ৰাজ্যত ক'ভিডৰ বিৰুদ্ধে যুদ্ধত অসম আৰক্ষী সমুখ সমৰত অৱতীৰ্ণ হৈছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত সংগঠনটোৱে স্বাস্থ্য, আইন আৰু শৃংখলা (আৰক্ষী) আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত আদৰ্শনীয় বৰঙণি আগবঢ়োৱা ভাৰতৰ সমূহ ৰাজ্যৰ মহিলা ক'ভিড যোদ্ধাসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।
গোলকীয় মহামাৰীৰ সময়ছোৱাত নাগৰিকসকলৰ জীৱন সুৰক্ষিত কৰাৰ নিশ্চয়তাৰে অসম আৰক্ষী সমুখত থিয় দি আহিছে আৰু ইয়াৰ সফলতাৰ আঁৰত মহিলা আৰক্ষীৰ ভূমিকা লেখত ল'বলগীয়া। ৩১ জানুৱাৰি ২০২১ ত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা অনুষ্ঠানত অসম আৰক্ষীৰ সমূহ মহিলা ক'ভিড যোদ্ধাক ৰাষ্ট্ৰীয় মহিলা আয়োগে সম্বৰ্ধনা জনায়। ইয়াত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অমনজিৎ কৌৰে অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰে।
“COVID Women Warriors: The Real Heroes“ নামৰ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত অসমৰ মহিলা ক'ভিড যোদ্ধাসকলক একোটাকৈ স্মাৰক আৰু একোখনকৈ প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়।