'বহনক্ষম উন্নয়নৰ লক্ষ্যৰে উজ্জ্বীৱিত অসম ২০৩০' অসম চৰকাৰৰ লক্ষ্য হৈছে অসমক এখন সুখী, সমৃদ্ধিশালী আৰু সুপ্ৰতিষ্ঠিত মানুহেৰে পৰিপূৰ্ণ উন্নত আৰু প্ৰাচুৰ্যপূৰ্ণ ৰাজ্য হিচাপে গঢ়ি তোলা। ২০১৫ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত ১৭ সংখ্যক বহনক্ষম উন্নয়নৰ লক্ষ্যৰ জৰিয়তে এয়া সম্পাদিত হ'ব। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰতি অসম চৰকাৰ সম্পূৰ্ণকৈ দায়বদ্ধ আৰু অসম চৰকাৰে ২০৩০ বৰ্ষৰ ভিতৰত সমূহ লক্ষ্য আহৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।
২০৩০ বৰ্ষৰ ভিতৰত আহৰণ কৰিবলগীয়া বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ ভিতৰত আছে:
- সৰ্বত্ৰে চূড়ান্ত দাৰিদ্ৰতা নিৰ্মূল। বৰ্তমানে কৰা হিচাপ অনুসৰি প্ৰতিদিনে ১.২৫ ডলাৰতকৈ কম মূল্যত দৰিদ্ৰ লোকে জীৱন নিৰ্বাহ কৰি আছে।
- ক্ষুধা নিবাৰণ আৰু খাদ্যৰ যোগান। বিশেষকৈ কেঁচুৱাকে আদি কৰি দৰিদ্ৰতাৰ সবাটোকৈ কুফল ভোগ কৰিবলগীয়া হোৱাৰ অধিক সম্ভাৱনা থকা লোকসকলক গোটেই বছৰযুৰি সুৰক্ষিত, পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয় হাৰত যোগান।
- প্ৰসূতি মৃত্যুৰ গোলকীয় হাৰ প্ৰতি ১০০,০০০ জীৱিত জন্মৰ বিপৰীতে ৭০ কৈও তললৈ অনা।
- সকলো ল'ৰা-ছোৱালীয়ে সমূৰ্ণ বিনামূলীয়া, ন্যায্য আৰু মানদণ্ডপূৰ্ণ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰাটো নিশ্চিত কৰা।
- ছোৱালী আৰু মহিলাৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ ভেদভাব সম্পূৰ্ণৰূপে নিৰ্মূল কৰা।
- সঠিক মূল্যত বিশুদ্ধ খোৱাপানী সকলো লোকেই লাভ কৰাৰ ব্যৱস্থা কৰা।
- সকলোৱেই স্বচ্ছতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা ভৰা পৰিৱেশ লাভ কৰাৰ ব্যৱস্থা কৰা বিশেষকৈ ছোৱালী আৰু মহিলাসকলে স্বচ্ছতাৰ পৰিৱেশ লাভ কৰাৰ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা।
- প্ৰদূষণ হ্ৰাস কৰি আৰু বিপদজনক ৰাসায়নিক পদাৰ্থৰ নিৰ্গমন ৰোধ কৰি পানী যোগানৰ মানদণ্ড উন্নত কৰা আৰু অপৰিশোধিত পেলনীয়া পানী পুনৰ ব্যৱহাৰযোগ্য কৰি তুলি সুৰক্ষিতভাৱে সমগ্ৰ বিশ্বত ইয়াক পুনৰ ব্যৱহাৰ কৰা।
- ক্ৰয় কৰিব পৰা, নিৰ্ভৰযোগ্য আৰু আধুনিক শক্তি সেৱাসমূহ বিশ্বায়ন ৰূপত উপলব্ধ হোৱাটো নিশ্চিত কৰা।
- সকলোৱেই সুবিধাজনক, সুৰক্ষিত গৃহ আৰু মৌলিক সেৱাসমূহ লাভ কৰাটো নিশ্চিত কৰা আৰু ইয়াৰ জৰিয়তে বস্তি অঞ্চলৰ উন্নয়ন সাধন কৰা।
এয়া অসম আৰক্ষীৰ দ্বাৰা ইয়াৰ সকলো স্তৰতে সম্পূৰ্ণৰূপে সমৰ্থিত