মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

মানৱ সৰবৰাহ

মানৱ সৰবৰাহ বিৰোধী গোট (এ এইছ টি ইউ) মানৱ সৰবৰাহ বিশেষকৈ শিশু আৰু মহিলা সৰবৰাহ অপৰাধৰ বিৰুদ্ধে ফলপ্ৰসূতাৰে যুঁজ দিবলৈ অসমৰ সকলো জিলাতে গঠন আৰু কাৰ্যকৰী কৰা হয়। ইয়াৰ মুঠ ৩৫ সদস্যৰ ১০ সদস্যই এমএইছএ ই প্ৰদান কৰা নিধি লাভ কৰিছে। এইসমূহে বেচৰকাৰী সংস্থা, সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ, শ্ৰম বিভাগ, ভিডিপি ৰ সহযোগত এটি দল হিচাপে কাম কৰি এনে মামলা সমূহ চোৱাচিতা কৰে। এই মানৱ সৰবৰাহ বিৰোধী গোটসমূহে ইয়াত কৰ্মৰত মানৱ শক্তিৰ সহযোগত কৰ্ম সম্পাদন কৰি আহিছে। এই গোটসমূহলৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কিছু নিধি প্ৰদান কৰিছে। জিলা আৰক্ষী অধীক্ষকসকলক এই গোটসমূহৰ কাৰ্য ফলপ্ৰসূভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে। লগতে জিলা আৰক্ষী অধীক্ষকসকলক এনে অপৰাধ প্ৰতিৰোধ কৰাৰ বাবে আৰু এনে ঘটনা প্ৰায়ে সংঘটিত হোৱা স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি উলিয়াবৰ বাবে বেচৰকাৰী সংস্থা, নাগৰিক সমাজ, পঞ্চায়ত সদস্য, ভিডিপি, চৰকাৰী সংস্থা, ইউনিচেফ আদিৰ সহায় ল’বলৈ আৰু এই সমূহ সংস্থাৰ সহযোগত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

মহিলাৰ বিৰুদ্ধে অপৰাধ

  • মাননীয় মুখ্যমন্ত্ৰীৰ অসম দৰ্শন ২০১৬ অনুসৰি অসমত ৬৩ মহিলা কোষ সৃষ্টি আৰু কাৰ্যকৰী কৰা হৈছে।
  • এই ঘটনাসমূহ অধ্যয়ন কৰি ইয়াৰ এক প্ৰতিকাৰ প্ৰদান কৰাৰ উদ্দেশ্যে চৰকাৰে আৰক্ষী, গৃহ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকলক লৈ এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে। এই টাস্ক ফ'ৰ্চৰ চূড়ান্ত প্ৰতিবেদন ইতিমধ্যে দাখিল কৰা হৈছে আৰু অসম চৰকাৰে ইয়াত অনুমোদন জনাইছে। সমাজ কল্যাণ, শিক্ষা, স্বাস্থ্য, শ্ৰম, পৰিবহণ ইত্যাদি বিভিন্ন চৰকাৰী বিভাগে কাৰ্য আৰম্ভ কৰাৰ প্ৰতিবেদন লাভ কৰা হৈছে।
  • চৰকাৰী নিৰ্দেশ নং PLA 457/2012/129 Dtd.15th October, 2014 অনুসৰি গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ আৰু চৰকাৰী নিৰ্দেশ অনুসৰি বিভিন্ন অংশীদাৰসকলৰ দ্বাৰা সংসাধিত কাৰ্যসমূহ পৰ্যবেক্ষণ কৰাৰ বাবে অপৰাধ অনুসন্ধান বিভাগ (চিআইডি) ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানক অধ্যক্ষ হিচাপে লৈ এখন টাস্ক ফ'ৰ্চ সমন্বয় সমিতি গঠন কৰা হয়।
  • গুৱাহাটী মহানগৰীত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সন্দৰ্ভত তথ্য লাভ কৰিবলৈ আৰু এনে অপৰাধৰ বিৰুদ্ধে কাৰ্য সম্পাদন কৰিবলৈ এটা তৎকালীন কাৰ্যসম্পাদন গোটেৰে সৈতে ডায়েল কৰক ১০০ সুবিধা প্ৰৱৰ্তন কৰা হয়। তাৎক্ষণিক সঁহাৰিৰ বাবে বিশ্বমানৰ এভিএল (অটোমেটিক ভিহিকল লোকেট) আৰু জিপিএছ সুবিধাৰে সমৃদ্ধ বিশেষভাৱে নিৰ্মিত বাহনৰ ব্যৱস্থা কৰা হয়।
  • আৰক্ষী আয়ুক্তালয় গুৱাহাটীৰ অধীনত ৰাজহুৱা স্থানত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ প্ৰতিৰোধ কৰিবলৈ "বীৰংগনা" নামেৰে বিশেষভাৱে প্ৰশিক্ষিত মহিলা কামাণ্ডো বাহিনী নিয়োগ কৰা হয়।
  • ITP Act 1956 ৰ অধীনত অপৰাধ অনুসন্ধানৰ বাবে সমূহ ডেপুটি আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়), সমূহ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, সমূহ আৱৰ্ত পৰিদৰ্শক আৰু অপৰাধ অনুসন্ধান শাখাৰ পৰিদৰ্শকসকলক কৰ্তৃত্ব প্ৰদান কৰা হয়।
  • CCTNS ৰ ব্যৱহাৰে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধকে আদি কৰি সকলো অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী থানাসমূহক ফলপ্ৰসূতা প্ৰদান কৰি উন্নত কৰাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব।
  • An e-Book on the Compendium of Advisories on Human Trafficking & Crime against women, Children, Senior Citizens & SC/STs has been uploaded in the new application software 4.0 version of CCTNS for use by the district Police.
  • A Secondary Data Analysis has been done with the help of UNICEF and Social Welfare Department to identify source areas for Human Trafficking and related issues for necessary planning and action.
  • A Family Counseling Centre is functioning at CID HQ to assist and counsel persons especially women who are victims of Domestic Violence, harassments etc.
  • As per direction of MHA vide L. No. 15011/72/2014-SC/ST-W dtd. 5/1/2015 a proposal for setting up of 6(six) Nos. “Investigative Unit for Crime Against Women” in the District of Barpeta, Dhubri, Nagaon, Jorhat, Cachar and The Commissionrate of Guwahati City with financial implication has submitted to the Police HQ vide this Office Memo No. CID-VI/65-2015/IUCAW/577 dtd. 04/06/2015.
  • A draft SOP for investigation of Crime Against Women cases has been prepared and awaiting approval of the concerned authority.    

 

4