ষী বিষয়াগৰাকীক অনুৰোধ জনাব লাগে।
  • টেলিফোনযোগে তথ্য প্ৰদান কৰিলে তথ্য প্ৰদানকাৰী ব্যক্তিগৰাকীয়ে আৰক্ষী থানালৈ যাব লাগে।
  • এফআইআৰ পঞ্জীয়ন কৰা হ’লে তথ্য প্ৰদানকাৰী ব্যক্তিগৰাকীক এটি সংখ্যা প্ৰদান কৰা হয়।
  • তথ্য প্ৰদানকাৰী ব্যক্তিগৰাকীয়ে ‘এফআইআৰ’ ৰ এটি প্ৰতিলিপি বিচাৰিব পাৰে। ইয়াত প্ৰদান কৰা সংখ্যাটোৰে চিচিটিএনএছ ৱেবচাইটৰ পৰা এফআইআৰ ডাউনলোড কৰি ল’ব পাৰি।
  • মাথো ‘নন-কগনিজ্যাবল’ অপৰাধসমূহ যেনে শাৰীৰিক আক্ৰমণ, প্ৰবঞ্চনা আদিৰ অভিযোগসমূহ অনলাইনযোগে দাখিল কৰিব পাৰি।

অৱলোকন:

এফআইআৰ বা ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপোৰ্টৰ অৰ্থ হৈছে প্ৰথম তথ্য প্ৰতিবেদন যি জ্ঞাতব্য অপৰাধৰ বিৰুদ্ধে দাখিল কৰা হয়। এনে অপৰাধ সংঘটিত হোৱাৰ বিষয়ে তথ্য লাভ কৰি আৰক্ষীয়ে প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ) ৰ লিখিত নথি প্ৰস্তুত কৰে। আইনৰ ব্যৱস্থাৰে এয়া কাৰ্যকৰী কৰা হয়। থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এনে অপৰাধ সংঘটিত হোৱাৰ বিষয়ে জনাব লাগে আৰু লিখিত বিৱৰণি অৰ্থাৎ প্ৰথম তথ্য প্ৰতিবেদনত তথ্য প্ৰদান কৰা ব্যক্তিগৰাকীয়ে স্বাক্ষৰ প্ৰদান কৰিব লাগে।

যোগ্যতাৰ মাপকাঠি:

  • জ্ঞাতব্য অপৰাধ সংঘটিত হোৱাৰ তথ্য লাভ কৰা যিকোনো ব্যক্তিয়ে প্ৰথম তথ্য প্ৰতিবেদন দাখিল কৰিব পাৰে।
  • এনে অপৰাধৰ ক্ষেত্ৰত এয়া জৰুৰী নহয় যে ইয়াৰ বলি হোৱা ব্যক্তিয়েই প্ৰথম তথ্য প্ৰতিবেদন দাখিল কৰিব।
  • জ্ঞাতব্য অপৰাধ সংঘটিত হোৱাৰ বিষয়ে অৱগত হোৱা আৰক্ষী বিষয়াই নিজেই প্ৰথম তথ্য প্ৰতিবেদন দাখিল কৰিব পাৰে।

প্ৰয়োজনীয় নথি:

  • যিকোনো পৰিচয়পত্ৰ

কেনেকৈ পঞ্জীয়ন কৰিব লাগে:

তথ্য প্ৰদানকাৰী বা অভিযোগকাৰী ব্যক্তিয়ে তেওঁৰ অঞ্চলত সংঘটিত হোৱা এনে অপৰাধৰ সন্দৰ্ভত অৱগত কৰাবলৈ সেই অঞ্চলৰ অন্তৰ্গত আৰক্ষী থানালৈ যাব লাগে আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত সংঘটিত অপৰাধৰ বিশদ বিৱৰণ দাঙি ধৰিব লাগে আৰু বিষয়াগৰাকীয়ে সোধা যিকোনো প্ৰশ্নৰে যথাযথ উত্তৰ দিব লাগে। সকলো অভিযোগ শুনাৰ পিছত বিষয়াগৰাকীয়ে প্ৰথম তথ্য প্ৰতিবেদন লিখে আৰু এয়া সঠিক হৈছেনে নাই সেয়া পৰীক্ষা কৰাৰ পিছত তথ্য প্ৰদান কৰোঁতাই তাত স্বাক্ষৰ কৰে। ইয়াৰ পিছতে তথ্য প্ৰদানকাৰী ব্যক্তিগৰাকীক ভৱিষ্যতে ব্যৱহাৰৰ বাবে এটি সংখ্যা প্ৰদান কৰা হয়। এই সংখ্যা ব্যৱহাৰ কৰি চিচিটিএনএছ ৱেবচাইটৰ পৰা প্ৰথম তথ্য প্ৰতিবেদনৰ প্ৰতিলিপি ডাউনলোড কৰি ল’ব পাৰি।

সেৱাৰ প্ৰকাৰ:

এই সেৱাৰ প্ৰকাৰ অফলাইন

প্ৰথম তথ্য প্ৰতিবেদনৰ প্ৰতিলিপি কেনেকৈ ডাউনলোড কৰিব:

CLICK HERE

কাৰ সৈতে যোগাযোগ কৰিব:

জিলা আৰক্ষী অধীক্ষকসকলৰ তালিকাৰ বাবে, CLICK HERE.